নিউজিলেণ্ডক পৰাস্ত কৰি চেম্পিয়নছ ট্ৰফীৰ খিতাপ দখল ভাৰতৰ

নিউজিলেণ্ডক পৰাস্ত কৰি চেম্পিয়নছ ট্ৰফীৰ খিতাপ দখল ভাৰতৰ

ৰঙিলী বাৰ্ত্তাসেৱা- আইচিচি চেম্পিয়নছ ট্ৰফীৰ ডুবাইত অনুষ্ঠিত খিতাপ যুঁজৰ মেচখনত টীম ইণ্ডিয়াই নিউজিলেণ্ডক ৪ উইকেটত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে টীম ইণ্ডিয়াই ২০০২ চনত শ্রীলংকাৰ সৈতে যুটীয়াভাৱে চেম্পিয়ন হোৱাৰ লগতে ২০১৩ চনত প্রতিযোগিতাখনৰ খিতাপ জয় কৰিছিল। ফাইনেলত নিউজিলেণ্ডে জয়ৰ বাবে বান্ধি দিয়া ২৫২ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অধিনায়ক ৰোহিত শৰ্মাৰ দৰ্শনীয় ৭৬, শ্রেয়াছ আয়াৰৰ ৪৮, লোকেশ ৰাহুলৰ ৩৪, শুভমন গিলৰ ৩১ আৰু অক্ষৰ পেটেলৰ ২৯ ৰানৰ সহায়ত টীম ইণ্ডিয়াই ৪৯ অভাৰত ৬টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়। ৰোহিত আৰু গিলে প্রথম উইকেটত ১০৫ ৰান সংগ্ৰহ কৰি ভাৰতক প্রত্যয়জনক আৰম্ভণি দিয়ে। গিলৰ ৰূপত ভাৰতে প্রথমটো উইকেট হেৰুৱায়। গিল আউট হোৱাৰ ক্ষন্তেক পিছতে বিৰাট কোহলি (১) আৰু অধিনায়ক ৰোহিত শৰ্মাই বিদায় লোৱাত দলটো চাপত পৰে। অৱশ্যে শ্রেয়াছ আৰু অক্ষৰে চতুৰ্থ উইকেটত ৬১ ৰান সংগ্ৰহ কৰি দলৰ বিপৰ্যয় ৰোধ কৰে। কিন্তু ২০ ৰানৰ ভিতৰত শ্রেয়াছ আৰু অক্ষৰক হেৰুৱাই টীম ইণ্ডিয়াই পুনৰ চাপত পৰিছিল যদিও ৰাহুলে হার্দিক পাণ্ডিয়াৰে ষষ্ঠ উইকেটত ৩৮ ৰান সংগ্ৰহ কৰি দলৰ জয়ৰ পথ প্রশস্ত কৰে। হার্দিকে ১৮ ৰানৰ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। ইপিনে, জাদেজাই ৯ ৰান কৰি অপৰাজিত হৈ থাকে। নিউজিলেণ্ডৰ হৈ ছাণ্টনাৰ আৰু ব্ৰেছৱেল উভয়ে দুটাকৈ উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে প্ৰথমে বেটিং কৰিবলৈ আহি প্ৰাৰম্ভিক বিপৰ্যয় সত্ত্বেও ডাৰিল মিছেল আৰু মাইকেল ব্রেছৱেলৰ অর্ধশতকৰ সহায়ত নিউজিলেণ্ডে নিৰ্ধাৰিত ৫০ অভাৰত ৭টা উইকেটত ২৫১ ৰান কৰে। মিচেলে ৬৩ আৰু ব্ৰেছৱেলে ৪০টা বলত অপৰাজিতভাৱে ৫৩ ৰান কৰে। ৰাচিন ৰবীন্দ্ৰই ৩৭ আৰু গ্লেন ফিলিপছে ৩৪ ৰানৰ অৱদান আগবঢ়ায়। অ’পেনাৰ উইল ইয়ঙে ১৫ ৰান আৰু তাৰকা বেটাৰ কেন উইলিয়ামছনে মাত্র ১১ ৰান কৰি বিদায় লয়। ট’ম লাথামেও মাত্র ১৪ ৰান কৰি পেভিলিয়নমুখী হয়। টীম ইণ্ডিয়াৰ হৈ বৰুণ চক্ৰৱর্তী আৰু কুলদীপ যাদৱ উভয়ে সর্বাধিক দুটাকৈ উইকেট লাভ কৰাৰ লগতে মহম্মদ ছামী আৰু ৰবীন্দ্র জাদেজা উভয়ে এটাকৈ উইকেট লাভ কৰে। ফাইনেলত গুৰুত্বপূৰ্ণ অর্ধশতকীয় ইনিংছ খেলা টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শর্মাই শ্রেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে। ইপিনে, দুটাকৈ অনবদ্য শতকীয় ইনিংছ খেলা নিউজিলেণ্ডৰ তাৰকা বেটাৰ ৰাচিন ৰবীন্দ্ৰই প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে। উল্লেখ্য যে প্রতিযোগিতাখনৰ খিতাপ দখল কৰি টীম ইণ্ডিয়াই আইচিচিৰ নকআউট মেচত নিউজিলেণ্ডৰ হাতত পৰাজয়ৰ ব্যৱধান ২-৩লৈ হ্রাস কৰে। নিউজিলেণ্ডে ২০০০ চনত চেম্পিয়নছ ট্রফীত ফাইনেল, ২০১৯ চনৰ এদিনীয়া বিশ্বকাপৰ ছেমি আৰু ২০২৩ চনৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰতক পৰাস্ত কৰিছিল।