নিঃসহায়
ডাঃ যুতিকা ওজা
কণ্ঠ ৰুদ্ধ, মোৰ
দুখৰ উচপনিত
অসহায়! অতি অসহায়
সুগন্ধৰ মাজতো স্থবিৰতা,
অশ্রু গোট মাৰি
বুকুতে খন্দিয়াইছে
সুগন্ধৰে আমোল নোলোৱা
ফুলপাহি
কিয় জানো
অকালতে মৰহি গল
সাগৰৰ গভীৰতাৰে ভৰা উদাৰতাত্ত
এতিয়া নিস্তব্ধ
নিঃ সহায় স্মৃতি এতিয়া
শব্দৰ ধ্বংসস্তূপও