নিঃশব্দৰ কোলাহল
সুনম বিশ্বাস সাহা
তামুলপুৰ, অসম
ৰাঙলী শিৰৰ বাটটো উকা হ’বলৈ
কেৱল এটা ছেকেণ্ড সময় লাগিছিল,
কিন্তু সেই ৰাঙলী হোৱাৰ পূৰ্বৰ বাটটো মসৃণ নাছিল…
দাঁতবোৰ কামুৰি চৌপাশে নিস্তব্ধ ব্ৰত ধাৰণ কৰিছিল।
অশ্রুশিক্ত নয়নে পাৰিলেহেঁতেন
চেনাব, ঝিলামৰ বুকু উটাই নিবলৈ
কিন্তু থমকি গ’ল ক্ষন্তেক…
আকাশে শুনিছিল সেই শব্দৰ কোলাহল
কিন্তু কৰুণাৰ দৰিদ্ৰতাত ভোগা
নৰপিশাচবোৰে সেই শব্দৰ তীব্ৰতাৰ
উমান পোৱা নাছিল!
উন্মুক্ত বিহংগই চিঞৰি উঠিছিল,
ৰক্তাক্ত পৰিস্থিতিৰ একমাত্র সাক্ষী আছিল
এই জড় পদার্থবোৰ… বুকু ওফন্দাই কান্দিছিল সিহঁতে
যদিও জড়তাই সেই মমতাৰ বহিঃপ্রকাশ
হ’বলৈ নিদিলে ।
এহালৰ নৱ সপোনৰ পুলিবোৰে গজালি মেলিছিলহে
অকালতে কালৰ বুকুত জাহ গ’ল,,
বিনাদ্বিধাই আকোঁৱালি লৈছিল সেই সন্তানৰ মাতৃয়ে ,,
আৱৰণ গুচাই কৰা নৰসংহাৰক ধিক্কাৰ জনাই ।
গুৰি কটা গছৰ দৰে ঢলি পৰিছিল নিষ্প্ৰাণ দেহা
জীৱনৰ চিৰ শয্যাত ।
ৰক্তিম বৰণীয়া উজ্জ্বল আভাক
কিমান সময়লৈ কলীয়া আচ্ছাদনে ঢাকি ৰাখিব ?
শ্রেষ্ঠত্বৰ খিতাপ শিৰত ধাৰণ কৰা এচাম নৰমানৱে
স্বৰ্গৰাজ্যক যেনেকৈ নৰকলৈ পৰ্যবসিত কৰিলে ,
ইয়াত নুফুলে আৰু মোহনীয়া পাৰিজাত,
গিৰিপথৰ শান্তিৰ বতাহজাকে মন চেঁচা নকৰে
চিত্তৰ স্বাধীনতাত নিজে বাধা হৈ থাকিব বিশাল আক্ৰোশী শৃংগ
পাবনে এনেকুৱা মৰুৰাজ্যত নিষ্পাপ আত্মাই ন্যায় ?
নে এনেকৈয়ে চলি থাকিব ধৰ্মৰ নামত নৰসংহাৰ ?
জীৱনটো হাতৰ মুঠিত লৈ আৰু কিমানদিন
উশাহবোৰ গধুৰ কৰি জীয়াই থাকিব লাগিব ?