নাৱৰীয়া
মৃদুলা বৰুৱা, তেজপুৰ
মৃত্যুক হাতৰ মুঠিত লৈ
ভটিয়াই যায়,
কাঁইটীয়া পথ নেওচি
প্ৰতিটো মূহুৰ্ততে যেন
প্ৰতিযোগিতাৰ আয়োজন কৰে
মাথোঁ পেটৰ তাৰণাত।
বতাহ -ধুমুহা বুকুত সাৱটি
ৰচে ভবিষ্যতৰ সপোন,
বতাহৰ সুহুৰিত ভাঁহি আহে
জীৱনক জিনাৰ
এক দুৰ্বাৰ হেঁপাহ।
ভৰ বাৰিষাত
ওফন্দি উঠে নৈ খন,
নৈৰ দুটি পাৰ
যেন জীৱন আৰু মৃত্যু।
হতাশাৰ আৱেষ্টনীত
জীৱনে ককবকাই,
হিমালয় পৰ্বতখন
যেন বুকুত ৰয়,
তথাপিও পেটৰ ভোকে ৰিঙিয়াই,
জীৱন-মৃত্যুৰ মাজতেই
চলে জীয়াই থকাৰ সংগ্ৰাম।
বাখৰুৱা সপোনবোৰ লৈ
বʼঠা মাৰে আগুৱাই
মুখত এটি যাউতিযুগীয়া গীত
প্ৰায়ে গুণগুণাই।