নাৰ্ছসকলে প্রতিবাদ কৰি লাভ নাইঃমুখ্যমন্ত্ৰী

নাৰ্ছসকলে প্রতিবাদ কৰি লাভ নাইঃমুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- জিএমচিএইচ ত সংঘটিত নৱজাতকৰ মৃত্যুৰ ঘটনাৰ ৰাজ্যজুৰি প্ৰতিক্রিয়া অব্যাহত আছে। এনে প্রতিক্রিয়াক লৈ জিএমচিএইচৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্যৰ পদত্যাগৰ দাবী উত্থাপন হৈছিল। কিন্তু সকলো দাবী নস্যাৎ কৰি জিএমচিএইচত অধ্যক্ষ সলনি নহয় বুলি ঘোষণা কৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। নলবাৰীত সংবাদ মাধ্যমৰ আগত জিএমচিৰ ঘটনা সন্দৰ্ভত পুনৰ প্রতিক্রিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় – জিএমচিএইচখন মন্ত্রীসভা নহয়। অধ্যক্ষৰ বদলি নহয়। ইয়াক জল্পনা-কল্পনা কৰি থাকি লাভ নাই। উল্লেখ্য যে জন্মৰ তিনি দিনতে এটি শিশুৱে অকালতে মৃত্যুবৰণ কৰাক লৈ বিভিন্ন পক্ষই জিএমচিএইচৰ অধ্যক্ষৰ লগতে চিকিৎসক, নাৰ্ছৰ শাস্তিৰ দাবী উত্থাপন কৰিছিল। দেৱশিশুটিৰ চিকিৎসাত গাফিলতি কৰা এজনো সাৰি যোৱা উচিত নহয় বুলি চলি থকা চৰ্চাৰ বিপৰীতে মুখ্যমন্ত্ৰীৰ ঘোষণা কোনো কাৰণতে সলনি নহয় জিএমচিএইচৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্য। মুখ্যমন্ত্রীয়ে ইয়াকো কয়- এখন ডাঙৰ চিকিৎসালয়ত কেতিয়াবা এনেধৰণৰ ঘটনা একেবাৰে নহয় বুলি ক’ব নোৱাৰি। মানুহ মাত্রেই ভুল হয় আৰু ভুলটোক যদি আমি বহুত সময় হেঁচা মাৰি থাকোঁ, তেন্তে ভাল কাম কৰা মানুহখিনিয়েও ডিম’ৰেলাইজড হৈ যায়। সেইকাৰণে বিষয়টো ৰাজহুৱা বিতর্ক বা এটা টিআৰপিৰ পইন্ট কৰিব নালাগে। ইফালে মুখ্যমন্ত্ৰী ড০ শৰ্মাই ইয়াকো স্পষ্ট কৰে যে জিএমচিএইচত প্রয়োজনতকৈ বেছি ষ্টাফ আছে। জিএমচিএইচত মই ১২ বছৰ মন্ত্ৰী আছোঁ। মোতকৈ ভালকৈ জিএমচিএইচখন কোনেও নাজানে। ইয়াত নাৰ্ছ, ডাক্তৰ, চতুর্থ শ্ৰেণীৰ কৰ্মচাৰী, তৃতীয়বৰ্গৰ কৰ্মচাৰী বেছি আছে। ইফালে দেৱশিশুটিৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত এগৰাকী নাৰ্ছক গ্ৰেপ্তাৰ কৰাৰ বাবে নাৰ্ছসকলে কৰা প্ৰতিবাদক লৈও প্রতিক্রিয়া প্রকাশ কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- নাৰ্ছসকলে প্রতিবাদ কৰি কোনো লাভ নাই। কাৰণ মই নিজ চকুৰে দেখি আহিছোঁ যে তাৰ নেগ্লিজেঞ্চ আছেই। নাৰ্ছসকলো মাতৃ। সন্তানৰ মৃত্যুৰ বেদনা মাতৃতকৈ আন কোনে জানিব? মই যিমান বুজিম তাতকৈ নাৰ্ছ বাইদেউসকলে বেছিকৈ বুজিব। কাৰণ প্ৰত্যেকগৰাকী নাৰ্ছ বাইদেউ এগৰাকী মাতৃ হয়। গতিকে এগৰাকীয়ে অৱহেলা কৰিছে তাৰ বাবে আনসকলে কিয় আন্দোলন কৰিব লাগে? কিয়নো মাতৃৰ মমতা আটাইতকৈ ডাঙৰ, সতীৰ্থৰ বেদনা পিছত আহিব। মাতৃৰ মমতা আগত আহিব।