নাৰেঙ্গীত  তুলিকা নৃত্যাঞ্জলি কলাকেন্দ্ৰ উদ্ধোধন

নাৰেঙ্গীত  তুলিকা নৃত্যাঞ্জলি কলাকেন্দ্ৰ উদ্ধোধন

ৰঙিলী বাৰ্ত্তাসেৱা-   ৰাজ্যৰ সাংস্কৃতিক জগতৰ সৈতে দীর্ঘদিনৰ পৰা জড়িত তুলিকা ভূঞা বৰুৱাই  আগ্ৰহী শিক্ষাৰ্থী সকলৰ  অনুশীলনৰ প্ৰশিক্ষণৰ সুবিধাৰ লগতে তেওঁলোক এই ক্ষেত্ৰত একো একোজন বিশাৰদ হ’ব পাৰে তাৰ বাবে  গুৱাহাটীৰ নাৰেঙ্গী  বীৰকুছিস্থিত মাৰীয়া পাব্লিক স্কুলৰ সমীপত স্থাপন  কৰিছে ’তুলিকা নৃত্যাঞ্জলি কলাকেন্দ্ৰ’ নামৰ এটা প্ৰশিক্ষণ কেন্দ্ৰ । বিয়লি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত  বন্তি প্ৰজ্জ্বলনেৰে কেন্দ্ৰটো  উদ্ধোধন  কৰে পদ্মশ্ৰী ঘনকান্ত বায়নে। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত  পদ্মশ্ৰী ঘনকান্ত বায়নে কয়  অসমত সত্ৰীয়া নৃত্যৰ যিটো অৱস্থা হৈছে এনেকৈ থাকিলে দহ বছৰত সত্ৰীয়া নৃত্য অসমৰ পৰা নাইকীয়া হ’ব। গতিকে সত্ৰীয়া নৃত্যৰ প্ৰকৃত স্বৰূপ ধৰি ৰাখি যদি নৃত্য কেন্দ্ৰ স্থাপন কৰা হয় তেতিয়াহে সত্ৰীয়া নৃত্যই প্ৰসাৰ লাভ কৰিব বা ভৱিষ্যতে বৰ্তি থাকিব। আনহাতে তুলিকা ভূঞা বৰুৱাৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা  অনুষ্ঠানত  গুৰু গোপাল কৃষ্ণ গোস্বামী, সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ, সংগীত শিল্পী মনীষা হাজৰিকা, শান্তা উজীৰ, শিল্পী মেঘৰঞ্জনী মেধি, মঞ্জুলা হাজৰিকা, মাইনী মহন্ত , জীমনি চৌধুৰী , ৰুমী ভূঞা দত্ত ,ড° অন্মেষা মহন্ত , অনিৰ্বাণ দাস , অইলৰ মহা প্ৰৱন্ধক  অৰিন্দম বৰুৱা , ডাঃ তানিসা  বৰুৱাকে  ধৰি সাংস্কৃতিক জগতৰ লগত জড়িত কেবাজন পুৰোধা ব্যক্তি উপস্থিত থাকি ভাষণত এনেধৰণৰ নৃত্য প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা বাবে তুলিকা ভূঞা বৰুৱাৰ শলাগ লয়৷