নাৰেংগীৰ পানীখাইতিত পেলেষ্টাইন সংহতি দিৱস পালন

নাৰেংগীৰ পানীখাইতিত পেলেষ্টাইন সংহতি দিৱস পালন

ৰঙিলী বাৰ্ত্তাসেৱা-  চিপিআই (এম-এল)য়ে আজি দেশজুৰি জনোৱা পেলেষ্টাইন সংহতি দিৱসৰ অংশ হিচাপে চিপিআই (এম-এল)ৰ গুৱাহাটী মহানগৰীৰ পানীখাইতি সমিতিৰ উদ্যোগত পানীখাইতি বিহু মঞ্চ পথাৰত সংহতি দিৱস পালন কৰে । দিৱসত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰী সকলে ‘গাজা-পেলেষ্টাইনত অতি শীঘ্ৰে যুদ্ধ বিৰতি ঘোষণা কৰক’ , ‘আমেৰিকা মদতপুষ্ট ইজৰাইলী সামৰিক বাহিনীয়ে গাজাত চলোৱা গণহত্যা বন্ধ কৰক’, ‘পেলেষ্টাইনৰ স্বাধীনতাৰ পক্ষত থিয় দিয়ক, ‘ বিশ্বজুৰি গঢ়ি উঠা যুদ্ধ বিৰতি আৰু আমেৰিকা-ইজৰাইলৰ আগ্ৰাসনবিৰোধী জনমতৰ পক্ষত মোদী চৰকাৰে থিয় দিয়ক ‘ ‘মোদী চৰকাৰৰ ইজৰাইলপন্থী নীতি প্ৰত্যাহাৰ কৰক’ আদি শ্ল’গানেৰে উত্তাল কৰি তোলে। ইয়াৰ পিচত প্ৰতিবাদকাৰীসকলে পানীখাইতি চাৰিআলিলৈ সমদল উলিয়ায়। কাৰ্যসূচীত চিপিআই (এম-এল)ৰ ৰাজ্যিক সদস্য পংকজ কুমাৰ দাস, কেন্দ্ৰীয় নিয়ন্ত্ৰক আয়োগৰ সদস্য ধীৰাজ দাস, পানীখাইতি সমিতিৰ সম্পাদক মধুৰাম দাস, নিৰঞ্জন মাৰাক, মিলন মাৰাক আদি নেতৃবৃন্দই অংশগ্ৰহণ কৰে। নেতৃবৃন্দই বক্তব্যত কয় যে আমেৰিকাৰ পৃষ্ঠপোষকতাত ইজৰাইলে পেলেষ্টাইনৰ গাজাত চলোৱা আক্ৰমণে দেশখনক মানৱতাৰ বধ্যভূমিত পৰিণত কৰিছে। শিক্ষানুষ্ঠান, চিকিৎসালয়, আবাসী এলেকাত কৰা বোমাবৰ্ষণত চৰকাৰী তথ্যমতে ৪২০০ জন শিশুৰ নিহত হৈছে। এতিয়ালৈকে ১০,০০০ লোক নিহত হৈছে। সমগ্ৰ বিশ্বৰ শান্তিপ্ৰিয় স্বাধীনতাকামী জনগণে তথা দেশে যুদ্ধ বিৰতিৰ আহ্বান জনোৱা সত্বেও আমেৰিকা-ইজৰাইলে গুৰুত্ব দিয়া নাই । ভাৰতৰ মোদী চৰকাৰে ইজৰাইলৰ পক্ষত থিয় দিয়া ঘটনা ই মোদী চৰকাৰৰ যুদ্ধবাজ চৰিত্ৰক উদঙাই দিছে। বক্তাসকলে আমেৰিকাই তৎকালীনভাৱে যুদ্ধবিৰতি নিশ্চিত কৰিবলৈ আৰু ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে পেলেষ্টাইনীসকলক কৰা গণহত্যা বন্ধ কৰা, আমেৰিকাই ইজৰাইলক যোগান ধৰা আৰ্থিক সাহায্য, অস্ত্ৰ-শস্ত্ৰ যোগান আৰু পৃষ্ঠপোষকতা বন্ধ কৰিবলৈ দাবী জনায় ।