নাৰী – ৰাজলক্ষ্মী বৰঠাকুৰ

Pc Freepik

নাৰী

ৰাজলক্ষ্মী বৰঠাকুৰ
দেৰগাঁও

দুটা আখৰেৰে লিখা মাথোঁ এটি শব্দ
যাৰ মাজত লুকাই আছে অন্তহীন প্রেম প্রেৰণা, সৌন্দর্য আৰু ত্যাগ।
নাৰী ,তুমি যে বিভিন্ন নামেৰে বিভূষিতা
মাতৃ ৰূপৰে তুমি মমতা ময়ী
ভগ্নী ৰূপৰে তুমি সাহসৰ প্রতীক আৰু
পত্নী ৰূপত তুমি প্রেম আৰু প্রেৰণা দায়িনী
যত জীৱনৰ সন্ধান কৰা হয়, সম্পূর্ণতাৰে
যিগৰাকীয়ে জীৱন পৰিপূৰ্ণ কৰি তুলিব পাৰে
তেওঁৱেই নাৰী।
নাৰী, তুমি সৃষ্টিৰ আধাৰ। নাৰী তুমি মহিমা ময়ী
সেইয়ে তুমি প্রকৃতি স্বৰূপা তোমাৰ অবিহনে আধৰুৱা
এই সংসাৰ!