নাৰী সদায় অৱহেলিত কিয় – সুনম বিশ্বাস

Pc Wallpaper Flare

   নাৰী সদায় অৱহেলিত কিয়

সুনম বিশ্বাস
গোৰেশ্বৰ, তামুলপুৰ

সৃষ্টিৰ মূলতে নাৰী । যিয়ে জগতখনক সম্পূৰ্ণ ৰূপ দিয়ে । নাৰী অবিহনে পৃথিৱী অন্ধকাৰ । নাৰী অবলা নহয় । নাৰী যেনেকৈ ছাঁৰ দৰে শান্ত হ’ব পাৰে চুনামিৰ দৰে ভয়ংকৰো হ’ব পাৰে। কেৱল সৃষ্টি নহয় প্ৰয়োজনাৰ্থে সন্তক পালন কৰি দুষ্টক দমননো কৰিব পাৰে। সীতাৰ দৰে অগ্নিপৰীক্ষা দিয়া নাৰী পৰিস্থিতি অনুযায়ী মা কালীৰ ৰূপ ধাৰণ কৰিব পাৰে । নাৰীৰ প্ৰতি অত্যাচাৰে এটা যুগ ধংসস্তুপতো পৰিণত হ’ব পাৰে।

অনাদি কালৰ পৰাই নাৰী ধৰ্ষিতা, অপহৃতা, নিৰ্যাতনৰ বলি হৈ আহিছে। মহাভাৰত-ৰামায়ণৰ কালৰ পৰাই নাৰীৰ প্ৰতি কৰা অন্যায়ৰ পৰম্পৰা চলি আহিছে । মনোৰঞ্জনাৰ্থে ৰজা – মহাৰাজাসকলে নাৰীক ভোগ-বিলাসৰ বস্তুৰ দৰেই ব্যৱহাৰ কৰিছিল । সেই সময়ত নাৰীৰ আত্মসন্মান যেন বন্ধকত ৰখা হৈছিল। যিখন সমাজত নাৰীৰ তেনে দুৰৱস্থা হয় সেইখন সমাজ উন্নতিৰ শিখৰ চুব কেনেকৈ ? কোৱা বাহুল্য যে নাৰীৰ সন্মান হননৰ কাৰণতে লংকাৰ স্বৰ্ণৰাজ্য জুঁইত পুৰি চাৰখাৰ হৈছিল।

অন্যহাতে , সমাজত সততে নাৰীৰ চৰিত্ৰ , সাজ-পোছাকক লৈ প্ৰশ্ন উত্থাপন হোৱা দেখা যায় । গণতান্ত্ৰিক দেশতো পুৰুষতান্ত্ৰিক সমাজৰ দৰে নিজৰ সততাৰ প্ৰমাণ দিবলৈ নাৰী পদে-পদে কণ্টকময় পৰীক্ষাৰ সন্মুখীন হয়। আমাৰ দেশৰ তথাকথিত পণ্ডিতসকলৰ মতে নাৰী অপবিত্ৰ, চৰিত্ৰহীন কিন্তু এগৰাকী নাৰী নিজে নিজে কেনেকৈ অপবিত্ৰ বা চৰিত্ৰহীন হ’ব পাৰে ? এক হাতে তালি নাবাজে অথবা  কাৰ্যকাৰণ সূত্ৰৰ পৰা পৃথিৱীৰ কোনো বস্তুৱেই বাদ নপৰে। গতিকে , এইবিলাক মানুহৰ মুখত নাৰীৰ চৰিত্ৰৰ বিষয়ে কৰা অপালাপ শোভা নাপায়। ভদ্রতাৰ সীমা চেৰাই যোৱা মানসিকতাৰে প্ৰশ্ন কৰাৰ আগতেই এটা কথা মন কৰা উচিত যে জীৱনটো সেই নাৰী জাতিৰেই দান । এগৰাকী নাৰীয়ে দহটামাহ মৃত্যুসম যন্ত্ৰণা সহ্য কৰি ভূমিষ্ঠ কৰা পাপিষ্ঠ এচামৰ বাবেই গোটেই পুৰুষ জাতিত কলংকৰ দাগ লাগে ।

সাম্প্ৰতিক আন কিছুমানৰ মতে অমাৰ্জিত পোছাকযোৰেই হেনো নাৰীৰ ধৰ্ষণৰ মূল কাৰণ । তেনেহ’লে দ্ৰৌপদীৰ দোষ ক’ত আছিল ? দেশত প্ৰতি বছৰে প্ৰায় লক্ষাধিক শিশু ধৰ্ষণৰ বলি হয়। সেই কণ কণ দেৱশিশুৰেই বা কি অপৰাধ! তেওঁলোক কিয় পাষণ্ডৰ কামনাৰ বলি হয়? আচলতে দোষ কাৰ নাৰীৰ পোছাকত নে সিহঁতৰ ধাৰণাত ? প্ৰকৃতাৰ্থত কিছুমান লোকৰ চিন্তাধাৰাত ঘুণে ধৰিছে, দৃষ্টিভংগী যাৰ বাবে সিহঁতৰ একেবাৰে ঘৃণনীয় । দুৰ্বুদ্ধিৰে মগজুৰ ভঁৰাল মেটমৰা কৰি ৰখা সকলৰ পৰা সদায় তেনে নিকৃষ্ট মানসিকতাৰ প্ৰমাণে পোৱা যায়।

সাংসাৰিক দুখ-বেদনা সহ্য কৰি সকলোৰে দায়িত্ব লোৱা নাৰীসকলৰ কথা আমি কেতিয়াবা ভাবি চাওনে ? তেখেতসকলৰ প্ৰতি মৰমৰ নিজৰাখন ক্ষন্তেকৰ বাবে হ’লেও বোৱাই  দিওনে ? প্ৰচণ্ড ধুমুহাই কোবোৱা গছজোপাৰ জৰাজীর্ণ দেহাটোৰ যন্ত্ৰণাৰ উমান পাওনে ! যদিহে বিয়াৰ পিছত স্বামীজন মানুহ হয় তেন্তে পত্নীয়ে স্বৰ্গৰাজ্যত বিচৰণ কৰে নহ’লে নৰক যাতনা মাটিৰ দৰে সহি এটা সময়ত গুৰি কটা গছৰ দৰে ভীতিবিহ্বল হৈ ঢলি পৰে চিৰদিনৰ বাবে চিতাৰ জুইত।

গতিকে ,প্রত্যেকজন নাৰীৰ জীৱনত যিকোনো পৰিস্থিতিতে বটবৃক্ষ হৈ থাকিব পৰা একোজন লোকৰ প্ৰয়োজন হয় । নাৰীৰ মুখৰ ভাষাতকৈ চকুৰ ভাষাবোৰ বুজিব পৰাকৈ অন্ততঃ এজন লোক থাকিব লাগে, সঁচাই লাগে..! কিন্তু ব্যস্ততা ভৰা যুগটোত মনৰ সাহস, উৎসাহৰ গড় বান্ধি দিয়া এজনৰ বৰ অভাৱ… চিকাৰতো সকলোৱে কৰে, কোনোবাই যৌৱনৰ, কোনোবাই আৱেগৰ গইনা লৈ ঘৰিয়ালৰ চকু পানীৰে কোমল হিয়াখনৰ , আন কোনোবাই সুখৰ সাগৰখনেই মটৰ লগাই তৰাং কৰে …এইবোৰ ধুই-পখালি ল’ব পৰাকৈ, দুখ নামৰ অসুখটোৰ মলম হৈ নিৰাময় কৰি তোলা এজন প্ৰত্যেকৰে জীৱনত থকাটো জৰুৰী । নাকীতো গৰুকহে লগাই কিন্তু নাৰীক নহয়, সেয়ে নাৰীৰ পৰাধীনতাৰ শিকলি খুলি দি মৰম , ভালপোৱা,  সন্মানৰে স্বীকৃতি দি বুকুত টানি ল’লেই নাৰী সম্পূর্ণা।

অৱশেষত আমি ক’ব পাৰো যে যদিও আধুনিকতাৰ লগত খোজ মিলাই নাৰীসকল আগতকৈ ক্ষণিক হ’লেও আগবাঢ়ি আহি দেশৰ গৌৰৱ ধ্বজা উৰুৱাবলৈ সক্ষম হৈছে তথাপিও যেন কিছু ক্ষেত্ৰত নাৰীসক্ত পুৰুষৰ বাবেই নাৰী হৰিণাৰ মাংসৰ দৰেই নিজৰ বৈৰী হৈ পৰিছে। মানুহ যিমানেই শিক্ষিত হৈ গৈ আছে সিমানেই যেন মানৱতাৰ স্খলন হৈ গৈ আছে । কেৱল নিৰ্দ্দিষ্ট এটা দিনত মেল-মিটিঙত নাৰীৰ নিৰাপত্তাৰ ভাষণ শুৱলা কৰা দেখা যায় । তাৰ পিছতেই  মুখৰ আঁৰৰ নগ্নচৰিত্ৰ উদ্ভাসিত হৈ পৰে দেহাৰ দৰ-দাম চলা বজাৰখনত । ‘বেটী বচাও, বেটী পঢ়াও’ শ্লোগানেৰে নাৰী সুৰক্ষাৰ নামত বিভিন্ন আঁচনি গ্ৰহণ কৰিলেও সেয়া যেন সাগৰত ভূৰ চলোৱাৰ দৰে কাম। প্ৰকৃত অপৰাধীহে যেন সুৰক্ষা কবচ পৰিধান কৰি ঘূৰি ফুৰে অ’লিয়ে-গলিয়ে । অন্যহাতে বলৎকাৰ হোৱাজনৰ পৰিয়ালক দুৰ্দশাই গ্ৰাস কৰে । এইবোৰ ক্ষেত্ৰত  সমাজ তথা পৰিয়ালৰ সচেতনতা অত্যন্ত গুৰুত্বপূৰ্ণ। ন’হলে নাৰীৰ দুৰ্দশাৰ অন্ত কোনো কালেই নপৰিব। পূৰ্ণিমাৰ জোনত গ্ৰহণ লাগিয়ে থাকিব…। যেতিয়ালৈকে অকলে একান্তে গভীৰ নিশা এগৰাকী নাৰী সুৰক্ষিতভাৱে গৃহপ্ৰৱেশ কৰিব নোৱাৰিব সিমান দিনলৈ পৰাধীনতাৰ শিকলিৰে বান্ধ খাই থাকিব নাৰীৰ জীৱন।