নাৰী সদায় অৱহেলিত কিয়? – সবিতা বেগম

Pc Shutterstock
নাৰী সদায় অৱহেলিত কিয়?
সবিতা বেগম,  বৰপেটা
দুখীয়া  পিতৃৰ ৰাজপ্ৰসাদত সযত্নে  মৰমৰ স্নেহে লালিত কোনো দায়িত্ব কৰ্তব্য অভাৱ-অনাটন, ভুল-ভ্ৰান্তি, দুখ-কষ্ট স্পৰ্শ কৰিব নোৱাৰা সমাজৰ যোগ্য প্ৰতিপন্ন ৰাজকন্যাৰ বিয়াৰ পিছদিনাৰ পৰাই আৰাম্ভ হয় নতুন জীৱন । আৰাম্ভ নতুন উপন্যাস, নতুন অধ্যায় নতুন, পৃষ্ঠা নতুন পৰ্ব… ।সংসাৰখনৰ শশুৰ-শাহুয়েক , দেবৰ-ননদ…. সকলোৰে সকলো ধৰণৰ দায়িত্ব-কৰ্তব্য। তাৰ পিছত স্বামী … তাৰ কথাতো ক’বয় নালাগে কাৰণ পতি ‘পৰমেশ্বৰ’ , কথাত আছে — ‘স্বামীৰ ভৰিৰ তলত স্ত্ৰীৰ বেহেস্ত’। কোনে পায় আৰু স্বামীক। এতিয়া তুমি বুজি লোৱা কেনেকৈ সকলো চম্ভালিবা। সন্তানৰ যাবতীয় সকলো দায়িত্ব খোৱা-বোৱা, ৰন্ধা-ভৰা, কাপোৰ কানি ধোৱা, লিখা-পঢ়া, অসুস্থতাৰ পৰা আৰম্ভ কৰি ঘৰখনৰ সকলোৰে কামৰ প্ৰতিটো মূহুৰ্তত মাত দিয়াৰ আগতেই উপস্থিত থাকিব লাগিব … নহ’লে বেয়া।  তাৰ পিছত পথাৰৰ কাম, গৰু-ভেৰা-ছাগলী, হাঁহ-কুকুৰা….. সকলো দিশতে অতন্ত প্ৰহৰীৰ দৰে নিয়াৰিকৈ দায়িত্ব আৰু কৰ্তব্য পালন কৰিব লাগে। তথাপিও পদে পদে ভুল পদে পদে ইতিকিং ঠাট্টা পিছ নেৰিব  “হ্যি: এইবিলাক কাম তো আমাৰ দিনত নাছিল, এয়াতকৈ দশ গুন কাম বেছি আছিল তথাপি মুখেৰে মাত এটিও কৰিব পৰা নাই , আজিৰ যুগতনো কি কাম …. ইত্যাদি সংজ্ঞা….।” পুৱা শাশুয়েক পাচ মিনিট আগতেও যদি উঠে তেন্তে ভাগ্য জানে  কি কি যে শুনিব লগা আছে — ” বিয়া দিব লাগে দিছে, মাকে এটা কামো ভালকৈ শিকোৱাই পঠোৱা নাই , ভাগ্য মোৰ , অসহ্য….” নানা কটু বাক্য , নানা সমালোচনা…। যিমানেই ৰন্ধা ভৰা ভাল নহক কিয় ভুল থাকিবয় — “নিমখ বেছি হৈছে, জালা কম হৈছে, হালধি বেছি হৈছে…. ভাত নৰম হৈছে আজি ডাঠ হৈছে…।” ই ঘৰত যাব, সি ঘৰত যাব — বাহ্ ইটো ঘৰৰ বোৱাৰী ইমান ধুনীয়া, লিখা-পঢ়া, জ্ঞানী-গুনী, কাম-কাজত বহুত ভাল, তাৰ পিছতো বহুত গহনা, টকা-পইচা আৰু ফাৰ্নিছাৰ লৈ আহিছে….।’ আমাৰো আহিছে হ্যি: খালি হাতে ভিক্ষাৰী এজনী…। যদি স্বামীৰ ৰোজগাৰ কম থাকে তেন্তে ক’বয় নালাগে প্ৰতিটো মূহুৰ্তত অৱহেলা অপদস্থ বিয়াৰ পিছদিনাৰ পৰাই সংসাৰটোৰ যেন গ্ৰহণ মাথোঁ, গৰু- ছাগলী দূৰৰ কথা বিনা কাৰণে ক্ষুদ্ৰ মাখি এটিও যদি মৰে তথাপি আঙুলি উঠিব বোৱাৰী জনী অলক্ষনী দুৰ্কপলীয়া । যদি স্বামীৰ কিবা কাৰণে সৰু দুৰ্ঘটনা নাইবা সৰ্দি কাশী জ্বৰো হয় তেন্তে কপালত শাস্তি — “কুষ্ঠী মিলা নাই, ৰাশি মিলা নাই…. আগতে কেতিয়াও এনেকুৱা জ্বৰ হোৱা নাই… অহাৰ পৰাই ঘৰ সংসাৰ ভালদৰে চলা নাই কিবা নহয় কিবা অশান্তি, অসুবিধা লাগিয়েই আছে , কি যে হ’ল ঘৰখনত নাজানো , কাৰ যে বেয়া নজৰ পৰিল …. ।”যদি কেতিয়াবা ল’ৰায় বোৱাৰীৰ কোনো এটা কামত সহায় কৰি দিয়ে … ল’ৰা একেবাৰেই নষ্ট আৰু নিৰ্লজ্জ আৰু একেবাৰেই বেয়া, আগতে তেনে নাছিল নিশ্চয় মোৰ বাবুটোক বোৱাৰী যাদু কৰিছে আৰু যদি নিজৰ ছোৱালীক জোৱায়েকে কিবা কামত সহায় নকৰি দিয়ে কিমান যে বেয়া আৰু যদি কামত সহায়…. তেন্তে শাশুয়েকৰ আনন্দ কোনে দেখে, মোৰ জোৱায়েক বহুত ভাল….।”কেতিয়াবা গা বেয়া নাইবা অসুস্থ লাগিলেও ঘৰৰ সম্পূৰ্ণ কাম কৰিবতো লাগিবই তাৰ পিছতো এবাৰ  মূৰত হাত দূৰৰ কথা এবাৰ কাৰো সুধি চোৱাৰ সময়খিনিও নাই ….। অৰ্থাৎ সেই বোৱাৰী জনী সিহঁতৰ কিবা হ’লে দিন ৰাতি কষ্ট কৰে , ঔষধ মূখত তুলি দিয়ে, শৰীৰ মালিচ কৰি দিয়ে, গৰম পানী কৰি গা ধুই দিয়ে…. সকলো ধৰণৰ দায়িত্ব বোৱাৰী পালন কৰে তাৰ পিছতো হাঁহি হাঁহি কথা ক’ব লাগিব, কেতিয়াও মন মাৰি থাকিব নোৱাৰিব। অসুস্থ মাকৰ ঘৰতো গ’লে দুই দিনৰ বেছি থাকিলেই লেঠা ,আহিলেই মূখৰ ফালে চোৱা টান কথায় নোলাব মুখেৰে , কাম কৰাৰ পিছত হে কথা…এবাৰো নুসুধিব– “তোমাৰ মাক-দেউতাক কেনে আছে….।” ঘৰৰ পৰা কিবা খোৱা বস্তু লৈ আহিলে খোৱাতো দূৰৰ কথা চাই নেদেখিব আৰু হাজাৰ কথা ক’ব “— আনিছা, ভাল কৰিছা আনিছা আমিতো ইমান দামী বস্তু কেতিয়াও খোৱাতো দূৰৰ কথা দেখাই নাই….।” চাকৰিয়াল ঘৰৰ ছোৱালী হ’লেও শাশুয়েক মানুহৰ আগত ক’ব আমাৰ বোৱাৰীৰ চেহেৰা দেখাত ইমান কিয় ভাল হয় জানে —‘দামী দামী ফলমূল, বিস্কুট…আদি খায় ভাল নহ’ব চেহেৰা !!!  নাৰী হৈ জন্ম লোৱা সহজ কথা কিন্তু জীয়াই থকাটো বহুত টান। সচাকৈ এটা সময়ৰ শেষত মনটো বহুত প্ৰশ্ন কৰি উচুপি উঠে কিহৰ এই মেলা কি আছে নিজৰ বুলিবলৈ — ক’ৰবাত যেতিয়া যাওঁ  ক’ত যোৱা ??? — ‘দেউতাকৰ ঘৰত, আহোঁতে কোনোবাই  সুধে ক’ত যোৱা ??? শাশুয়েকৰ ঘৰত । নাৰীৰ নিজৰ বুলিবলৈ এখন নিজা ঘৰ নাই।অথচ যিটো ঘৰ নাৰী বিহনে, উঠোতে বহোতে, শুৱতে নচলে । নীৰৱে সয্যাধাৰী  হৈ চকুলো বোৰে কয় –‘ তই বোৱাৰী নহয়, তই দাসী’.. ….. কোনো দিন কোনোবাই তোৰ ইচ্ছা, আশা-আকাংক্ষা , স্বপ্ন, ভাল-বেয়া …..কিবা বুজিবলৈ নাইবা কিবা জানিবলৈ, কোনোবাই কোনো দিন চেষ্টা কৰিছে নে কোনোবাই কোনো এদিন সুধিছেনে, তোৰ কি ইচ্ছা , নাই সুধা আৰু কেতিয়াও নুসুধে কাৰণ তই দাসী তোক দাসী বুলি ভাবে বেলেগ একো নহয় , বিশ্বাস নহ’লে তই নিজেই প্ৰমাণ কৰিবি…. খোৱা লোৱা আদি কৰি সকলো ক্ষেত্ৰতে তোৰ নাম থাকিলে থাকিব পাৰে নাথাকিলে নাথাকিব পাৰে। সকলো কবৰ দি কি পালি শূন্য হাত… সকলো মিছা….. ইয়াত তই পোৱাৰ বাবে নহয়, অশ্ৰু স্নানে ত্যাগৰ বাবে মূৰ্তিয়মান এটি পুতলা মাথোঁ । আবেগ কৰি লাভ নাই এদিন চকু মুদি আঁতৰি গ’লেও মূল্য নাপাবি। এয়াই নাৰীৰ জীৱনৰ মূল মন্ত্ৰ সৰ্বস্ব দিয়াৰ পিছতো তুমিয়েই লাঞ্চিত, তুমিয়েই বঞ্চিত, তুমিয়েই ধৰ্ষিত, তুমিয়েই কলংকিত….।