নাৰী – মীৰা কোঁৱৰ

Pc Pinterest

নাৰী

মীৰা কোঁৱৰ

নাৰী হ’লো বুলিয়েই
সকলো দুখ সহিব নোৱাৰোঁ
ভগৱান বুলি পুৰুষৰ
অত্যাচাৰ সহিব নোৱাৰোঁ
পখি হৈ ডেউকা লগাই উৰিবলৈ
সপোন আছে মোৰো
নদী হৈ দুপাৰ পলসুৱা কৰাৰ
হেঁপাহ আছে মোৰো
নাৰী হৈ কিয় সাঁচি থম
মোৰ মনৰ ইচ্ছা,মনৰ হেঁপাহবোৰ
কিয় সীতা লৈ প্ৰতি ক্ষণতে
ৰামৰ অগ্নি পৰীক্ষাত অৱতীৰ্ণ হ’ম
পুৰুষৰ তুলনাত নাৰীক
শক্তিহীন, দুৰ্বল বুলি গণ্য নকৰিবা
প্ৰেমৰ মিছা হাতোঁৰাৰে
গোটেই জীৱন জুৰি
বন্দী কৰিবলৈ চলনা নকৰা,
মোৰ আছে এখনি হৃদয়
আছে মোৰো এটি অনুভৱী প্ৰাণ
জীৱনটো সঞ্জীৱ কৰিবলৈ
আমাকো লাগে পুৰুষৰ দেহৰ শক্তি
নতুনত্বৰ সন্ধান কৰিবলৈ
নালাগে মোৰ কোমল দেহত
যৌনতাৰে মুচৰিবলৈ
সংগী হোৱা তুমি মোৰ
আকাশখন চোৱা হেঁপাহ বোৰ
পুৰণ কৰা পথত।।।