নাৰী মই
অলকা বুজৰ বৰুৱা
নাৰী মই , মই মমতাৰ পৰিভাষা
সাগৰৰ অনিৰুদ্ধ গভীৰতা ময়েই
ত্যাগ আৰু সাহসৰ অদৃশ্য ফল্গুধাৰাও মই ।
সুখ-দুখৰ বাৰ্তাবাহক,বৈ ফুৰোঁ অনন্ত মমতা,
মোৰ নামেৰে উদযাপিত হয় দিৱস
কোনে কয়, মই পাতৰ তলৰ লাও?
মই জয়মতী,ঋষি পত্নী মই অৰুন্ধতী
মই গাৰ্গী,মৈত্ৰেয়ী,লোপামুদ্ৰাৰ প্ৰতিনিধি
মইয়ে মূলাগাভৰু , তৰোৱাল তুলি
বজ্ৰনিনাদেৰে শতৰুৰ হৃদয় কঁপাও
যুগে যুগে ন ন ৰূপেৰে মই নিজকে সজাওঁ
মইয়ে আই কনকলতা ধৰ্মৰ ধ্বজা উৰোৱা
সত্ৰ-সংস্কৃতিৰ মইয়ে মহীয়সী নাৰী
আই ভূৱনেশ্বৰী
ময়েই বসুন্ধৰা,হিমালয় নন্দিনী হৈমৱতী
মই নহয় দুৰ্বল তুমি ভৱাৰ দৰে,
মোৰ গৰ্ভতেই অংকুৰিত হয় নৱজীৱনৰ বীজ
তেন্তে কিয়নো লাগে মোৰ নামেৰে এটা বিশেষ দিন?
ময়েই প্ৰতিনিধিত্ব কৰোঁ আকাশ,সাগৰ কিম্বা পৃথিৱীক
প্ৰয়োজন কিয় তেন্তে বিশেষ নাৰী দিৱসৰ
মই অগ্ৰণী নাৰী আধুনিক যুগৰ।।
