নাৰী ভোগৰ সামগ্ৰী নহয়,মানুহ হিচাপে মৰ্য্যদা দিয়ক – শৈলেন কুমাৰ

Pc Wallpaper Flare

নাৰী ভোগৰ সামগ্ৰী নহয়,মানুহ হিচাপে মৰ্য্যদা দিয়ক 

 শৈলেন কুমাৰ
মিৰ্জা ( কামৰূপ )

কলকাতা আৰ জি কৰ হাস্পাতালত মহিলা চিকিৎসাক এগৰাকীক ধৰ্ষণ কৰি হত্যা আৰু অসমৰ শেহতীয়া ধিং ধৰ্ষণ কাণ্ডই ইতিমধ্যে দেশ জোকাৰি গৈছে ৷ ধৰ্ষণ কাণ্ডৰ পিছত তুমুল প্ৰতিবাদ হয়,কিন্তু তাৰে কিছুদিন পাছত আকৌ এক জঘণ্য ধৰ্ষণ কাণ্ড সংঘটিত হয় ৷ কঠোৰ আইন প্ৰণয়ন কৰাৰ পাছতও যেন অপৰাধীয়ে অপৰাধ কৰিবলৈ কাকো কেৰেপ নকৰে ৷ মূলকথা অপৰাধীৰ অপৰাধ কৰাৰ মানসিকতা ক’ত ন্যস্ত হৈ আছে ? বৰ্তমানৰ ভোগবাদী সমাজ ব্যৱস্থাত প্ৰায় সকলোৰে মানসিকতা ভোগ কৰাৰ গতিকে নাৰী ও ভোগৰ সামগ্ৰী ৷ নাৰীক আমি শৰীৰৰ দৃষ্টিভংগীৰে চিহ্নিত কৰোঁ ৷ নাৰী কেৱল শৰীৰমাত্ৰ নহয় মানুহো সেই কথা আমি পুৰুষপ্ৰধান সমাজে সহজে মানি নলওঁ৷ যাৰবাবে হত্যা,ধৰ্ষণ আদিৰ দ্বৰে বীভৎস কাণ্ড সংঘটিত হয় বাৰেবাৰে ৷ পোনপ্ৰথমে আমি আমাৰ চিন্তাধাৰা সলনি কৰিব লাগিব ৷ চৰকাৰৰ,প্ৰশাসনৰ এই ক্ষেত্ৰত যথেষ্ট কৰণীয় আছে ৷ উচিত ব্যৱস্থা আৰু সমাজত সজাগতা বৃদ্ধিৰ দ্বাৰাই অপৰাধ প্ৰৱণতা হ্ৰাস কৰিব পৰা যাৱ ৷ হত্যা ধৰ্ষণ আদি অপৰাধ দুৰ্বল মানসিকতাৰ অস্থিৰতাৰ পৰা উদ্ভৱ হয় আইনী ব্যৱস্থা কঠোৰ কৰিলেও এনে অপৰাধ হ্ৰাস কৰিব পৰা নেযাৱ যাৰ বাবে প্ৰয়োজন সামাজিক ভাৱে মানসিক দৃষ্টিভংগী শক্তিশালী কৰাৰ দৰকাৰ ৷ নাৰীৰ সন্মান মৰ্যাদা ৰক্ষা কৰিব নোৱোৰা দেশ কেতিয়াও উন্নতিৰ শীৰ্ষত বগুৱাব নোৱাৰে ৷ টকা ক্ষমতা আৰু ৰাজনীতিৰ আগত আইন মুৰ তল কৰি থাকিলে নহব,কঠোৰৰ পৰা কঠোৰতম আইন প্ৰণয়ন কৰিব লাগিব সমাজখনক মানসিক ভাৱে শক্তিশালী কৰি তুলিবলৈ ৷