নাৰী নিৰ্যাতন বন্ধ কৰোঁ আহক – পাৰ্থ প্ৰতীম গগৈ

Pc World Bank Blogs

নাৰী নিৰ্যাতন বন্ধ কৰোঁ আহক

পাৰ্থ প্ৰতীম গগৈ ,
যোৰহাট

মই বা আপুনি নিচেই সাধাৰণ মানুহ । আমাৰ কথাৰ কোনো মূল্য নাই। আপোনাৰ বা মোৰ আশীৰ্বাদৰ মূল্য আছে নে নাই তাকো আমি নাজানো তথাপি আমি ভগৱানক সেৱা কৰোঁ।

১৯৪৭ চনতে ভাৰতবৰ্ষ স্বাধীন হৈছিল কিন্তু আমাৰ মনবোৰ স্বাধীন হোৱা নাই। নাৰীবোৰ স্বাধীন হোৱা নাই। আজিৰ পৰা ১৮ মাহ আগৰ কথা, সেইটোৱে বাতৰি কাকতৰ শিৰোনামা ও দখলৰ কৰিছিল যে – ” যি সময়ত দিল্লী মহিলা আয়োগৰ অধ্যক্ষ সুৰক্ষিত নহয় , তেন্তে আমিবোৰ ক’ত সুৰক্ষিত। ” যিখন দেশত নাৰীক দেৱীৰ লগত তুলনা কৰি পূজ কৰা হয় , যিখন দেশত ১০ মাহ ১০ দিন ধৰি সন্তান ক গৰ্ভত ৰাখি এই পৃথিৱী খন দেখুৱাই তেনে পুত্ৰই আজিৰ সমাজত নিজৰ যৌনগামী ভোগ পূৰণ কৰিবৰ বাবে নাৰীক ব্যৱহাৰ কৰা দেখা যায় আৰু কেউফালে মাথোঁ শুনিবলৈ পোৱা যায় ধৰ্ষণ ধৰ্ষণ ধৰ্ষণ। কিমান দিন আৰু এনেকৈ চলিব। ২০২৪ চনত ৰাষ্ট্ৰসংঘই এখন প্ৰতিবেদন প্ৰকাশ কৰিছিল সেইখন এনেধৰণৰ –

ৰাষ্ট্ৰসংঘৰ মহিলা উন্নয়ন সংস্থা আৰু ড্ৰাগছ আৰু অপৰাধৰ কাৰ্যালয় (ইউএনঅ’ডিচি)য়ে প্ৰকাশ কৰা প্ৰতিবেদনত  নিজৰ ঘৰখনেই হৈছে মহিলাসকলৰ বাবে আটাইতকৈ বিপদজনক ঠাই। ইউএনঅ’ডিচিয়ে প্ৰকাশ কৰা  “ফেমিচাইডছ ইন ২০২৩: গ্ল’বেল এষ্টিমেটছ অৱ ইণ্টিমেট পাৰ্টনাৰ/ফেমিলি মেম্বাৰ ফেমিচাইডছ” শীৰ্ষক প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, ২০২৩ চনত নিজৰ ঘনিষ্ঠ সংগী অথবা পৰিয়ালৰ সদস্যৰ হাতত প্ৰাণ হেৰুৱাবলগীয়া হৈছে প্ৰায় ৫১,১০০ গৰাকী মহিলা আৰু যুৱতীয়ে। ২৫ নৱেম্বৰত পালন কৰা ‘মহিলাৰ বিৰুদ্ধে হিংসা নিৰ্মূলৰ আন্তঃৰাষ্ট্ৰীয় দিৱস’ উপলক্ষে প্ৰকাশ কৰা হয় এই প্ৰতিবেদন। ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন অনুসৰি, সেই বছৰ ইচ্ছাকৃতভাৱে হত্যা কৰা প্ৰায় ৮৫ হাজাৰ মহিলা আৰু ছোৱালীৰ ভিতৰত ৬০ শতাংশই হত্যাৰ বলি হৈছিল ঘনিষ্ঠ সংগী বা পৰিয়ালৰ সদস্যৰ হাতত। উল্লেখ্য যে, এই সংখ্যা ২০২২ চনত আছিল ৪৮,৮০০ গৰাকী। প্ৰতিদিনে পৰিয়ালৰ সদস্যৰ হাতত গড়ে ১৪০ গৰাকী মহিলা বা যুৱতীৰ মৃত্যু হয়, যিটো প্ৰতি ১০ মিনিটৰ মূৰে মূৰে এগৰাকী মহিলাৰ মৃত্যুৰ সমান। প্ৰতিবেদত প্ৰকাশ পোৱা অনুসৰি, বিশ্বৰ বিভিন্ন অঞ্চলত মহিলাৰ বিৰুদ্ধে সংঘটিত গাৰ্হস্থ্য হিংসাৰ পৰিসংখ্যা আতংকজনক। আফ্ৰিকাত এই সংখ্যা সৰ্বাধিক, য’ত ২১,৭০০ গৰাকী মহিলাই প্ৰাণ হেৰুৱাইছিল আত্মীয় আৰু পৰিয়ালৰ সদস্যৰ হাতত। তাৰ পিছতে এই তালিকাত আছে এছিয়া (১৮,৫০০ গৰাকী), আমেৰিকা (৮,৩০০ গৰাকী), ইউৰোপ (২,৩০০ গৰাকী) আৰু ওচেনিয়া (৩০০ গৰাকী)। আমেৰিকা আৰু ওচেনিয়াত মহিলাৰ বিৰুদ্ধে গাৰ্হস্থ্য হিংসাৰ হাৰ ক্ৰমে প্ৰতি এক লাখৰ বিপৰীতে ১.৬ আৰু ১.৫। ইয়াৰ তুলনাত এছিয়াত এই হাৰ ০.৮ আৰু ইউৰোপত ০.৬।প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে পুৰুষৰ বাবে বেছিভাগ হত্যাকাণ্ড ঘৰৰ বাহিৰত সংঘটিত হয়, আনহাতে ঘৰখনেই মহিলাৰ বাবে হৈছে আটাইতকৈ বিপজ্জনক ঠাই। মাত্ৰ ১১.৬ শতাংশ পুৰুষক পৰিয়ালৰ সদস্যই হত্যা কৰাৰ বিপৰীতে গাৰ্হস্থ্য হিংসাৰ বলি হোৱা মহিলাৰ হাৰ হৈছে ৬০.২ শতাংশ। ইউৰোপত ২০২৩ চনত হত্যাৰ বলি হোৱা ৬৪ শতাংশ আৰু আমেৰিকাত ৫৮ শতাংশ মহিলাক তেওঁলোকৰ ঘনিষ্ঠ সংগীয়েই হত্যা কৰিছিল। নাৰীৰ প্ৰতি বৈষম্যমূলক মনোভাৱ, সামাজিক নীতি আৰু পুৰুষৰ আধিপত্যৰ মানসিকতাই এই হিংসাক উৎসাহিত কৰে বুলিও প্ৰতিবেদনত আলোকপাত কৰা হৈছে। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে এনে হিংসা ৰোধৰ বাবে সামাজিক আৰু আইনী সংস্কাৰ অতি গুৰুত্বপূৰ্ণ। ৰাষ্ট্ৰসংঘৰ বাৰ্ষিক সমীক্ষাৰ জৰিয়তে ১১২খন দেশৰ সদস্য ৰাষ্ট্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে।

নাৰী হত্যাৰ মুখ্য চাৰিটা কাৰণ হ’ল :-

১) লিংগ-ভিত্তিক নিৰ্যাতন: নাৰীসকলক তেওঁলোকৰ লিংগৰ বাবেই নিৰ্যাতন আৰু হত্যা কৰা হয়।

২) ঘৰুৱা হিংসা: বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, নাৰী হত্যাৰ বহু ঘটনা তেওঁলোকৰ স্বামী বা প্ৰাক্তন সংগীৰ দ্বাৰা সংঘটিত হয়, যাৰ লগত ঘৰুৱা নিৰ্যাতন, যৌন হিংসা আৰু ভাবুকি জড়িত থাকে।

৩) যৌতুকৰ দৰে সমস্যা: যৌতুক সম্পৰ্কীয় বিবাদৰ ফলতো নাৰী হত্যাৰ ঘটনা ঘটে।

৪) অন্ধবিশ্বাস: ‘ডাইনী’ বা ‘সন্মান ৰক্ষাৰ’ নামতো নাৰী হত্যা কৰা হয়।

এটা কথা ঠিক যে অকল আইন-পুলিচে নাৰীক সুৰক্ষা দিয়াটো সম্ভৱ নহয়। ইয়াৰ বাবে প্রয়োজন আইনৰ ব্যৱহাৰিক ৰূপায়ণ আৰু ব্যাপক সামাজিক সজাগতা। বহু ক্ষেত্ৰত নাৰীসকল এই আইনগত দিশৰ বিষয়ে জ্ঞাত নহয় অথবা বদনামৰ আশংকাত এইবোৰৰ সহায় ল’বলৈ দ্বিধাবোধ কৰে। কেৱল মহিলা থানা আৰু হেল্পলাইনৰ ব্যৱস্থাই যথেষ্ট নহয়। আচল ৰূপত কর্মক্ষম হ’বলৈ হ’লে পর্যাপ্ত কৰ্মচাৰী, উপযুক্ত প্ৰচাৰ আৰু কৰ্মীসকলৰ সক্রিয় সহযোগৰো প্ৰয়োজন আছে।চৰকাৰে লোৱা বিভিন্ন ব্যৱস্থাৰ ওপৰত আস্থা বৃদ্ধিৰ বাবে লিংগ সংবেদনশীলতা, তৎকালীনভাৱে অভিযোগ নিষ্পত্তি আৰু কঠোৰ আইন প্ৰয়োগৰ ওপৰত আৰক্ষী কৰ্মীসকলক নিয়মীয়া প্রশিক্ষণ দিয়াটো অতি প্রয়োজনীয়। চৰকাৰৰ প্ৰচেষ্টা প্রশংসনীয় হ’লেও ইয়াৰ সফলতা নিশ্চিত কৰিবলৈ শিক্ষা, সমাজৰ বিভিন্ন সম্প্ৰদায়ৰ সহযোগিতা আৰু মহিলাৰ বিৰুদ্ধে হিংসাৰ মূল কাৰণসমূহৰ সৈতে মোকাবিলা কৰাৰ ইচ্ছা আৰু সাহস প্ৰদৰ্শনৰ বাবে এক ব্যাপক আয়োজনৰ প্ৰয়োজন।মহিলাসকলে সন্মুখীন হোৱা হিংসা আৰু বৈষম্যৰ অন্যতম মূল কাৰণ হ’ল সমাজৰ বিভিন্ন অংগত গভীৰভাৱে সোমাই থকা কু-সংস্কাৰ। এই কু-সংস্কাৰ নিৰাময়ৰ বাবে লিংগ সংবেদনশীলতা অতি প্রয়োজনীয়। অসমতো ভাৰতৰ বহু প্ৰান্তৰ দৰে পৰম্পৰাগত লিংগ ভূমিকা আৰু পিতৃতান্ত্রিক মনোভাৱ প্ৰায়ে শিপাই আছে। ৰাজহুৱা আৰু ব্যক্তিগত দুয়োটা ক্ষেত্ৰতে নাৰীক কৰা ব্যৱহাৰৰ ধৰণ নিৰ্ধাৰণ কৰে লিংগ সংবেদনশীলতাই। যৌন নিৰ্যাতনৰ ক্ষেত্ৰত ভুক্তভোগীক দোষাৰোপ কৰাৰ পৰা আৰম্ভ কৰি ঘৰুৱা হিংসাক তুচ্ছ জ্ঞান কৰালৈকে এই বিভিন্ন পৰিৱেশত লিংগ সংবেদনশীলতাৰ ছবিখন প্ৰকাশ পায়।উদাহৰণস্বৰূপে, মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ প্ৰাৰম্ভিক সঁহাৰিৰ ক্ষেত্ৰত আৰক্ষী বিষয়াসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু তেওঁলোকৰ মনোভাবে ভুক্তভোগীৰ অভিজ্ঞতা আৰু তেওঁৰ গোচৰৰ ফলাফলত যথেষ্ট প্রভাৱ পেলাব পাৰে। আইন প্রয়োগকাৰী আৰু অন্যান্য ৰাজহুৱা বিষয়াসকলৰ বাবে লিংগ সংবেদনশীলতা প্রশিক্ষণে মহিলাসকলক সন্মানজনকভাৱে ব্যৱহাৰ কৰাটো নিশ্চিত কৰাত সহায় কৰিব পাৰে আৰু তেওঁলোকৰ অভিযোগসমূহক গুৰুত্বসহকাৰে লোৱাটো নিশ্চিত কৰিব পাৰে।নাৰী অবিহনে এখন সমাজ তথা গোটেই পৃথিৱীখনেই অপৰিপূর্ণ। গতিকে নাৰীজনিত এই অপৰাধসমূহৰ পৰা নাৰীক সুৰক্ষা দিয়াৰ বাবে সমাজখনেই ঐক্যবদ্ধ প্রচেষ্টা হাতত ল’ব লাগে। সমাজৰ সকলো লোক বয়স, জাতি, লিংগ, ধর্ম, ভাষা নির্বিশেষে নাৰী সুৰক্ষাৰ ক্ষেত্রত সচেতন হোৱা উচিত। এনে ঘটনাৰ পৰা নাৰীক সুৰক্ষা আৰু ন্যায় প্রদান কৰিবৰ বাবে সাম্প্রদায়িকতাৰ মনোভাব বাদ দি চৰকাৰে উচিত পদক্ষেপ গ্রহণ কৰা প্রয়োজন। ক্ষিপ্র বিচাৰ প্রক্রিয়াৰ দ্বাৰা অপৰাধীক কঠোৰতম শাস্তি বিহা ব্যৱস্থাৰ জৰিয়তে এই জঘন্য অপৰাধ নিয়ন্ত্রণ হ’ব বুলি আশা কৰিব পাৰি।

নাৰী শক্তি জাগ্ৰত হৈ উঠক। নাৰী, আপোনালোক যদি জাগ্ৰত হৈ নুঠে এই জ্বলন্ত সমস্যা কিন্তু ইমান সহজে নিৰ্মূল নহয়। যিগৰাকী মাতৃয়ে ন মাহ ন দিন এটা সন্তান ক গৰ্ভত ৰাখি এই পৃথিৱী খন দেখুৱাব পাৰে তেনেক্ষেত্ৰত আপোনালোক সকলো যদি জাগ্ৰত হয় এদিন এই পিষাচ বোৰ আমাৰ সমাজৰ পৰা লুপ্ত হ’ব।

সহায় – “Sexual abuse”. 2018 American Psychological AssociationAmerican Psychological Association লগতে দুই এটা তথ্য গুগল ৰ পৰা লোৱা হৈছে।