নাৰী-নিতুমণি নাথ বৰা

Pc Unsplash

নাৰী
এবাৰ নাৰী হৈ চোৱা
বুজিব পাৰিবা জন্মদাতা আৰু
গৃহ ত্যাগৰ বেদনা,
সহ্য কৰিব পাৰিবা
সৰ্বোপৰি যন্ত্ৰনাৰ
প্ৰসৱ যন্ত্ৰনা,
এবাৰ নাৰী হৈ চোৱা
অনুভৱ কৰিব পাৰিবা
বৈধ্যৱতাৰ আৰ্তনাদ কি ?
কি দৰে দহন হয়
এগৰাকী নাৰীৰ
স্বপ্নভিলাসী মন
এবাৰ নাৰী হৈ চোৱা
উমান পাবা
কি দৰে বাৰে বাৰে
বিশ্বাসৰ দুৱাৰেদি
সোমাই বিশ্বাসহীনতাৰ
বন্ধ কোঠাত
হৃদয়ৰ দাবানল জ্বলে ।

নিতুমণি নাথ বৰা, গোলাঘাট