নাৰী দিৱস – বিউতী হাজৰিকা

Pc NDTV

নাৰী দিৱস 

বিউতী হাজৰিকা
                         কলিয়াবৰ
বিশেষ এটা তাৰিখে নাৰী দিৱস উদযাপন কৰিবলৈ আৰম্ভ কৰাৰ আগতে সদায় বাবে নাৰীক মুক্ত মনে উৰা মাৰিবলৈ দিয়ক। নাৰীক বুজক সহনশীলতাৰ প্ৰতিমূৰ্ত্তি হিচাপে স্বীকৃতি দিয়ক। এগৰাকী নাৰী কেৱল এগৰাকী মাতৃয়ে নহয় সমাজৰ ৰক্ষক। পুৰুষৰ ক্ষেত্ৰ খনলৈ বাৰু আঙুলিয়াই দিবলৈ এগৰাকী নাৰীয়ে বাৰু আন এগৰাকী নাৰীক সহায় কৰিছে নে?
যি কি নহওঁক নাৰীৰ অন্ধকাৰৰ আৰঁত কেৱল পুৰুষেই নহয়। এগৰাকী নাৰীৰ ধ্বংসৰ সিন্ধিৰ খান্দি গাঁতত পেলাই দিয়ালৈকে আন‌ এগৰাকী নাৰীয়েও কিন্তু বলিষ্ঠ ভূমিকা পালন কৰে। যেতিয়ালৈকে এগৰাকী নাৰীয়ে আন এগৰাকী নাৰীৰ সত্ত্বাক লৈ ইতিকিং কৰিবলৈ বাদ নিদি সমালোচনাৰ পাত্ৰ কৰিব। যেতিয়ালৈকে সমাজত নিৰপৰাধী এগৰাকী ধৰ্ষণ কাৰী নাবালিকাক আন নাৰীৰ সৈতে এপলক মুকলিৰ হাহিঁ মৰাত বাধা থাকিব । যেতিয়ালৈকে প্ৰত্যেক গৰাকী মাতৃয়ে নিজ সন্তানৰ নিচিনা কৈ আন এগৰাকী সন্তানক আদৰ নকৰিব তেতিয়ালৈকে নাৰী দিৱস নাৰীৰ সৱলীকৰণৰ বাবে সজাগতা সভা অনুস্থিত কৰিও ব্যৰ্থ হ’ব। গতিকে নাৰীয়ে নাৰীক সমালোচনাৰ পাত্ৰ নকৰি সমস্যাৰ সমাধান কৰিবলৈ সূত্ৰ প্ৰদান কৰক । তেতিয়াহে সমাজত বিৰুবালা ৰাভা কনকলতাৰ দৰে মহীয়সীৰ জন্ম হ’ব আকৌ এবাৰ। তেতিয়াহে নাৰীৰ সাৰ্থকতা সকলোৱে প্ৰাপ্তিৰ পতাকা উত্তোলন কৰিব।