নাৰী দিৱস এক আনুষ্ঠানিকতা মাত্ৰ নেকি?
চন্দনা পাটগিৰী
কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়,
ৰাজনীতি বিজ্ঞান বিভাগ
ৰাজনীতি বিজ্ঞান বিভাগ
” নাৰী দিৱসৰ শুভেচ্ছা”; “মাতৃ দিৱসৰ শুভেচ্ছা” -বুলি লিখিলেই নাৰীক সন্মান কৰাটো বুজাই জানো? এনেকুৱা বহু মানুহ আছে,যিয়ে বছৰৰ মূৰত মাকক ফোন এটা কৰি খবৰ লবৰ আহৰি নাই,যেন পৃথিৱীৰ সমস্ত বোজা তেওঁৰ মূৰৰ ওপৰত কোনোবাই জাপি দিছে। মুঠতে তেওঁৰ জন্মদাত্ৰি মাতৃয়ে কি খাইছে, কি পিন্ধিছে খবৰ লোৱাৰ সময় নাই। কিন্তু নাৰী দিৱসৰ দিনা ৰাতি বাৰ বজাতেই সকলোৱে দেখাকৈ “নাৰী দিৱসৰ শুভেচ্ছা” বুলি ষ্টেটাছ লগাব। লাগিলে বেলেগ কাম পাহৰি যাব কিন্তু সেয়া নাপাহৰে।বিভিন্ন জনে সামাজিক মাধ্যমত দিনে নিশাই ব্যস্ত নাৰীক স্বাধীনতা দিব লাগে অথচ পত্নীয়ে কোনো আত্ম – নিৰ্ভৰশীল হোৱাৰ পথ এটা বাচি ল’ব খুজিলেই ” তুমি অৰ্জন কৰি খুৱাব নালাগে” বুলি যে প্ৰশ্ন কৰে!! এয়াই জানো স্বাধীনতা? বৰ্তমান সময়ত এই ‘Show off’ ইমানেই বাঢ়ি গৈছে যে মানুহৰ মাজত জনপ্ৰিয় হ’বলৈ সামাজিক মাধ্যমতেই হওঁক নাইবা বিভিন্ন অনুষ্ঠানতেই হওঁক উপদেশ দিয়াত, সমালোচনা কৰাত, নাৰীক দেৱীৰ ৰূপত প্ৰতিষ্ঠা কৰাত একাংশৰ মাজত যেন প্ৰতিযোগিতা চলিছে, কিন্তু নিজৰ কৰ্মৰ প্ৰতি গুৰুত্ব দিয়াৰ সময়েই নাই। শিশু নিৰ্যাতনকে ধৰি কোনো এটা হিংসাত্মক কাৰ্য, অপৰাধ দেখিলেই এনেকৈ মানুহৰ আগত সেই বিষয়বস্তুটো দাঙি ধৰিব যেন তেখেত ভগৱানৰ আন এটা ৰূপ। বেয়া দিশবোৰ মানুহক দেখুৱাই দি তাৰ বিষয়ে মানুহক সজাগ কৰি তোলাটো ভাল কথা, কিন্তু উপদেশতকৈ আৰ্হি ভাল বুলিও এষাৰ কথা আছে।এই যে আনক দেখুওৱা মানুহ কিছুমান আছে,পাৰিলে তেঁওলোকৰ পৰা দূৰত থাকক। বহুত বেছি নাৰীক সন্মান কৰা দেখাই ফুৰা মানুহবোৰ অতি বিষাক্ত। অতি ভক্তি চোৰৰ লক্ষণ বুলি যে কথা এষাৰ আছে সেয়াই। মানুহৰ দুৰ্বলতাৰ সুযোগ লবলৈ নাপাহৰে- এই শ্ৰেণীটোৱে।