নাৰী দিৱস উপলক্ষে – মেঘালী বৰা

নাৰী দিৱস উপলক্ষে

মেঘালী বৰা,হেঙেৰাবাৰী

অসমৰ প্ৰথম গৰাকী মহিলা কেব চালক
( প্ৰিয় নাৰী ড° মন্দিৰা বৰুৱা )

যুগে যুগে নাৰীয়ে নিজৰ গুণ -গৰিমা , পতিব্ৰতা,ধৈৰ্য, একাগ্ৰতা, আদি গুণৰে নিজক প্ৰতিষ্ঠা কৰি আহিছে । তেনে এগৰাকী পতিব্ৰতা নাৰী হ’ল ড° মন্দিৰা বৰুৱা বাইদেউ । আমাৰ সমাজৰ মহিলাসকলৰ বাবে সাহস আৰু প্ৰেৰণাৰ প্ৰতীক হৈছে প্ৰিয় নাৰী ড° মন্দিৰা বৰুৱা । নামেই যাৰ পৰিচয় প্ৰিয় নাৰী । নাৰীৰ ত্যাগ আৰু সংগ্ৰামৰ জীৱন্ত দলিল তেওঁ । বাইদেৱে তেওঁৰ নামৰ আগত ড° মন্দিৰা বৰুৱা লিখাতকৈ প্ৰিয় নাৰী মন্দিৰা বৰুৱা বুলি লিখিলেহে বা ক’লেহে বেছি ভাল পায় । এই কথা সকলো অনুষ্ঠানতে তেওঁ ক’বলৈ কুণ্ঠাবোধ নকৰে । বাইদেৱে অহৰহ নিৰন্তৰ বিশ বছৰে সমাজৰ উন্নতিৰ হকে কাম কৰা বাবে International Peace University,Germany – ৰ পৰা ২০২০ চনত তেখেতে MSW(Master’s of Social worker ) সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰি আমাৰ প্ৰিয় নাৰী ড° মন্দিৰা বৰুৱা হিচাপে পৰিচিত হয় । সৃষ্টিশীল সৌন্দৰ্যময় জীৱনৰ সন্ধান কৰাই হৈছে মানৱ জীৱনৰ মূল লক্ষ্য । সমাজত এনে কিছুমান নাৰী আছে যি নিজৰ ধৈৰ্য, সাহস , কৰ্ম আৰু অনেক সংগ্ৰামৰ মাজেৰে আহি নিজকে প্ৰতিষ্ঠিত কৰিছে । মন্দিৰা বাইদেউও তাৰ ব্যতিক্ৰম নহয় । নিজৰ কষ্ট, ত্যাগ , কঠোৰ পৰিশ্ৰমৰ মাজেৰে আহি বৰ্তমান অৱস্থা পাইছেহি । বাইদেউক জানিবলৈ হ’লে বাইদেউৰ বিয়াৰ সময়লৈ উভতি যাব লাগিব ।

বাইদেউ বিয়া হৈছিল এজন অভিযন্তাৰ লগত । জন্মগত ভাবে তেওঁৰ স্বামীৰ হাৰ্টটো সৰু আছিল । বিয়াৰ পাছত এই কথা জানিব পাৰি তেওঁক বিষাদে আৱৰি ধৰিছিল আৰু চিকিৎসকে জনাইছিল তেখেতৰ হাৰ্ট ট্ৰেন্ছপ্লাণ্ট কৰিব লাগিব । তেওঁ মাত্ৰ পোন্ধৰ দিনৰ অতিথি আৰু চিকিৎসাৰ বাবে পোন্ধৰ লাখ টকাৰ প্ৰয়োজন হ’ব । বাইদেউৰ উপায় নাইকিয়া অৱস্থা । পিতৃ আৰু স্বামী দুয়োখন ঘৰৰ পৰা গোটালেও সিমান টকা যোগাৰ কৰা সম্ভৱ নহয় । স্বামীয়ে আৰু পৰিয়ালৰ সকলৱে বাইদেউৰ মুখলৈ চাই, কি কৰিব পৰা যায় । মৰমৰ স্বামীয়ে পত্নীৰ মুখলৈ চাই অনুভৱ কৰে ৰীজুৱে নিশ্চয় কিবা এটা কৰিব পাৰিব । মন্দিৰা বাইদেউক স্বামীয়ে ৰীজু বুলি মাতিছিল । স্বামীৰ সেই চাৱনীত যেন মন্দিৰা বাইদেউৱে সংগ্ৰাম কৰিবলৈ দৃঢ় সংকল্প ল’লে । তেওঁ বুজি উঠিল স্বামীক সুস্থ কৰিবলৈ হ’লে সংগ্ৰাম কৰিবই লাগিব । জীৱন মানেই সংগ্ৰাম । সংগ্ৰামৰ অবিহনে জীৱনেই হ’ব নোৱাৰে । বাইদেৱে পিছ দিনাই ডাউন টাউন হস্পিটেলত এটা চাকৰি বিচাৰি আবেদন কৰিলে । তেওঁৰ অৰ্হতা বিচাৰোঁতে তেওঁ যথাযথ উত্তৰ দিলে তেওঁ ভালকৈ ইংৰাজী নেজানে । নাই কোনো কম্পিউটাৰৰ শিক্ষা । স্বামীৰ পৰিচয় বিচৰাত অভিযন্তা বুলি কোৱাত বহুতে ঠাট্টা মস্কৰা কৰাত তেওঁ সবিনয়ে জনালে যে অসুস্থ স্বামীক সুস্থ কৰা আৰু ঘৰখনৰ আৰ্থিক অৱস্থা টনকিয়াল কৰিবলৈ তেওঁক এটা চাকৰিৰ বৰ প্ৰয়োজন । তেওঁৰ কাতৰ অনুৰোধত বিভাগীয় কতৃপক্ষই কোনো নাৰ্ছিং প্ৰশিক্ষণ নোলোৱাকৈ ডাউন টাউন হস্পিটেলত কাৰ্ডিঅ’লজিষ্ট বিভাগত এগৰাকী সাধাৰণ সহায়িকা হিচাপে নিযুক্তি দিয়ে । তেওঁ সেই বিভাগতে চাকৰি দিবলৈ জোৰ কৰে আৰু কথা দিয়ে তেওঁ নাৰ্ছিং সম্পৰ্কীয় শিকিবলগীয়া সকলো শিকিব পাৰিব । তেওঁ কম দিনৰ ভিতৰতে চিকিৎসা যন্ত্ৰৰ সকলো খুটি-নাটি শিকি স্বামীৰ পালছ্ চেক কৰা, ইচিজি কৰা, ইক’ কৰা , হ’ল্টাৰ লগোৱা আদি কাম সমূহ আয়ত্ত্ব কৰি স্নেহ ময়ী পত্নীয়ে নাৰ্ছৰ সলনি নিজেই সকলো কাম কৰিবলৈ ল’লে । স্বামীক কেতিয়াবা দিনটোত দুবাৰ বা প্ৰতিদিনে চিকিৎসালয়লৈ গাড়ী ভাৰা কৰি আনিবলৈ যথেষ্ট টকা -পইচাৰ প্ৰয়োজন হোৱাত এখন পুৰণি গাড়ী কিনি ল’লে । নিজেও গাড়ী চলাবলৈ শিকি ল’লে । দিনত চাকৰি কৰে ৰাতি হ’লে গাড়ী চলায় । এই দূৰান্ত সাহসী মহিলা গৰাকীয়ে ৰাতি বিমান বন্দৰ পৰ্যন্ত গাড়ী চলাই উপাৰ্জনৰ পথ মুকলি কৰিছিল আজিৰ পৰা প্ৰায়v ৩০ বছৰৰ আগতেই ,ভাবিলে আচৰিত লাগে বাইদেউৰ সাহস দেখি । মন্দিৰা বাইদেউৱেই হৈছে অসমৰ প্ৰথম মহিলা কেব চালক । যি সময়ত মহিলাই ৰাতিৰ আন্ধাৰত মুকলিলৈ ওলাবলৈ ভয় কৰিছিল সেই সময়ত বাইদেউৱে কেব চলাই টকা উপাৰ্জন কৰিছিল । সেই সময়তে বাইদেউৱে নলবাৰীৰ একেটা পৰিয়ালৰ পাঁচজন ল’ৰাক দ্ৰাইভিং প্ৰশিক্ষণ দি ল’লে লগতে এটা ট্ৰেভেল এজেঞ্চীও খুলি দিছিল । এতিয়া পাঁচোজন ভাই -ককাই সফল ব্যৱসায়ী । সম্পূৰ্ণ ১৮ বছৰ তেওঁ স্বামীৰ চিকিৎসা আগবঢ়াইছে এগৰাকী পত্নী, এগৰাকী ধাত্ৰী, এগৰাকী সুযোগ্য বোৱাৰী হিচাপে । চিকিৎসাধীন সময়তে স্বামীৰ পেৰেলাইচিছ হ’বলৈ ধৰিলে । তেওঁ অকলে স্বামীক উঠোৱা -বঢ়োৱা গা-ধোৱাত অসুবিধা হ’লত গাঁৱৰ পৰা এগৰাকী ছোৱালী আনি বিনামূলীয়াকৈ নাৰ্ছৰ প্ৰশিক্ষণ দি তেওঁ ঘৰত নথকা সময়ত ছোৱালীজনীক চোৱা -চিতাৰ দায়িত্ব দিয়ে। এইদৰে স্বামীৰ শ্ৰূষশা কৰি যায় । গাঁৱৰ দুখীয়া ছোৱালী-মহিলা আনি ‘মন্দিৰা ছলিউছন ‘ নাম দি বিনামূলীয়াকৈ নাৰ্ছিং প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰে । ইয়াত প্ৰশিক্ষণ লোৱা প্ৰায় চাৰি শতাধিক নাৰ্ছে বিভিন্ন চিকিৎসালয়ত বৰ্তমান নাৰ্ছিং সেৱা আগবঢ়ায় আছে ।

মাত্ৰ ১৫ দিনৰ আলহীজনক বাইদেউৱে ১৮ বছৰ সেৱা আগবঢ়ায় ।সৱল সাহসী মনৰ মন্দিৰা বাইদেউৱে চিন্তা কৰিলে যে ১৮ বছৰ এজন ৰোগীক অকল মেডিচিনে ভাল কৰিব নোৱাৰে । ৰোগীক মানসিক শান্তিও দিব লাগিব । তাৰবাবে তেওঁ হাঁহ -পাৰ , ছাগলী ,গৰু পুহিবলৈ ধৰিলে । উৰি যোৱা জাক জাক পাৰ দেখি স্মামীয়ে মানসিক শান্তি পোৱা হ’ল । পোহনীয়া হাঁহ -পাৰ , গৰু- ছাগলীৰ গাখীৰ বেছি নিজেও আৰ্থিক স্বচ্ছল হ’ল আৰু পৰিয়ালৰ আৰ্থিক অনাটন কিছু পৰিমাণে দূৰ হ’ল । হৃদৰোগত আক্ৰান্ত স্বামীক লগত লৈ গুৱাহাটীৰ ভাড়াঘৰত অন্য এক জীৱন আৰম্ভ কৰে । ২০০২ চনত বাইদেউৱে গঢ় দিয়ে সাতসৰীৰ সামাজিক আৰু সাংস্কৃতিক উন্নয়ন সন্থা । এই সন্থাৰ প্ৰতিস্থাপক সভানেত্ৰী আৰু পৰিচালিকা ড°মন্দিৰা বৰুৱা বাইদেউ । তেখেতৰ লগত সহযোগ কৰিলে অলেখ শিল্পী আৰু শুভাকাংক্ষী সকলে । বাইদেউৰ আদৰ্শ আৰু পৰিকল্পনা , পৰিচালনা,সৱল সাংগঠনিক ভূমিকাই আমাৰ অসমীয়াৰ বাপতি সাহোন বিহুটিয়ে বাইদেউৰ লগতে সমগ্ৰ অসমীয়াৰ বাবে মান -সন্মান আৰু গৌৰৱেৰে কঢ়িয়াই আনিলে বিশ্ব ৰেকৰ্ড । যদিও মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ৰেকৰ্ড ভংগ কৰি বিশ্ব অভিলেখ সৃষ্টি কৰিলে তাৰ আগতে ড° মন্দিৰা বৰুৱা বাইদেউ ইয়াৰ পথ প্ৰদৰ্শক বুলি আমি স্বীকাৰ কৰিবই লাগিব । ২০১৯ চনৰ ৩১ মাৰ্চ তাৰিখে আমাৰ অসমীয়া জাতীয় উৎসৱ বিহুক গুৱাহাটীৰ সোণাৰাম ক্ষেত্ৰত ৮৩৭ গৰাকী নাচনী,২৬০ জন ঢুলীয়া দুশ জন পেঁপাবাদকৰ সৈতে বড়ো, মিছিং, কছাৰী,পাহাৰ-ভৈয়াম, উজনি -নামনি সকলো একত্ৰিত হৈ মহাজাতি অসমীয়াৰ পৰিচয় বিহু সংস্কৃতিৰে বিশ্ব অভিলেখ গঢ়াৰ এক প্ৰস্তুতি চলায়। ঢোল-পেঁপাৰ গগনাৰ ৰজনজনিত সোনাৰাম ক্ষেত্ৰৰ এক নান্দনিক দৃশ্যই বিশ্ববাসীক খলকনিৰ সৃষ্টি কৰে । তেতিয়াই যেন বাইদেউৰ জীৱনৰ দুখৰ পৰিসমাপ্তি ঘটে আৰু বাইদেউ জীৱনলৈ সোণালী অধ্যায়ে পাখি মেলে । সাতসৰী অনুষ্ঠানটোত বাইদেউৰ লগতে হাজাৰ হাজাৰ মহিলা জৰিত হৈ আছে । বাইদেউৰ অধীনত গঢ় লৈ উঠিছে বহুত আত্মসহায়ক গোট । এই গোট সমূহে মহিলাসকলক আত্মনিৰ্ভৰশীল হ’বলৈ বাট দেখুৱাইছে । মহিলা সৱলীকৰণৰ বাবে বাইদেউৱে অহৰহ চেষ্টা চলাই আছে । বাইদেউৱে কৰা নাই কি ? ইটোৰ পিছত সিটো কাম নিজেও কৰিছে আনক কৰিবলৈ উৎসাহ যোগায় আহিছে ।

গুৱাহাটীৰ বশিষ্ঠৰ ৰিভাৰ ৰিচাৰ্ছ ক’লনীৰ কোৱাৰ্টাৰত হাঁহ -পাৰ গৰু- ছাগলী পোহাৰ উপৰি চাৰিওফালৰ পৰিবেশ সুস্থ সুন্দৰ কৰিবলৈ দিনটো চাকৰি কৰাৰ অন্তত সন্ধিয়া হাতত দীঘল দা এখন লৈ হাবি জংঘল কাটি প্ৰায় ২০ বিঘা চৰকাৰী মাটি পৰিস্কাৰ কৰি সুন্দৰ পৰিবেশ গঢ়ি তোলা বাবে সেই সময়ৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ২০ হাজাৰ টকা মন্দিৰা বৰুৱাক উপহাৰ দিয়ে । বাইদেউৱে সেই টকাৰে শাক পাচলিৰ খেতি কৰে । বিলাহী, জিকা আদিৰ খেতি কৰি সমাজলৈ এক প্ৰচুৰ সম্ভাবনা কঢ়িয়াই আনিলে । ইচ্ছা কৰা হ’লে বাইদেউৱে সেই টকা লাহ-বিলাহত খৰছ কৰিব পাৰিলেহেঁতেন কিন্তু তাকে নকৰি টকাখিনি কৃষিত লগাই কেনেকৈ স্বাৱলম্বী হ’ব পাৰি তাৰ পথ দেখুৱায় দিলে । গাঁৱৰ জাক জাক মহিলাক আত্ম সহায়ক গোটত সুমুৱাই পিঠা -লাড়ু, বোৱা-কটা আদিৰ শিক্ষা দি তেওঁলোকৰ উৎপাদিত জা-জলপান , কাপোৰ আদি বিক্ৰী কৰিবলৈ নিজেই গুৱাহাটীৰ গণেশগুৰিৰ গণেশ উদ্যানত প্ৰথম বছৰ মহিলা সকলৰ লগত ওলাই আহে । আত্মসহায়ক গোটৰ কৰ্মীসকল যথেষ্ট লাভৱান হয় । বাইদেৱে নিজে কোৱা মতে বৰ্তমান বহুত আত্মসহায়ক গোটে লাড়ু-পিঠা কাপোৰ আদি বৈ জীৱন নিৰ্বাহ কৰি আছে । বৰ্তমান ৮৩৭ টা আত্মসহায়ক গোট আছে ।

ড° মন্দিৰা বৰুৱাই হেৰাই যাবলৈ ধৰা অসমৰ লোক সংস্কৃতি বিয়ানাম, বিহুনাম, দিহানাম এই লোকাচাৰ আৰু পৰম্পৰা বিলাক সমাজলৈ আকৌ উলিয়ায় আনিছে । নাৰীসকলক আমাৰ অসমীয়া সাংস্কৃতিক ,সাজপাৰ ,বিয়ানাম, বিহু নাম,দিহানাম আদি অনুষ্ঠিত কৰি প্ৰতিভা বিকাশৰ নতুন নতুন সমন্বয় মঞ্চ উপহাৰ দিছে । ড°মন্দিৰা বৰুৱাই অসমীয়া সমাজলৈ কেইবাখনো গ্ৰন্থ লিখি উপহাৰ দিছে । তেখেতৰ সৃষ্টি বিলাক হৈছে – আখ্যান আৰু দৰ্শন , কলমে পৰশা সিঁচৰিত ভাৱনা, অসমীয়া বিবাহ পদ্ধতি আৰু অন্যান্য পদ্ধতি (ইংৰাজীৰ বাহিৰেও বিভিন্ন ভাষালৈ অনুবাদ হৈছে ) , বিয়ানাম অমিয়া , অসমীয়া খাদ্যৰ জুতিত ঔষধি গুণ , থলুৱা বনদৰৱেৰে ঘৰুৱা চিকিৎসা’ Asomiya Bibah Podhhoti’ ,’ বিহুনাম বিনন্দীয়া’ আদি । বিহুনাম বিনন্দীয়া গ্ৰন্থ খনত এশবছৰীয়া পুৰনি বিহুনাম সমূহ সংগ্ৰহ কৰা আছে । ইয়াৰ উপৰি কেইবাজনো লেখকে তেখেতৰ জীৱনৰ ওপৰত গল্প , নাটক তথ্য চিত্ৰ আদি লিখিছে । বিনোদ ভাগৱতীয়ে লিখিছে নাটক- মই মন্দিৰাই কৈছোঁ, দীপজ্যোতি শইকিয়াৰ তথ্য চিত্ৰ, মৰম কুমাৰৰ বিউটিফুল ট্ৰেজেদি,অলকা বুজৰ বৰুৱা যুগান্ত দাসৰ বেণীগাঁঠা ছোৱালীজনী, অম্লান শইকিয়াৰ প্ৰিয় নাৰী বেঙ্গলীত Saga of an Indian Woman ইত্যাদি ।

সাহসী যুঁজাৰু মহিলা ড° মন্দিৰা বৰুৱাই ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বহু কেইটা সন্মান আৰু স্বীকৃতি লাভ কৰিছে । ২০১৯ চনত ড° বি আৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় সন্মান পদক, বিষ্ণু -জ্যোতি সমন্বয় বঁটা, ২০২০ চনত আন্তৰাষ্ট্ৰীয় কৰ্মযোগী বঁটা,২০২১ চনৰ ৩১ মাৰ্চত সোণাৰাম খেলপথাৰত ব্যতিক্ৰমী বিহু অনুষ্ঠান পৰিবেশনেৰে ইণ্ডিয়াজ ওৱৰ্ল্ড ৰেকৰ্ড, হাতীগড় সন্মিলিত যুৱ মঞ্চই প্ৰদান কৰা হাতীগড় গৌৰৱ বঁটা – ২০২১, ২০২২ চনত মৰমলেণ্ড ৱেলফেয়াৰ ছ’চাইটিৰ পৰা প্ৰিয় নাৰী ড° মন্দিৰা বৰুৱা উপাধি লাভ, ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশ মহিলা মৰ্চাই প্ৰদান কৰা অটল এৱাৰ্ড আদিয়ে বাইদেউৰ জীৱন ধন্য কৰে । ড° মন্দিৰা বৰুৱাই অসমীয়া খাদ্য সংস্কৃতি, অসমৰ বন দৰৱ,বনৌষধৰ গুৰুত্ব ,থলুৱা লোক সংস্কৃতি আদি ভিন্ন বিষয়ৰ লগত গৱেষণাধৰ্মী পৰ্যালোচনাৰে অসমৰ বিভিন্ন ঠাইত কৰ্মশালা অনুষ্ঠিত কৰি গণসচেতনতা সৃষ্টিত অৰিহণা যোগাই আহিছে । শেহতীয়াকৈ ২০২৫ চনত প্ৰিয় নাৰী ড° মন্দিৰা বৰুৱাক বীণা মেধিৰ স্মৃতিত সমাজসেৱক বঁটা প্ৰদান কৰা হয় ।

বাইদেউৰ মতে ‘জীৱন মানে জীৱনেই , জীৱনে মৰণক টানে আৰু মৰণে জীৱনক টানে আৰু যিটোৱে দুয়োটাই টানে সেয়াই জীৱন ‘ । দীঘলীয়া সংগ্ৰামৰ পিছত বাইদেউ জয়ী হৈছে । ভাগি ভাগি উঠিছে কেতিয়াও হাৰ মনা নাই । বাইদেউৱে দৃঢ়তাৰে কয় যে ধৈৰ্য সাহস,কৰ্ম আৰু যিকোনো পৰিস্থিতিৰ লগত নিৰন্তৰ লাগি থাকিলে এদিন সফল হ’বই হ’ব ।

অসমৰ প্ৰথম গৰাকী মহিলা কেব চালক, অসমৰ বিবাহ পদ্ধতি খিনি ইংৰাজীত লিখি বিদেশলৈ পঠোৱা গৰাকীয়েই হৈছে মন্দিৰা বৰুৱা বাইদেউ। । সু-লেখিকা , আদৰ্শ সমাজ সেৱিকা, এগৰাকী স্নেহময়ী সচেতন মাতৃ,পতিব্ৰতা পত্নী, ধৈৰ্যশীলা ধাত্ৰী ড° মন্দিৰা বৰুৱা হৈছে সকলোৰে বাবে প্ৰেৰণাৰ উৎস । এই মহীয়সী মহিলা গৰাকী দীন-দুখীয়াৰ প্ৰাণ । নিয়তীক প্ৰত্যাহ্বান জনাই নিজৰ ভাগ্য নিজেই সৃষ্টি কৰা এগৰাকী দূৰ্দান্ত সাহসী মহিলা । তেওঁৰ জীৱন যাত্ৰা সুন্দৰৰ পৰা সুন্দৰ হওক ,সকলোৰে বাবে প্ৰিয় নাৰী গৰাকী প্ৰিয় হৈ থাকক ইয়াকে কামনা কৰিলোঁ ।