” নাৰী দিৱসতে গৰাকী নাৰীৰ সন্মান” নে !
নমিতা দাস,শুৱালকুছি
“আগতে মই ভয় খাইছিলোঁ যে মানুহে মোক ক’ত বুলি ভাৱিব , “তেওঁ নিজৰ কথা কিয় কয় ,? কিন্তু এতিয়া মোৰ সাহস হৈছে ক’বলৈ, – এইটো মই” “অপ্ৰাহ ৱিনফ্ৰীৰ” এই উদ্ধৃতিটোৱে মহিলা সকলৰ জীৱনৰ সপোন দেখা আৰু মৌলিক অধিকাৰ বোৰ প্ৰতিফলিত কৰা অগ্ৰণী ভূমিকা গ্ৰহণ কৰে । ভাৰতীয় সংবিধানত যদিও নাৰী সকলক সম মৰ্যদা দিয়া হৈছে সামাজিক ভাবে এতিয়াও নাৰী সকলক লৈ চিন্তা চৰ্চা বহু নিম্ন গামি হৈয়ে আছে ।
৮ মাৰ্চ সমগ্ৰ দেশতে নাৰী দিৱস হিচাপে পালন কৰা হয়। নাৰী সকলৰ সন্মানক বা সামাজিক ৰাজনৈতিক মৰ্য্যদাৰ বাবে এই দিৱস পালন কৰি অহা হৈছে কথা হ’ল বছৰৰ মুৰত এদিন নাৰী সকলক সন্মান কৰা বা নাৰী দিৱস পালন কৰিলেই সমস্ত নাৰীক সমমৰ্য্যদা দিয়া বা সন্মান কৰা নুবুজাই এতিয়াও বহু নাৰী ধৰ্ষিতা, লাঞ্চিতা , অবহেলীতা, নাৰী ভ্ৰুণ হত্যা কৰাকে ধৰি পদে পদে নাৰী অ-সুৰক্ষিত হৈ আহিছে । বৰ্তমান যদিও আমি মুখেৰে নাৰী-পুৰুষৰ সম অধিকাৰৰ কথা কৈ আহিছো কাৰ্যক্ষেত্ৰত এতিয়াও নাৰী-পুৰুষক সম অধিকাৰ দিয়া হোৱা নাই । সাধাৰণ ভাবে চাবলৈ গ’লে সকলোৱে নহয় বেছি ভাগ ঘৰতে লৰা-ছোৱালী দুজনৰ মাজত লৰাটোক সকলো ক্ষেত্ৰতে বেছিকৈ অগ্ৰাধিকাৰ দিয়া পৰিলক্ষিত হয়।ছোৱালী গৰাকীয়ে নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ বহু কষ্ট স্বিকাৰ কৰাৰ লগতে পৰিয়ালৰ ওচৰতো যুগ্যতাৰ প্ৰমাণ দিব লগিয়া হয়।
নাৰী পুৰুষ এটা মুদ্ৰাৰ ইপিঠি- সিপিঠি ।পৃথিৱী বৰ্তী থাকিবলৈ হ’লে পুৰুষ আৰু নাৰীৰ সমানে প্ৰয়োজনীতা আমি নুই কৰিব নোৱাৰো । সৃষ্টিশিল সমাজ খনত নাৰী গৰাকীৰ ভূমিকা যথেষ্ঠ । এগৰাকী নাৰী হৈছে ঘৰ খনৰ দাপোন স্বৰূপ । গছপুলি এটা যেনেকৈ লালন পালন কৰাৰ পিছত বৃদ্ধি হ’লে ফলে-ফুলে জাতিষ্কাৰ হৈ পৰে তেনেকৈ এগৰাকী মাতৃৰ লালন পালনে এটি সন্তান সঠিক ৰূপে শাৰীৰিক, মানসিক আৰু সামাজিক ভবিষ্যত সু নাগৰিক হিচাপে গঢ় দিয়াত নাৰী এগৰাকীৰ অতুলনীয় ভুমিকা আছে । এগৰাকী মাতৃয়ে বহু দুখ কষ্ট সহ্য কৰাৰ লগতে এটা সন্তানক লালন পালন কৰিবলৈ জীৱনৰ কিছুমান অমুল্য সিদ্ধান্ত সলনী কৰি ত্যাগ স্বিকাৰ কৰি এটি সন্তানক ডাঙৰ কৰে । তাৰ পিছতো তেওঁ কিছু কিছু সময়ত নিজ ঘৰ খনৰ বাবে মুল্য হীন হৈ পৰাৰ সময় খিনি এগৰাকী নাৰীৰ বাবে মানসিক শাস্তি বুলিয়ে ধৰি ল’ব পাৰি ।
এগৰাকী নাৰী শাৰীৰিক আৰু মানসীক ভাবে সবল হ’বলৈ মাতৃ গৰাকীৰ ভুমিকা উল্লেখনীয় । নাৰী সকলক নিজৰ সুৰক্ষাৰ লগতে স্বাবলম্বী কৰি গঢ়িবলৈ অৰ্থৰ প্ৰয়োজন সাধাৰণতে আমাৰ নাৰী সকলক সৰুৰে পৰা ঘৰৰ কাম বন শিকোৱাত বেছি গুৰুত্ব দিয়া হয় যদিও তাৰ মাজতে বৰ্তমান সময়ত সেই মানসিকতাৰ সলনি হোৱা দেখা যায় ।অতিজৰে পৰা বহুতো নাৰীয়ে নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে তাৰ ভিতৰত ৰাণী লক্ষ্মীবাঈ , ৰেজিয়া চুলতান , কস্তোৰবা গান্ধী, সাবিত্ৰী বাই , সৰোজনী নাইডু , ইন্দিৰা গান্ধীকে ধৰি ভাৰতৰে বংশোদ্ভৱ প্ৰথম গৰাকী মহিলা কল্পনা চাউলা আৰু সুনিতা উইলিয়ামে চন্দ্ৰত অবতাৰণ কৰি নাৰী শক্তিৰ পৰিচয় দিয়ে । সেইদৰে অসমতো জয়মতী কোঁৱৰী, কনকলতা, চন্দ্ৰপ্ৰভা শইকীয়া, হীমা দাস লাভলীনা আদিৰ দৰে নাৰী সকলে নাৰীৰ স্থান উৰ্ধমুখী কৰি নাৰীৰ মৰ্যদা বৃদ্ধি কৰে যদিও আমাৰ সমাজত এতিয়াও নাৰী আৰু পুৰুষ ৰ মাজত ব্যৱধান দেখিবলৈ পোৱা যায় ।বৰ্তমান সময়ত পৈত্ৰিক সম্পত্তিৰ ভাগ যদিও পুৰুষ মহিলা সমানে অংশীদাৰী বুলি আইন ব্যৱস্থা কৰিলেও ঘৰৰ ছোৱালী জনীৰ নামত সা – সম্পত্তি দিয়া নহয় বা পৈত্ৰিক সম্পত্তি পৰম্পৰাগত ভাবে পুৰুষ সন্তান সকলে গ্ৰহণ কৰাত নাৰী সকলৰ স্বাবলম্বী কৰণত নিজে উপাৰ্জন কৰিবলৈ যঠেষ্ট কষ্ট সহ্য কৰিব লগিয়া হৈছে ।সামাজৰ কিছুমান প্ৰচলিত মানসিকতাৰ বাবে উদ্যোগ আৰু সংসাৰ একেলগে চলাবলৈ মহিলা সকলে যঠেষ্ট কষ্ট কৰিব লগীয়া হয় । মহিলা সকলে নেত্ৰিত্ব লৈ উদ্যেগী কৰণেৰে আগুবাই গ’লে সামাজিক কিছুমান নীতি ভংগ হ’ব তেতিয়া উদ্যমী মহিলা সকলৰ দ্ধাৰা আন মহিলা সকলক সংস্থাপন গ্ৰহণে সামাজ আৰু ঘৰ খনক পোহৰাই তুলিব ।
