নাৰী তোমাৰ মহিমা অপাৰ – ৰীমা গায়ন বৰা 

Pc SrockCake

নাৰী তোমাৰ মহিমা অপাৰ

ৰীমা গায়ন বৰা 
নাওকটা , মৰিগাঁও

জন্মতে তুমি এখন ঘৰৰ লখিমী
আদৰেৰে সাৱটি ৰাখি ঘৰখনি
চেনেহৰ বুটা বচা এনাজৰীত
আপোন পাহৰা হৈ সুখৰ সঁফুৰা সাজি
শিক্ষাৰে আলোকৰ যাত্ৰা কৰি
দূৰ দিগন্তলৈ বিয়পাই সু-কীৰ্তি
আন্ধাৰ আঁতৰাই পোহৰ সন্ধানী
বিভিন্ন উপমাৰে বিভূষিতা মহীয়সী নাৰী  ।
জোন জ্বলা কপালত হাঁহিৰ
মুকুতা মণি সৰে
নৱ জীৱনৰ সান্নিধ্য লভে মৰহা ফুলে
অজ্ঞাত ভাৱে আৰম্ভ হোৱা
জীৱন যাত্ৰা সাৱটি !
নাৰী তোমাৰ মহিমা অপাৰ
উন্মুক্ত পক্ষীৰ দৰে উৰা মৰা সপোন
অতীতবোৰ সোঁৱৰণিৰ পৃষ্ঠাত সামৰি
নিতৌ ন-ন আশাৰ সঞ্চাৰ কৰি
ভৱিষ্যতৰ দিশে ধাৱমান হোৱা জীৱন
শৈশৱ,যৌৱন থাকোঁতে তুমি মায়াৱী শক্তি ।
বৰ্তমানত খোজ পেলাই
ভৱিষ্যতৰ সপোন বাস্তৱ
ৰূপায়নৰ দিশত ধাৱমান
জন্মদাত্ৰী , অন্নদাত্ৰী , শিক্ষয়িত্ৰী
তুলনা বিহীন তোমাৰ উক্তি
নাৰী তোমাৰ মহিমা অপাৰ ।