নাৰী ঘৰতো সুৰক্ষিত নহয় কিয় ? – সবিতা বেগম

নাৰী ঘৰতো সুৰক্ষিত নহয় কিয় ?
সবিতা বেগম
অনাদি অনন্ত কাল জুৰি সৌন্দৰ্য্য আৰু ত্যাগৰ মুৰ্ত্তি নাৰী । সৃষ্টিৰ মূল, দেৱী ৰূপে পূজা কৰা হয়। এখন সংসাৰ নাৰী অবিহনে অসম্পূৰ্ণ। কিন্তু এজনী নাৰী সকলো সময়ত নিৰাপত্তাহীন আশ্ৰয়হীন।অনবৰতে , অসহায় অৱহেলিত ঘৰ-সংসাৰ , সমাজত।  নীৰৱে নীৰৱে আচঁলে মুখ ঢাকি অশ্ৰুসাগৰত স্নান কৰে দিনে ৰাতি। গৰ্ভত কন্যা সন্তান জন্ম দিলেই শুনিব লগা হয় হেজাৰ কথা নাইবা অসন্তোষ হয় পৰিয়ালৰ মানুহ , কেতিয়াবা মাক-দেউতাকো , কেতিয়াবা ডাক্তৰ ওজাৰ পৰামৰ্শ লৈ গৰ্ভত ল’ৰা সন্তান বিচৰা মানুহৰো অভাৱ নাই, তেনেহলে তুমি মই কাৰ গৰ্ভত জন্ম পালোঁ ? তুমি কাক বিয়া পাতিলা? ল’ৰা সন্তানটোৱে কাক বিয়া পাতিব ?  যদি সকলোৱে ল’ৰা সন্তান বিচৰা ??? তেন্তে ৰাতি বিছনাত কিয় সকলোৱে বিচৰা….। পৰিয়ালত কিবা খোৱাৰ সময়ত সদায় ল’ৰাৰ ভাগত বেছি , ভাল অংশটো ল’ৰাৰ ভাগত , লিখা পঢ়াৰ ক্ষেত্ৰত, টকা-পইচা সম্পত্তি সকলো, ল’ৰাৰ ভাগত বেছি , ল’ৰাৰ ভুল কম, ছোৱালীৰ ভুল পদে পদে । যিকোনো মূল্যত যিকোনো ক্ষেত্ৰত দোষাৰোপ  । হয় ছোৱালী বেলেগ ঘৰৰ বাসিন্দা , যʼত যিটো সংসাৰত পচিছ-ত্ৰিছ বছৰ কাম কৰি খাটি মাত্ৰ বিয়া হৈ যোৱাৰ এমাহ পাছত ঘৰত তাৰ কোনো স্থান কোনো মূল্য নাই, আলহী মাথোঁ , থকাৰ নিজস্ব জায়গা খিনিও নাই । কি কৰিবা কাক কবা ? তুমি ছোৱালী…। কথাত আছে —  ‘পৃথিৱী জয় কৰিব পাৰি, কিন্তু মানুহৰ মন জয় কৰিব নোৱাৰি।’ ঠিক নাৰী অৰ্থাৎ বোৱাৰীৰ ক্ষেত্ৰত , তুমি যিমানেই নকৰা কিয় শশুৰ-শাহুয়েক, ননদ -দেৱৰ … কাৰো ওচৰত সম্পূৰ্ণ শুদ্ধ নহয়… পদে পদে ভুল, নানা ক্ষেত্ৰত কটু বাক্য , সমালোচনা , কথায় কথায়— ‘ইটো ঘৰৰ বোৱাৰী বহুত ভাল সিটো ঘৰৰ বোৱাৰী বহুত ভাল। ইমান কৰে সিমান কৰে , সি ঘৰৰ বোৱাৰী মাকৰ ঘৰৰ পৰা ইটো লৈ আহিছে সিটো লৈ আহিছে…।  অলপ ভুল ধৰিব পাৰিলেই ক’ব —মাকে ইটো শিকোৱাই পঠোৱা নাই , সিটো শিকোৱাই পঠোৱা নাই… ঘৰত কিবা অঘটনা অমঙ্গল হ’লেই বোৱাৰী অলখিমী দুৰ্কপিলীয়া , স্বামীৰ অলপ জ্বৰ হ’লেও বোৱাৰী দায়ী  ‘ৰাশি মিলা নাই, কুষ্ঠি মিলা নাই । আগতে ঘৰৰ বহুত উন্নতি আছিল বোৱাৰী অহাৰ পৰা ৰোজগাৰ, উন্নতি কমিল।’ সময় পালে পতিদেব যাক বিশ্বাস কৰি সকলো ত্যাগ কৰি আহোঁ ঘৰৰপৰা , যাৰ হাতত তুলি দিয়ে, ঘৰ পাওঁতে পাওঁতেই পৰিৱৰ্তন পাহৰি যায় সকলো প্ৰতিশ্ৰুতি, সুযোগ পালে কিল কোব, কথা আৰু কষ্ট দিবলৈতো একেবাৰেই নেৰে । ক’লে কথা,  লাগে লেঠা।নাজানো কিয় এই ভুল ধাৰণা সকলোৰে, কিয় বাৰে বাৰে কলিতেই মৰহি যাব লগা হয় হেজাৰ সূৰ্যমূখী ফুল, কি দোষ,কাৰ দোষ? ভালপোৱাৰ নামত উপহাৰ দিয়ে ভয়ানক মৃত্যু নাইবা বিক্ৰী কৰা হয় বেশ্যালয়ত কেতিয়াবা দূৰ দূৰান্তত। নাইবা আকাংক্ষাৰ দৰে হাজাৰ জনী ভয়ংকৰ মৃত্যুত মৰিব লগা হয় টুকুৰা টুকুৰ হৈ নাইবা ধৰ্ষণ কৰি ইটভাটাৰ অগ্নি কুণ্ডত নিক্ষেপ কৰা হয় নশ্বৰ দেহ। কিয় কিয় ইমান নিৰাপত্তা হীন অৱহেলিত ? নিজৰ বুলিবলৈ একো নাই …যʼতে যাব ততেই অৱহেলিত… নাৰী বুলি হেয় প্ৰতিপন্ন।স্বপ্ন আশা আকাংক্ষা একোৰেই মূল্য নাই। সকলোৰে ওচৰত গুৰুত্ব হীন, ইচ্ছাৰ নীৰৱে কবৰ দীৰ্ঘ হুমনিয়াহ।এটা প্ৰশ্ন স্বাধীনতা আন্দোলনৰ আজি ৭৭ বছৰ অতিক্ৰম হ’ল কিন্তু প্ৰকৃত পক্ষে নাৰী জাতিয়ে স্বাধীনতা উপভোগ কৰি ইচ্ছা অনুসৰি কিবা উদ্দেশ্যে পূৰ্ণ কৰিছেনে ??? স্বাৰ্থৰ পৃথিৱীত মাথোঁ ধন সোণ অৰ্থ আভিজাত্যৰ গৌৰৱ, হ্যি: সকলো ভুৱা , দেহৰ পৰা পক্ষীটো যেতিয়া উলাই যাব তেতিয়া সকলো,অথলে যাব , পৰি ৰব সুন্দৰ পৃথিৱী…। আজি কোনেও কাৰো বাবে নিজৰ উচৰ্গা কৰিবলৈ সময় নাই, ভাৰসাম্য হেৰুৱাই পেলাইছে পৃথিৱী , মানুহ যিমানেই আগবাঢ়িছে পৃথিৱী সিমানেই বিধ্বস্তৰ দিশ নিৰ্ণয় কৰি আছে, কেতিয়াবা মাথোঁ ভয়ংকৰ ৰ’দ কেতিয়াবা ভয়ংকৰ বৰষুণ, বানপানী….পাপে আক্ৰান্ত চৌদিশ , সেয়ে আজি পিতৃৰ হাতত কন্যা  ধৰ্ষণ, শশুৰেকৰ হাতত বোৱাৰী ধৰ্ষণ, ভাতৃৰ  হাতত ভগ্নী ধৰ্ষণ আৰু প্ৰেমিকৰ হাতত কিমান জন প্ৰেমিকাৰ দলবদ্ধ ধৰ্ষণ  প্ৰতিদিন আমি সেয়া পাইয়ে থাকোঁ , আজি অমুক ঠাইৰ ছোৱালী নিৰুদ্দেশ কালি তমুক ঠাইৰ বোৱাৰী নিৰুদ্দেশ…। আছেই প্ৰতিদিন হেৰুৱাৰ বাতৰি,  নাৰী নিজেই নিজৰ নিৰাপত্তা হ’ব লাগিব, নিজকেই নিজৰ অস্ত্ৰ হিচাপে গঢ়ি তুলিব লাগিব, নিজৰ মৰ্যদা নিজেই বুজিব লাগিব নিজক সাহসী আৰু স্বাৱলম্বী হিচাপে গঢ়ি তুলিব লাগিব। দিনে ৰাতি  যিহেতু সকলো সময়ত নিৰাপত্তাহীন তেন্তে কেইটামান সতৰ্কতা অৱলম্বন কৰিব —
১. হাতৰ নখবোৰ অলপ দীঘল দীঘল কৈ ৰাখক।
২. ছেপটিফিন লগত ৰাখক।
৩. জালাগুৰি লগত ৰাখিব।
৪.  সৰু চাকু লগত ৰাখিব।
৫.  চুলিবোৰ সিমান ডাঙৰ নাৰাখিব আৰু খোলাকৈ এৰি নিদিব।
৬. সদায় মাৰ্জিত কাপোৰ পৰিধান কৰিব , কেতিয়াও অৰ্ধ নগ্ন পাতল নাইবা দৃষ্টি আকৰ্ষণ অৰ্থাৎ শৰীৰত সামান্য স্থান ডাকি ৰখা সাজ সজ্জাৰে ঘুৰি নুফৰিব…।
৭.  কম্ফু, কেৰেটি নাইবা শৰীৰ চৰ্চা কৰা শিকিব।
৮. অহংকাৰ দেখুৱাই বেয়া আচৰণ নকৰিব। ইত্যাদি পদ্ধতি অৱলম্বন কৰিলে হয়তো ভয়ংকৰ সংকট সন্মূখীন নহ’ব।
           নিজৰ মূল্য নিজেই বুজক। নাৰী হ’ল— ‘মিঠাইৰ দৰে বাহিৰত থৈ দিলে, মাখি ধৰিবয়, তাক সদায় কাচত নাইবা পাত্ৰত ভৰাই থবই লাগিব । ঠিক সেইদৰে নাৰী আকৰ্ষণ সৌন্দৰ্য তথা শান্তি তাক বাহিৰত উল্কা কৰি ৰাখিলেতো তেনেকুৱা হ’বয় । এটা কথা মন কৰক, এজন নাৰী যিমান নিৰাপত্তাহীন পুৰুষৰ বাবে ঠিক সেইদৰে এজন পুৰুষৰ বুকুতেই এজন নাৰী নিৰাপত্তাময় যেতিয়া তেওঁ এজন মনে প্ৰাণে স্বামী হিচাপে স্বীকৃতি দিয়ে। কোনোবাই ক’বলৈ গ’লে মহাপণ্ডিত – তেতিয়া ক’ব ‘নাৰী মা, নাৰী ভগ্নী, নাৰী স্ত্ৰী, তেন্তে ধৰ্ষণ হয় কেনেকৈ??? মাংস লৈ ধৰ্মৰ নামত বহু কথা হ্যি: নাৰী মাংসৰ নহয় জানো ধৰ্ম হয় ? নাৰী ঘৰত জঞ্জাল নহয়, নাৰী ঘৰৰ মূল মানুহ, নাৰী বিহীন সংসাৰ অসাৰ, নাৰী তোমাৰ পিতৃত্ব অনুভৱ কৰায়, সৰ্বস্ব দি উত্তৰাধিকাৰী দিয়ে, নাৰী ভৱিষ্যতৰ উজ্জ্বল লাই খুটি। দেশৰ ভৱিষ্যত নাৰীৰ ওপৰত নিৰ্ভৰ কৰে, কাৰণ-গান্ধীজী, নেতাজী, নেহৰুজী, লাচিত বৰফুকন, ৰাভাজী, ঠাকুৰদেৱ, বেজবৰুৱা,কালামজী ….. এওঁলোক এজন মাতৃ গৰ্ভৰ পৰাই জন্ম গ্ৰহণ কৰিছে , বজাৰৰ পৰা কিনি অনা নাছিল নাইবা অনলাইনত অৰ্ডাৰ কৰিও অনা নাছিল।