নাৰী এগৰাকী স্বাৱলম্বী হোৱাটো কিয় দৰকাৰ? – নাচিমা য়াচমিন

নাৰী এগৰাকী স্বাৱলম্বী হোৱাটো কিয় দৰকাৰ?
নাচিমা য়াচমিন,
বিশ্বনাথ চাৰিআলি
এগৰাকী নাৰী হ’ল সৃষ্টিৰ আধাৰ। নাৰী শব্দটিৰ মাজতেই  এগৰাকী মমতাময়ী মাতৃ, স্নেহপূৰ্ণ ভগ্নী, বান্ধৱী- প্ৰেমিকাৰ অন্তহীন প্ৰেম আদি নিহিত হৈ থাকে। মমতা, মায়া, দয়া, ধৰ্য্য, ত্যাগ, সহনশীলতা, আদি গুণবোৰ থকাৰ বাবেই চাগে নাৰী এগৰাকীক অৰ্ধ আকাশ বুলি আখ্যা দিয়া হয়।
জীৱনৰ প্ৰায় ওঠৰ – বিশ বছৰ পিতৃ গৃহৰ আলহী হৈ মৰমৰ শলিতাৰে গোটেই ঘৰ খন পোহৰায় ৰাখে। কন্যা সন্তান বোলে ঘৰৰ লক্ষ্মী স্বৰূপ।
নিৰ্দিষ্ট বয়সত সেই কন্যা গৰাকী অত দিনে আপোনাই ৰখা ঘৰখনক ত্যাগ কৰি নতুন এটি অধ্যায়ৰ আৰম্ভণি কৰিবলৈ অচিনাকী মানু্হ এজাকৰ ভীৰত সোমাই পৰে। সংসাৰ ৰূপী মায়াত বন্দী হৈ যায়।
প্ৰথমাৱস্থাত তেওঁক সেই নতুন ঘৰ খনে আঁকোৱালি লয় যদিওঁ সময়ৰ সোঁতত সেই নিস্পাপ নাৰী গৰাকী হৈ পৰে ঘৰখনৰ বাবে মানৱ শৰীৰৰ এক যন্ত্ৰৰ দৰে। অলপ মান বিসংগতি,অক্ষমতাক লৈ নানান কটু বাক্যৰ শৰ আহি তেওঁৰ ফুল কোমল হৃদয় চিঙি টুকুৰা টুকুৰ হোৱাকৈ বিন্ধে।
স্বামী ঘৰখনত নাৰী গৰাকী খচৰাচৰ শুনি থকা বাক্য এটা হ’ল,,,
: বোৱাৰী, এই খন তোমাৰ নিজৰ ঘৰ নহয়, নিজৰ মতে চলি থাকিলে নহ’ব,,
পিতৃ গৃহত কয়,, সেই খনেই তোৰ প্ৰকৃত ঘৰ, আমাৰ ঘৰৰ মাথোন এগৰাকী আলহীৰ দৰে হে। আচলতে নাৰী এগৰাকীৰ প্ৰকৃত ঘৰ কোনখন হয় বাৰু? আছেনে, নিজৰ বুলি সৰু পজা এটি,,,?
প্ৰয়োজনীয় বস্তু এপদ ক্ৰয় কৰিবলৈ নিজৰ স্বামী জনৰ ওচৰত কেতিয়াবা হাত পাতিবলৈ গৈ নানান কটু কথাৰ সন্মুখীন নোহোৱাকৈ নাথাকে।
: টকা কি গছত লাগে?   চিঙি আনিলেই হ’ল,,
: বহুত কষ্ট হয় টকা ইনকাম কৰিবলৈ , তুমি গোটেই দিন ঘৰত শুই বহি থাকি ক’ত বুজি পাবা কষ্টৰ মৰ্ম,,?
নাৰী গৰাকীয়ে দুৱাৰৰ আঁৰত কেৱল চকুলো টুকে। এই একেই মানু্হ জনেই জানো এদিন কোৱা নাছিল,,
: মোৰ যি আছে সকলো বোৰ তোমাৰেই হয়, তুমি বাহিৰত গৈ চাকৰি কৰি ফুৰাৰ কি দৰকাৰ? মই আছোঁ নহয়, মই ধন ঘটি আনিম আৰু তুমি নিজৰ ইচ্ছা মতে খৰচ কৰিবা।
এইবোৰ চলাহী কথাৰ জালত কোমল হৃদয়ৰ নাৰী গৰাকীক আৱদ্ধ কৰি লোৱাৰ পাছত হে নিজৰ আচল ৰূপ ধাৰণ কৰিলে। বশ কৰি ৰাখিলে সংসাৰৰ দৈনন্দিন বেতনহীন চাকৰিৰ মাজত।
 নাৰী এগৰাকী যে সহনশীলতাৰ দেৱী। তেওঁ সকলো নীৰৱে সহ্য কৰি যায়। লগতে নিজৰ বুলি গণ্য কৰা পৰিয়ালৰ সকলো সদস্যৰ দায়িত্ব, কৰ্তব্যখিনি নিয়াৰিকৈ পালন কৰি যায়।
ইমান খিনি কৰাৰ পাছতো তেওঁৰ কামত ত্ৰুটি আঙুলিয়াই দিয়াৰ মানুহৰ অভাৱ নপৰে।
সামান্য ভুলৰ উপহাৰ স্বৰূপে কিছুমান বাক্য,,,
: মাকৰ ঘৰত একো শিকি অহা নাছিলা,,,?  এটা কাম ঠিক ভাৱে কৰিব নাজানা? দালিত নিমখ কম, মাংসত জ্বলা বেছি,,কাপোৰৰ দাগ উঠা নাই,,,আদি আদি,, অন্তহীন!!
: তোমাৰ বয়সত মই কোনো ধৰণৰ ভুল নোহোৱাকৈ সকলো কাম কৰি গৈছিলো, মোৰ শাহু মায়ে ভুল ধৰাৰ কোনো সুযোগেই পোৱা নাছিল।
আৰু তুমি,,,,,
সকলোবোৰ নীৰৱে সহ্য কৰি যোৱা নাৰী এগৰাকীয়ে যদি এদিন প্ৰতিবাদত এটা বাক্য মুখেৰে ওলালে,, সেই দিনা ঘৰ খনত এক অশান্তিৰ পৰিৱেশৰ সৃষ্টি হয়।
যাৰ ভৰষাত নাৰী গৰাকীয়ে সেই অচিনাকী ঘৰ খনত অগ্নি সাক্ষী কৰি সোমাই আহিছিল, সেই ব্যক্তি জনে তেওঁৰ মসৃণ শৰীৰটো দাগি কৰিবলৈও দুবাৰ ভাৱি নাচায়।
তেওঁৰ চকুত নিজৰ পৰিয়ালৰ সন্মান সবাতোকৈ উৰ্দ্ধত।   ভুলে শুদ্ধই তেঁওলোকৰ হকে মাত দিয়াটো এজন যোগ্য পুত্ৰৰ এক মাত্ৰ ধৰ্ম।
পৰিয়ালৰ সকলো ভুল তোচ্ছ হৈ পৰে আৰু নাৰী গৰাকীৰ সামান্য প্ৰতিবাদটি ক্ষমাৰ অযোগ্য ভুল। পত্নী ধৰ্মৰ কোনো গুৰুত্ব নাই পুত্ৰ ধৰ্মৰ আগত।
গতিকে নাৰী এগৰাকী স্বাৱলম্বী হোৱাটো নিতান্তই প্ৰয়োজনীয়। এক মাত্ৰ নিজৰ বাবেহে তেওঁ স্বাৱলম্বী হ’ব লাগে। এই পৃথিৱীত সকলোৱেই স্বাৰ্থপৰ। নিজৰ স্বাৰ্থৰ নিমিত্তে হে তেওঁলোকে মানু্হক নিতৌ ব্যৱহাৰ কৰি যায়।
সকলোৱেই যদি স্বাৰ্থপৰতাৰ আৱৰণ পিন্ধি থাকে, এগৰাকী নাৰীৰো খুবেই দৰকাৰ অলপ হ’লেও স্বাৰ্থপৰ হোৱাটো। আজিৰ দিনত ধন থাকিলেই সকলোৱেই পূজ্য জ্ঞান কৰে। ধনেই সকলো। ধন নথকা মানুহক আমাৰ এই সমাজত কিছুমান মানুহে এক প্ৰকাৰ হেয় জ্ঞান নকৰাকৈ নাথাকে।
নাৰী এগৰাকীৰ গৃহহীন হৈ পৰাৰ লগতে  সন্মান  খিনিও নহোৱা হৈ পৰে। গতিকে নাৰী এগৰাকী স্বাৱলম্বী হ’ব লাগে। তেন্তে তেওঁক কোনোবাই কিবা এটা কোৱাৰ আগতে অলপ হ’লেও ভাৱি চাব।
এগৰাকী আত্ম নিৰ্ভৰশীল নাৰীক ভাঙি পেলোৱাটো খুব এটা সহজ কাম নহয়। গতিকে সকলো নাৰীয়েই নিজক স্বাৱলম্বী কৰি তোলা অত্যন্ত জৰুৰী।  যাতে তেওঁৰ নিজাকৈ গৃহ এটা হোৱাৰ লগতে নিজৰ প্ৰয়োজনীয় বস্তু এপদ্ ক্ৰয় কৰিবলৈ অন্যৰ ওচৰত হাত পাতিবলৈ দৰকাৰ নপৰে।