নাৰী ( অপাৰেছন সিন্দূৰ উপলক্ষে ) – জ্যোতিমা চৌধুৰী

নাৰী
( অপাৰেছন সিন্দূৰ উপলক্ষে )

জ্যোতিমা চৌধুৰী
  মিৰ্জা , গোপালপুৰ

নাৰী এটি মানুহ
যি মৰম আৰু ধৈৰ্যৰ প্ৰতীক ,
তাই মৰমৰ বান্ধোনেৰে
পৰিয়াল ধৰি ৰাখে ।
ধৈৰ্যৰ বলেৰে তাই
কৰ্ম কৰি যাই নিৰন্তৰ
বৈ যোৱা নদীৰ দৰে
কেতিয়াবা শলাগ পাই,
কেতিয়াবা নাপাই,
অথচতো তাই ভাগৰি নাযাই,
ইমান যে তাইৰ মনৰ শক্তি।
কিন্তু এই ধৈৰ্যৰ,
যেতিয়া বান্ধ চিঙে,
তাইৰ সৰলতাক যেতিয়া
তাইৰ দুৰ্বলতা বুলি ভাৱে ,
তাইৰ আপোনজনক যেতিয়া
কোনোবাই হাউৰা মাৰি আহে
তেতিয়া তাই লক্ষ্মীৰ  পৰা  হৈ পৰে কালী।
ঠিক তেনেকৈ যেনেকৈ
দুই ভাৰতীয় সেনা মুৰব্বী-
ছ’ফিয়া আৰু ব্যোমিকা ।
শ শ ভাৰতীয়ৰ আশা তুমি,
সাহস তুমি।
যি পিশাচে তোমাৰ
সিন্দূৰ মচি ,তোমাক দুৰ্বল
বুলি ভাবি ফু্ৰ্টিত মাতাল,
তুমি দেখালা তোমাৰ শক্তি
সিহঁত গৈ পালে  পাতাল।
নাৰী তুমি শক্তি
তুমি দূর্গা,তুমি কালী।
তুমি সৰস্বতী, তুমি লক্ষ্মী
শত শত নমন
মোৰ তোমাৰ প্ৰতি।