নাৰী
অনামিকা (সংগীতা)কলিতা,শুৱালকুছি
“নাৰী তুমি অনন্যা ”
পৰাধীনতাৰ শিকলি পিন্ধি
যুগ যুগান্ততৰৰ পৰা
দেখুৱাই আহিছা ,
ত্যাগৰ মহিমা।
” নাৰী তুমি অনন্যা ”
দেৱীৰূপে তোমাক
অধিষ্ঠিত কৰে সঁচা,
পিছে দেৱতাৰ ভোগ
বিলাসিতা তোমাকে সজাই।
” নাৰী তুমি অনন্যা ”
মহাকাব্যৰ নায়িকা তুমি
সতীত্বৰ প্ৰমাণ তুমিয়ে দিলা
বাৰে বাৰে,
এক বিমূৰ্ত ত্যাগৰ
প্ৰতীক তুমি ।