নাৰী অদম্য শক্তিৰ অধিকাৰী – দুলুমণি দেৱী

Pc Pexels

নাৰী অদম্য শক্তিৰ অধিকাৰী

দুলুমণি দেৱী,মাকুম

দুটা আখৰে গঠিত এটা শব্দ নাৰী ৷ নাৰীৰ আছে অফুৰন্ত শক্তি ,৷ যি শক্তিৰ দ্বাৰা নাৰীয়ে বিলাব পাৰে অনুপম সুগন্ধি ৷সৃষ্টিৰ আধাৰ হ’ল নাৰী ,ইতিহাসৰ পাত লুটিয়াই চালেও এই কথা প্রমাণিত হয় যে নাৰীৰ অদম্য শক্তিয়ে জগত জিনি আহিছে ৷নাৰীৰ মর্যদা ,নাৰীৰ কর্মনিষ্ঠা ,নাৰীৰ একাগ্রতাৰ কথা সকলোৰে স্বীকাৰ কৰে৷নাৰীৰ জীৱনত যদিও বহু কষ্ট থাকে তথাপি অনায়াসে অতিক্রম কৰিব পাৰে ৷তাৰ বাবে প্রত্যেকগৰাকী নাৰী সাজু হয় সময়ৰ সৈতে খাপ খাব পৰাকৈ সাজু কৰে ৷নাৰীয়ে বহু কষ্ট ,ত্যাগ স্বীকাৰ কৰি ঘৰখন ,সমাজখন তথা দেশখনৰ হৈ কাম কৰি আহিছে আৰু কৰি থাকিব ৷ ইয়াৰ বাবে পুৰুষসকলেও নাৰীক যিমান পৰা যায় অনুপ্রেৰণা দিয়া উচিত ৷

নাৰীক সৃষ্টিকর্তাই  যিমানখিনি ক্ষমতা দিছে সেইখিনি লৈ নাৰী গৌৰাম্বিত৷কাৰণ সৃষ্টিৰ আঁৰতে নাৰী ,দহমাহ দহদিন গর্ভত সন্তান এটি লৈ জন্ম দিয়াৰ দৰে মহান আৰু পৱিত্র কর্ম কৰি প্রকৃতিজগতত সুন্দৰতা বিলাব পৰাটো পৰম সৌভাগ্য ৷ মাতৃত্বৰ যি অনুভৱ সেয়া প্রত্যেকগৰাকী নাৰীয়ে হৃদয়ংগম কৰে ৷

আন্তর্জাতিক নাৰী দিৱস পালন কৰি নাৰীৰ মাজত থকা সুপ্ত প্রতিভা বিকশিত কৰাৰ লগতে বিশ্বজুৰি নাৰীৰ সামাজিক ,সাংস্কৃতিক , অৰ্থনৈতিক ,কৃতিত্বক স্বীকৃতি দিয়াৰ বাবে যি প্রচেষ্টা হাতত লৈ আহিছে  সেয়া আদর্শনীয় আৰু গুৰুত্বপুৰ্ণ প্রচেষ্টা  ৷ ইয়ে পিছপৰা ঠাইৰ বহুতো নাৰীক বহু নজনা কথা শিকাৱলৈ সুবিধা প্রদান কৰাৰ লগতে আগবাঢ়ি যাবলৈ প্রেৰণা দিয়ে ৷ পুৰণি কালত  নাৰী কেৱল পাকঘৰটোৰ ভিতৰতে বা ঘৰৰ কামবনতে আৱদ্ধ আছিল বাবে নাৰী বহু পিছপৰি আছিল ,কিন্ত বর্তমান নাৰী সবলীকৰণৰ বাবে যিখিনি পৰিকল্পনা কৰা হৈছে তাৰ বিষয়ে জনাটো আৰু সেইমতে আগবাঢ়ি যোৱাটো   প্রয়োজন ৷ নাৰীৰ নিৰ্যাতন সমাজৰ বাবে অতি লজ্জাজনক বিষয় ,নাৰীৰ গাত ইমানখিনি গুণ থকা স্বত্বেও বহু নাৰী আজিৰ সমাজতো অত্যাচাৰৰ সন্মুখীন হৈ আহিছে তাৰ বাবে প্রত্যেকগৰাকী নাৰীয়ে স্বাৱলম্বী হৈ অন্যায়ৰ প্রতিবাদ কৰা উচিত ৷মৰম স্নেহৰ মাজত থাকি একতাৰ মনোভাৱ বৃদ্ধি কৰিব পাৰিলে নাৰীয়ে সকলো দিশতে খুউৱ সুন্দৰকৈ আগবাঢ়ি যাব পাৰিব ৷ সকলোৰে সহযোগিতাতহে উন্নয়ন সম্ভৱ হয় ৷