নাৰীৰ মন বৰ আৱেগিক হয় – নাচিমা য়াচমিন

নাৰীৰ মন বৰ আৱেগিক হয়

নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি

” নাৰীৰ মন বৰ আৱেগিক হয় “,, তাত কোনো সন্দেহ নাই। তেঁওলোকে সৰু সৰু কথাবোৰ মনত ৰাখে, যিয়ে কেতিয়াবা তেঁওলোকৰ জীৱনত সুখৰ বন্যা বোৱাই আনিব পাৰে। আন কেতিয়াবা দুখৰ সাগৰত উটুৱাই নিবলৈও শক্তি ৰাখে। এই আৱেগিক প্ৰকৃতিয়ে তেওঁলোকক সংবেদনশীল আৰু মৰমশীল কৰে, যিটো সমাজ আৰু পৰিয়ালৰ বাবে এক আশীৰ্বাদস্বৰূপ। কিন্তু যদি নাৰীয়ে নিজৰ আৱেগবোৰ সম্পূৰ্ণভাৱে নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেন্তে জীৱনৰ বহু ক্ষেত্ৰতে কষ্ট ভুগিব লগা হয়।
সুখী জীৱনৰ মূল হ’ল—নিজৰ আৱেগ আৰু বিবেকৰ মাজত সন্তুলন ৰক্ষা কৰা। নাৰীয়ে যদি নিজৰ মনোবল দৃঢ় কৰি আৱেগিক সিদ্ধান্ত লোৱাৰ আগতে যুক্তি আৰু বাস্তৱতাক সজাগেৰে বিবেচনা কৰে, তেন্তে দুখবোৰ লাহে লাহে কমি যাব। তাৰ অৰ্থ এইটো নহয় যে আৱেগ হেৰুৱাব লাগে,আৱেগবোৰক সঠিক দিশত ব্যৱহাৰ কৰিবলৈ হে শিকিব লাগে।
নাৰীয়ে যদি নিজকে নিজেই ভাল পায়, নিজৰ আত্মসম্মান বুজি লয়, আৰু জীৱনৰ সকলো ঘটনা লৈ অতিমাত্ৰা চিন্তা নকৰে, তেন্তে তেওঁ সুখী হ’ব পাৰে। আনহাতে, যদি তেওঁ সদায় আনৰ আচৰণৰ গভীৰ বিশ্লেষণ কৰি নিজকে দুখী কৰে, তেন্তে জীৱনটো অধিক কঠিন হৈ পৰিব। সঁচাকৈয়ে সুখী হোৱা মানে—নিজৰ জীৱন আৰু নিজক সম্পূৰ্ণভাৱে সাঁচি লোৱাৰ ক্ষমতা গঢ়ি তোলা।