নাৰীৰ বিৰুদ্ধে হোৱা অপৰাধজনিত ঘটনাত জড়িতৰ বিৰুদ্ধে দ্রুত সিদ্ধান্ত লোৱাৰ আৱশ্যকঃ প্ৰধানমন্ত্ৰী

নাৰীৰ বিৰুদ্ধে হোৱা অপৰাধজনিত ঘটনাত জড়িতৰ বিৰুদ্ধে দ্রুত সিদ্ধান্ত লোৱাৰ আৱশ্যকঃ প্ৰধানমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত উচ্চতম ন্যায়ালয়ৰ ৭৫সংখ্যক বর্ষপূর্তি উপলক্ষে অনুষ্ঠিত কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, নাৰীৰ বিৰুদ্ধে নির্যাতন আৰু শিশুৰ সুৰক্ষা সমাজৰ কাৰণে গভীৰ উদ্বেগজনক। নাৰীৰ সুৰক্ষাৰ কাৰণে এতিয়া অতিকৈ জৰুৰী হৈ পৰিছে নাৰীৰ বিৰুদ্ধে অপৰাধজনিত গোচৰত জড়িত অভিযুক্তৰ বিৰুদ্ধে দ্রুত সিদ্ধান্ত লোৱাৰ সময়। পশ্চিমবংগৰ কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ তৰুণী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাকাণ্ডই দেশ কঁপাই থকাৰ সময়তে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে নাৰী নির্যাতনকাৰীৰ বিৰুদ্ধে দ্রুত সিদ্ধান্ত  নাৰীৰ সুৰক্ষাৰ বাবে অতি জৰুৰী বুলি কয়। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি বাই চন্দ্রচূড়, কেন্দ্রীয় মন্ত্রী অর্জুনৰাম মেঘৱাল, উচ্চতম ন্যায়ালয় বাৰ-এছ’চিয়েচনৰ অধ্যক্ষ কপিল ছিবালকে ধৰি বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয়- আজি মহিলাৰ বিৰুদ্ধে নির্যাতন বাঢ়িছে। শিশুৰ সুৰক্ষা সমাজৰ কাৰণে জৰুৰী। বহু কঠোৰ আইন মহিলা সুৰক্ষাৰ বাবে বলবৎ কৰা হ’লেও আমি ইয়াক অধিক সক্ৰিয় কৰা উচিত। মহিলাৰ বিৰুদ্ধে নিৰ্যাতনৰ গোচৰৰ শীঘ্ৰে ৰায় দিব লাগে। ইপিনে উচ্চতম ন্যায়ালয় সন্দর্ভত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয়- উচ্চতম ন্যায়ালয়ৰ ৭৫ বছৰ মাথোঁ এটা প্রতিষ্ঠানৰ যাত্ৰা নহয়। এই যাত্ৰা ভাৰতৰ সংবিধান আৰু সাংবিধানিক প্ৰমূল্যৰ। এই যাত্রা ভাৰতৰ গণতন্ত্র অধিক পৈণত হোৱাৰ। উচ্চতম ন্যায়ালয় আৰু ভাৰতীয় ন্যায়িক ব্যৱস্থাৰ প্ৰতি দেশবাসী কেতিয়াও আস্থাহীনতাত ভোগা নাই। উচ্চতম ন্যায়ালয়ৰ ৭৫সংখ্যক বার্ষিকী গণতন্ত্ৰৰ মাতৃ হিচাপে ভাৰতৰ গৌৰৱ। মই নিশ্চিতভাৱে ক’ব পাৰোঁ যে উচ্চতম ন্যায়ালয়ে আস্থা আৰু বিশ্বাস অটুট ৰাখিব। তদুপৰি প্রধানমন্ত্রী মোদীয়ে কয়- উচ্চতম ন্যায়ালয়ে জৰুৰী অৱস্থাৰ সময়তো মৌলিক অধিকাৰক নিশ্চিত কৰিছিল। যেতিয়াই ৰাষ্ট্ৰীয় স্বাৰ্থৰ প্ৰতি প্ৰশ্ন আহি পৰে, তেতিয়াই উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰীয় সংহতিক বৰ্তাই ৰখাত নির্দেশনা দিয়ে। স্বাধীনতাৰ অমৃতকালত দেশৰ ১৪০ কোটি জনতাৰ এটাই স্বপ্ন- বিকশিত ভাৰত, নতুন ভাৰত। নতুন ভাৰত হৈছে আধুনিক ভাৰতৰ চিন্তা আৰু সিদ্ধান্ত। আমাৰ ন্যায়িক ব্যৱস্থাই এই দৃষ্টিভংগীৰ শক্তিশালী স্তম্ভ। এই অনুষ্ঠানতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে উচ্চতম ন্যায়ালয়ৰ ৭৫ বার্ষিকী উপলক্ষে এটা স্মাৰক মুদ্ৰা আৰু ষ্টাম্প উন্মোচন কৰে। অনুষ্ঠানত মুখ্য ন্যায়াধীশ ডি বাই চন্দ্রচূড়েও ন্যায়িক ব্যৱস্থাৰ ওপৰত মন্তব্য দিয়ে। উচ্চতম ন্যায়ালয়ৰ ৭৫ সংখ্যক বার্ষিকী উপলক্ষে জিলা ন্যায়াধীশৰ দুদিনীয়া ৰাষ্ট্ৰীয় সম্মিলনত ৮০০তকৈ অধিক ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ পৰা ন্যায়াধীশে অংশগ্ৰহণ কৰে।