নাৰীৰ জীৱনৰ এটি স্তৱক – লুনা গগৈ 

নাৰীৰ জীৱনৰ এটি স্তৱক

লুনা গগৈ 

পৃথিৱীৰ যেতিয়া নাৰী হৈ জন্ম লৈ মাতৃৰি কোলা উপচাই …এদিন দুদিনকৈ শিশু কালছোৱা পাৰ কৰি লাহেকৈ ছোৱালী জীৱৰী লৈ পৰিনত হয় । আমি যিটো শান্তী বিয়া বুলি কওঁ বা শুদ্ধি কৰণ হৈছে বুলি কওঁ , সেই দিনাৰ পৰাই এগৰাকী ছোৱালীয়ে জীৱনৰ এজোৰ কাপোৰ সলায়…ছোৱালী জনীয়ে নিজক স্বম্ভালিবলৈ শিকে… ইটো হিটো কাম শিকি..বয়সৰ অনুপাতে এদিন অন্য এখন ঘৰলৈ যাবগৈ লগিয়া হয় …আৰু মাকৰ ঘৰত শিকি অহা কামৰ উপৰিও আকৌ দুই এটা নতুন কথা শিকি জীৱনৰ খোজ আগ বঢ়াব লগিয়া হয়…সেইখনেই নিজৰ ঘৰ বুলি…. লহেকৈ  আহে মাতৃতৰ দায়িত্ব….. সংসাৰৰ মায়া-মোহ। নতুন ঘৰখন সাৱতি কাৰোবাৰ সুখৰে অৱৰে ,কাৰোবাৰ দুঃখৰ হয়..আৰু ভাবি লোৱা হয় সকলো ভাগ্যৰ লিখন!! এগৰাকী ছোৱালী যেতিয়া মাতৃ হয় তেতিয়া নিজৰ ভাল লগা ,বেয়া লগা   যিকোনো কয্যৰ সন্মুখিন হৈ থাকিব লগা হয়। যিমানেই দুখ পাৱক ,কষ্ট হওঁক… মৰিব  নোৱাৰে… ধয্য ধৰিব লাগে কেৱল আনৰ বাবে…. কাৰণ মৃত্যু সহজ কিন্তু তেওঁ সেই কথোৰ সিদ্ধান্তই পাছত তেওঁৰ সন্তানটি যদি তেওঁতকৈও দুখ-কস্ট হয় ? তেতিয়া তেওঁৰ সন্তানে জানো ইমান কষ্ট সহ্য কৰিব পাৰিব ? নোৱাৰে কেতিয়াও নোৱাৰে… সেই বাবে সদাই নাৰী আনৰ বাবে জীয়াই থাকে ॥  কিন্তু এজন পুৰুষে মাতৃ সোৱাৰ  ৯ মাহ দহ দিন গৰ্ভত লৈ ফুৰা কষ্টটো নাপাই …কিন্তু দেখি অনুভৱটো কৰিব পাৰে…. হয় স্বামী হিচাপে তেওঁ দিন হাজিৰা কৰিয়ে হওঁক বা চাকৰি কৰিয়েই হওঁক উপাৰ্জন কৰি  ঘৰখন চলাই…সেইবুলিয়ে তেওঁ যি মন যায় তেনেকৈয়ে থাকিব পাৰে নে?  এবাৰ ক্ষন্তেক সময়ৰ বাবে নিজক এগৰাকী নাৰী বুলি ভাবি…ছোৱালীজনীৰ কৈশোৰৰ পৰা বৈবাহিক জীৱনৰ দিনবোৰ গণনা কৰি ছাব নোৱাৰে নে?  সঁচাই এগৰাকী ছোৱালী /নাৰী কেতিয়াও নিজৰ বাবে জীয়াই নাথাকে…. …..

(অনুভৱৰ দলিচাৰে লিখিলো… এগৰাকী নাৰী হৈ ….ভূল হলে ক্ষমা কৰিব )