নাৰীয়ে নাৰীৰ শত্ৰু – অনামিকা (সংগীতা)কলিতা

Pc Shutterstock

নাৰীয়ে নাৰীৰ শত্ৰু

অনামিকা (সংগীতা)কলিতা,শুৱালকুছি

কাৰণ পৃথিৱীৰ শীৰ্ষতম পৰ্বত মালাৰ মানৱী প্ৰতীক নাৰীক তুলনা কৰা হয় ।নাৰী মাতৃ, ভগ্নী, কন্যা, বোৱাৰী, আইতা ইত্যাদি বিভিন্ন ৰূপত নাৰীক দেখা পাওঁ ।নাৰী অবিহনে ধৰাখন অসম্পূৰ্ণ।

কিন্তু তথাপিও পদে পদে নাৰী অৱহেলিত,নিষ্পেষিত হয়তো ইয়াৰ বাবে নাৰীয়ে বেছি জগৰীয়া। অকণমান ফঁহিয়াই চালে কেৰোণ বোৰ চকুৰ আগত ধৰা দিয়ে—

১) নিজৰ জীয়েকক যিদৰে মৰম কৰে ঠিক তেনেকৈ ন বোৱাৰী জনীক যদি নিজৰ ছোৱালীৰ দৰে ভাবে তেতিয়া ঘৰখন স্বৰ্গৰ দৰে হ’ব, কিন্তু বাস্তৱত একাংশ নাৰীয়ে তেনে মনোভাৱ দেখা নাপাওঁ।

২) নিজৰ মাকক যিদৰে মৰম স্নেহ কৰে, ঠিক তেনেকৈ একাংশ বোৱাৰীয়ে নিজৰ শাহুৱেকৰ প্ৰতি তেনে মনোভাৱ নাৰাখে।

৩) আমাৰ নাৰী সকলৰ মাজতে একাংশক দেখা পাওঁ নিজৰ ল’ৰাটোক ছোৱালী জনীতকৈ বেছি অগ্ৰাধিকাৰ দিয়া ।

৪) যৌতুক লোৱা , ল’ৰাটোৰ দুৰ্ঘটনা ইত্যাদি বিভিন্ন দিশত বোৱাৰীজনীক জগৰীয়া কৰে,একাংশ শাহুৱে।
গতিকে পুৰুষৰ ক্ষেত্ৰত এইবোৰ দেখা নাপাওঁ যি নাৰী ক্ষেত্ৰত হয় ।

নাৰী হ’ল সমাজৰ আধাৰ,পুৰুষতকৈ নাৰীৰ বৌদ্ধিক ক্ষমতা বেছি থাকে,গতিকে আমি নাৰী সকলে এগৰাকী আনগৰাকীৰ বিৰোধী নহৈ পৰিপূৰক হওঁ তেতিয়া সমাজখন সুস্থ সবল দিশে গতি কৰিব।