নাৰীবাদী
ছৈয়দ ফাৰহানা আহমেদ,জনীয়া, বৰপেটা
মই সেইজনী নাৰীবাদী লেখিকা
যাৰ প্ৰত্যেক লিখনিৰ বিষয়বস্তুৱেই যে নাৰীৰ প্ৰতাৰণা,
নাৰীৰ অধিকাৰ, নাৰীৰ যন্ত্রণা,
নাৰীৰ স্বাধীনতা, নাৰীৰ প্ৰতিবাদ আৰু নাৰী দেহৰ বেচা-কিনা।
মোৰ লিখনিৰ বাবে শুনিবলৈ পাইছোঁ বহু ইতিকিং
শুনিছোঁ কোৱা মই যে এপক্ষবাদী,
সিহতেঁ কয় স্বাধীন ভাৰতৰ স্বাধীন নাৰী
মোলৈ প্ৰশ্ন: ক’তনো আছে এতিয়াও নাৰী পৰাধীকাৰী?
এইটো সত্য ভাৰত যে নাই অন্য অধীনত্ব
সংবিধানেও দিছে ‘নাৰী- পুৰুষৰ সমমূল্য’
শুনতেই শুৱলা, নাই যে বাক্যটোৰ কোনো ক্রিয়া
মোৰ প্ৰশ্ন: সচাঁই নাৰীয়ে লাভ কৰিছেনে সেই সমপ্ৰাপ্তি …?
ছাজাহানৰ ঐতিহাসিক পৃষ্ঠাৰ পৰা বৰ্তমানৰ
সামাজিক ৰাজনৈতিক কূটনৈতিক ক্ষেত্রলৈ
মাথোঁ পাঁও শুনিবলৈ কত নাৰীৰ ধষর্ণ আৰু হত্যাকাণ্ড,
নাপাঁও শুনা এই ঘৃণীয় কাৰ্য্যত লিপ্তৰ আইনী দণ্ড
আৰু কিছু উচ্চ জ্ঞানী লোকে সেই অসহায় নাৰীকেই অসৎ বুলি পিন্ধনত প্ৰশ্ন।
মোৰ প্ৰশ্ন: যদি ভদ্ৰ পিন্ধনতেই সকলো সমস্যাৰ সমাধান
তেন্তে কিয় বলি হ’ল নিজ কৰ্মস্থলতেই
বগা পোছাকত থকা ক’লকাতাৰ সেই ডাক্তৰজনী?
কিয় আজি আৰু এই হৃদয়হীন ধৰণীত
নাই সেই কোমল পাঁচ বছৰীয়া শিশুটি?
কিনো পৰিধানত আছিল এই অবুজ আত্মাই?
লাগে মোক মোৰ প্ৰশ্নৰ উত্তৰখিনি !
আচলতে ক’বলৈ গ’লে কিছু পুৰুষে দেখুৱাব খোজে নিজৰ পুৰুষত্ব
ভাৱে পুৰুষ হৈ জন্ম, নাৰী কৰৰ পুতলা,
অতীজৰ পৰাই যে চলি আছে এই কাৰ্য,
সাৱধান ! আমি নাৰী এতিয়া কৰিম যুদ্ধ,
কাৰণ আমি যে নহয় কাৰোঁ যৌৱনৰ খাদ্য
এই সত্যৰ যুঁজত জিকিম আমি !
কাপুৰুষসকল যাতে পাহৰি নোহোৱা ৰাণী লক্ষ্মীবাঈৰ বীৰত্ব।