নাৰীজনিত অপৰাধ নিয়ন্ত্ৰণৰ দাবীত ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষাক স্মাৰক পত্ৰ অসম তৃণমূল মহিলা কংগ্ৰেছৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অসমত বৰ্ধিত নাৰীজনিত অপৰাধৰ পৰিপ্ৰেক্ষিতত অসম তৃণমূল মহিলা কংগ্ৰেছৰ এটি সঁজাতি দলে আজি অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষাক এক স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰৰ জৰিয়তে অসমত নাৰীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ দাবী জনায়।এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত বক্তব্য ৰাখি কামৰূপ মহানগৰ জিলা তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী ৰেখা বৰগোহাঁইয়ে কয়,’অসমত বৰ্ধিত নাৰীজনিত অপৰাধৰ ঘটনাত আমি অসম মহিলা তৃণমূল কংগ্ৰেছ উদ্বিগ্ন হৈ পৰিছো। অসম বিধানসভাত অসম চৰকাৰে দাঙি ধৰা তথ্যত ৰাজ্যখনত দিনক দিনে নাৰীসমাজৰ সুৰক্ষা বিঘ্নিত হোৱাটো স্পষ্ট হৈ পৰিছে। দেখা গৈছে যে যোৱা ৮ মাহত ৬৩৯ টা বলাৎকাৰৰ ঘটনা সংঘটিত হৈছে । ৬৪৩ টা হত্যাকাণ্ড সংঘটিত হৈছে ৷ এই সময়ছোৱাত নাৰীজনিত অপৰাধৰ সংখ্যা ৪,০৯৮ টা। যৌতুকজনিত অপৰাধ সংঘটিত হৈছে ৯০৪টা। কেৱল এয়াই নহয়। এক দুষ্টচক্ৰই অসমৰ একাংশ যুৱতীক বহি: ৰাজ্যলৈ লৈ গৈ বিক্ৰী কৰাৰ দৰে ঘটনাও সংঘটিত হৈছে। ২০১৬ চনৰ পৰা এতিয়ালৈকে মানৱ সৰবৰাহকাৰী চক্ৰৰ কৱলত পৰা ৭০০ মহিলা বহিঃ ৰাজ্যত উদ্ধাৰ হোৱাটোৱে এই দিশৰ ভয়াৱহ ছবিখন স্পষ্ট কৰিছে।ইয়াৰ বাহিৰেও মহানগৰীৰ ভিন্ন প্ৰান্তত মহিলাৰ ডিঙিৰ পৰা চেইন চুৰিৰ ঘটনা নিত্য নৈমিত্তিক ঘটনা হৈ পৰিছে।ৰাজ্যখনত নাৰীৰ ওপৰত ক্ৰমান্বয়ে বাঢ়ি অহা অপৰাধত আমি অসম মহিলা তৃণমূল কংগ্ৰেছ উদ্বিগ্ন হৈ পৰিছোঁ ।