“নালগে দ’ক” শীৰ্ষক বিহুসুৰীয়া গীত মুকলি
ৰঙিলী বাৰ্ত্তাসেৱা- অনুপম মিউজিক ক্ৰীয়েচনৰ দ্বাৰা নিৰ্মিত কন্ঠশিল্পী কুমাৰ ভৱেশ আৰু চয়নিকা ভূঞাৰ দ্বৈত কণ্ঠত এটি বিহুসুৰীয়া “নালগে দ’ক” শীৰ্ষক গীতে সামাজিক মাধ্যমত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে । অনুপম শইকীয়া আৰু ৰুমন শইকীয়া (বাবু)ৰ কথা আৰু সুৰেৰে সজোৱা গীতটিৰ সংগীত অনুপম শইকীয়াৰ নিজা । সংগীত ব্যৱস্থাপনা দ্বীপকেশ বুঢ়াগোহাইৰ । অনুপম শইকীয়াৰ ষ্টুডিও টেম্পেটেশ্বন আৰু কুমাৰ ভৱেশৰ দেহাজান ষ্টুডিও’ত শব্দগ্ৰহন কৰা গীতটি অনুপম শইকীয়া মিউজিকেল ইউটিউব চেনেলত শুনিবলৈ পাব।
লেখক:- অভিজিত শেনচোৱা
গীতটিৰ লিংক :- https://youtu.be/xgNZ4pXPjpE?si=LzupdKj5sqtFm-UT