নামৰূপত এম’নিয়া আৰু ইউৰিয়া সাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

নামৰূপত এম’নিয়া আৰু ইউৰিয়া সাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- দুদিনীয়া ভ্রমণসূচীৰে অসমত উপস্থিত হোৱা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে নামৰূপত পূর্ব নির্ধাৰিত কাৰ্যসূচী অনুসৰি আছাম ভেলী ফার্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেডৰ ১০,৬০০ কোটি টকা ব্যয়সাপেক্ষ এম’নিয়া-ইউৰিয়া সাৰ প্ৰকল্পৰ শিলান্যাস কৰে। ইয়াৰ পিছতে হাপজানত আয়োজিত এখন বিশাল জনসভাত সম্বোধন কৰে প্রধানমন্ত্রী মোদীয়ে। অসমীয়াতে উজনিৰ ৰাইজক আন্তৰিক মৰম আৰু শ্রদ্ধা জ্ঞাপন কৰি দিয়া ভাষণত আজিৰ দিনটোত অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এটা গুৰুত্বপূর্ণ দিন ৰূপে অভিহিত কৰি তেওঁ কয় যে নামৰূপ তথা ডিব্ৰুগড়ৰ এটা দীর্ঘ প্রতীক্ষিত স্বপ্ন পূৰণ হ’ল। এই সমগ্র অঞ্চলত ঔদ্যোগিক প্ৰগতিৰ এক নতুন অধ্যায়ৰ আৰম্ভ হৈছে। কিছু সময়ৰ পূৰ্বে মই ইয়াতেই এটা এম’নিয়া-ইউৰিয়া সাৰ কাৰখানাৰ ভূমি পূজন কৰিছোঁ। ডিব্ৰুগড়লৈ অহাৰ পূৰ্বে গুৱাহাটীত উদ্বোধন কৰা হৈছে বিমানবন্দৰৰ টার্মিনেলৰ। সকলোৱে কৈছে- অসম বিকাশৰ এক নতুন গতিত উপনীত হৈছে। কিন্তু আপোনালোকে যি দেখিছে বা অনুভৱ কৰিছে, সেয়া মাথোঁ আৰম্ভণিহে। আমাৰ অসমখনক আৰু অধিক আগুৱাই নিব লাগিব। এইক্ষেত্রত আমি আগবাঢ়ি যাব লাগিব সকলোৱে একলগ হৈ। প্রধানমন্ত্রী মোদীয়ে নিজ ভাষণত এয়া চাওলুং চুকাফা আৰু মহাবীৰ লাচিত বৰফুকনৰ দেশ বুলি উল্লেখ কৰি এই প্ৰসংগত ভীমবৰ দেউৰী, শ্বহীদ কুশল কোঁৱৰ, মৰাণ ৰজা বাডৌচা, মালতী মেম, ইন্দিৰা মিৰি, স্বৰ্গদেউ সর্বানন্দ সিংহ, সতী সাধনীক শ্রদ্ধাসহকাৰে স্মৰণ কৰে। বিশাল জনসমাগম দেখি অভিভূত হৈ পৰা প্রধানমন্ত্রী মোদীয়ে উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন কৰি কয় যে এই বিপুলসংখ্যক জনসাধাৰণৰ ভালপোৱা আৰু আশীৰ্বাদ মোৰ বাবে আটাইতকৈ ডাঙৰ শক্তি-এক অনন্য অনুভূতি। অসমৰ চাহ বাগিচাৰ সুবাস লৈ অনেক ভনী ইয়ালৈ আহিছে। এই চাহৰ সুবাসে অসমৰ সৈতে আমাৰ সম্পৰ্কৰ এক অনন্য অনুভূতি গঢ়ি তোলে।দেশৰ কৃষক-খাদ্য সৰবৰাহকাৰীসকলে এখন বিকশিত ভাৰত গঢ়াৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে কৃষকৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিবলৈ আমাৰ চৰকাৰে দিনে-নিশাই কাম কৰি আছে। কৃষি কল্যাণমূলক প্রকল্পসকলৰ ভিতৰত কৃষকসকলক নিয়মীয়াভাৱে সাৰৰ সৰবৰাহ নিশ্চিত কৰাটো অত্যন্ত গুৰুত্বপূর্ণ। এই এম’নিয়া-ইউৰিয়া সাৰ কাৰখানাই ভৱিষ্যতে এয়া নিশ্চিত কৰিব। প্ৰকল্পটোৰ কাৰণে প্রায় ১১,০০০ কোটি টকা ব্যয় কৰা হ’ব। প্ৰতি বছৰে ইয়াত উৎপাদন হ’ব ১.২ মিলিয়ন মেট্রিক টনতকৈ অধিক সাৰ। লগতে নামৰূপ ইউনিটত হাজাৰ হাজাৰ নতুন কর্মসংস্থাপন তথা স্ব-কর্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব। এবাৰ এই প্রকল্পটো উৎপাদনক্ষম হৈ উঠিলে অনেক লোকে ইয়াতে স্থায়ী চাকৰি লাভ কৰিব। তদুপৰি প্ৰকল্পটোৰ সৈতে জড়িত কাম-কাজ, মেৰামতি, সৰবৰাহ বা নিৰ্মাণৰ ক্ষেত্ৰত স্থানীয় বাসিন্দাসকলৰ বাবে, বিশেষকৈ যুৱপ্ৰজন্মৰ ক্ষেত্ৰত কৰ্মসংস্থাপনৰ সুযোগ প্রশস্ত হ’ব। বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পিছতে কিয় কৃষকসকলৰ কল্যাণৰ হকে কাম কৰা হৈছে বুলি প্রশ্ন উত্থাপন কৰি এই প্ৰসংগত তেওঁ কংগ্রেছক চোকা সমালোচনা কৰে। প্রধানমন্ত্রী মোদীয়ে কয় যে বিগত কেইবাদশক ধৰি নামৰূপ সাৰ উৎপাদনৰ কেন্দ্রস্থল আছিল। এটা সময় আছিল যেতিয়া ইয়াত উৎপাদিত সাৰে উত্তৰ-পূৰ্বাঞ্চলৰ খেতিপথাৰ শক্তিশালী কৰিছিল। আনকি দেশৰ অনেক ঠাইত সাৰ সৰবৰাহৰ বিষয়টো প্রত্যাহ্বান হৈ উঠাৰ সময়তো নামৰূপ কৃষকৰ বাবে আছিল আশাৰ পোহৰ। পিছে সময়ৰ লগে লগে পুৰণা কাৰখানাসমূহৰ প্ৰযুক্তি অপ্রচলিত হ’বলৈ ধৰে। কিন্তু কংগ্ৰেছ চৰকাৰে কোনো ধৰণৰ মনোযোগ নিদিলে। ফলস্বৰূপে নামৰূপ সাৰ কাৰখানাৰ কেইবাটাও ইউনিট বন্ধ হৈ পৰে। এনে অৱস্থাত উত্তৰ-পূৰ্বাঞ্চলৰ কৃষকসকল ক্রমাগতভাৱে দুৰ্দশাৰ সন্মুখীন হয়। কিন্তু কংগ্রেছে এই সমস্যাৰ সমাধানৰ কোনো পথ বিচাৰি নাপালে। আজি আমাৰ ডাবল ইঞ্জিন চৰকাৰে কংগ্ৰেছে সৃষ্টি কৰা সমস্যাসমূহৰ সমাধান কৰিছে। কংগ্ৰেছে অৱনতি ঘটোৱা পৰিস্থিতি উন্নত কৰিবলৈ অক্লান্ত পৰিশ্ৰম কৰিছে আমাৰ চৰকাৰে। কংগ্ৰেছে ইমানেই ক্ষতি কৰিছিল যে ১১ বছৰৰ কঠোৰ পৰিশ্ৰমৰ পিছতো আমি এতিয়াও বহুত কৰিব লগা হৈছে। কংগ্ৰেছৰ শাসনকালত সাৰ কাৰখানাবোৰ বন্ধ হৈ পৰিছে। ফলস্বৰূপে আমি অদূৰ ভৱিষ্যতে ইউৰিয়া উৎপাদনত স্ব-নিৰ্ভৰশীল হোৱাৰ দিশে দৃঢ় পদক্ষেপ গ্রহণ কৰিছোঁ। এই সন্দর্ভত প্রধানমন্ত্রী মোদীয়ে ইউৰিয়া উৎপাদনৰ এক তথ্য দাঙি ধৰে। সেই অনুসৰি ২০১৪ চনত দেশত মাত্র ২২৫ লাখ মিলিয়ন মেট্রিক টন ইউৰিয়া উৎপাদন হৈছিল। বিগত ১০-১১ বছৰত এই উৎপাদন ৩০৬ লাখ মিলিয়ন মেট্রিক টনলৈ বৃদ্ধি হৈছে। তেওঁ কয় যে কিন্তু আমি ইয়াতেই ক্ষান্ত হৈ থাকিব বিচৰা নাই। কাৰণ এতিয়াও বহু কাম কৰিবলৈ বাকী আছে। কংগ্রেছে সেই সময়ত যি কাম কৰিব লাগিছিল অথচ নকৰিলে, সেই কাৰণে আমি অতিৰিক্ত কিছুমান ব্যৱস্থা গ্রহণ কৰিব লগা হৈছে। আমাৰ চৰকাৰ কৃষকৰ স্বাৰ্থৰ প্ৰতি অত্যন্ত সংবেদনশীল। বিদেশৰ পৰা উচ্চ মূল্যত ইউৰিয়া আমদানি কৰি হ’লেও কৃষকক দুৰ্যোগৰ সন্মুখীন হ’বলৈ দিয়া নাই। বিজেপি চৰকাৰে ৰাজসাহায্য দিয়ে এই বোজা বহন কৰে। ভাৰতৰ কৃষকসকলে মাত্র ৩০০ টকাত লাভ কৰে এক বেগ ইউৰিয়া। ইয়াৰ বিপৰীতে এক বেগ ইউৰিয়াৰ বাবে ভাৰত চৰকাৰে আমদানি কৰা দেশসমূহত আদায় দিব লাগে প্রায় ৩,০০০ টকা। আজি বীজৰ পৰা বজাৰ পৰ্যন্ত, বিজেপি চৰকাৰ কৃষকৰ ওচৰত থিয় হৈ আছে। কৃষিকৰ্মৰ বাবে কৃষকসকলৰ একাউণ্টত ধন দিয়া হৈছে, যাতে খেতিয়কে ঋণৰ বোজা ল’ব নালাগে। বর্তমান পর্যন্ত প্রধানমন্ত্রী কিষাণ সম্মান নিধিৰ আওতাত প্রায় ৪ লাখ কোটি টকা দিয়া হৈছে কৃষকৰ একাউণ্টত। এই বছৰ কৃষকক সাহায্য কৰাৰ বাবে ৩৫ হাজাৰ কোটি টকাৰ দুটা নতুন প্রকল্প আৰম্ভ কৰা হৈছে। প্রধানমন্ত্রী ধন ধান্য কৃষি যোজনা আৰু দলহন স্ব-নিৰ্ভৰতা মিছন। আমি কৃষকৰ চাহিদা পূৰণৰ হকে কাম কৰিছোঁ। কেন্দ্ৰত আমাৰ চৰকাৰ গঠন কৰাৰ পিছতে কিষাণ ক্রেডিট কাৰ্ডৰ সুবিধাৰ ক্ষেত্ৰত পশুপালক আৰু মীনপালককো অন্তর্ভুক্ত কৰা হৈছে। এই বছৰ কিষাণ ক্রেডিট কাৰ্ডৰ জৰিয়তে কৃষকসকলক আদায় দিয়া হৈছে ১০ লাখ কোটি টকাতকৈ অধিক জৈৱিক সাৰৰ ওপৰত জিএছটি হ্রাসে কৃষকসকলক ব্যাপকভাৱে উপকৃত কৰিছে। আমি প্রাকৃতিক কৃষিকাজ সম্পকীয় জাতীয় মিছন আৰম্ভ কৰিছোঁ। য’ত লাখ লাখ কৃষকে যোগদান কৰিছে। যোৱা কেইটামান বছৰত দেশত ১০,০০০ কৃষক উৎপাদন সংস্থা উপকৃত হৈছে। বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলত আমাৰ চৰকাৰে ভৈজ্য তেল সম্পর্কীয় এটা অভিযান আৰম্ভ কৰিছে-পাম্প তেল। এই মিছনে ভাৰতক কেৱল ভৈজ্য তেলক আত্মনিৰ্ভৰশীল কৰাই নহয়, বৰং ই কৃষকসকলৰ আয়ো বৃদ্ধি কৰিব। এই অঞ্চলত যথেষ্টসংখ্যক চাহ শ্রমিক আছে। বিজেপি চৰকাৰে অসমৰ ৭,৫০,০০০ চাহ শ্রমিকৰ বাবে বেংক একাউন্ট খুলিছিল। আমাৰ চৰকাৰে চাহ বাগিচা এলেকাত বিদ্যালয়, পথ, বিদ্যুৎ, খোৱাপানী আৰু চিকিৎসালয়ৰ সুবিধা সম্প্ৰসাৰণ কৰিছে। চৰকাৰে সবকা সাথ, সবকা বিকাশ নীতিৰে আগবাঢ়ি যোৱাৰ কথা দোহাৰি প্ৰধানমন্ত্ৰী মোদীয়ে এই দৃষ্টিভংগীৰ বাবে দেশৰ দৰিদ্ৰ পৰিয়ালসকলৰ পৰিয়াললৈ এক গভীৰ পৰিৱৰ্তন আনিছে বুলি দাবী কৰে। তেওঁ সদৰী কৰা অনুসৰি বিগত ১১ বছৰত ২৫ কোটি লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে। ইয়াৰ লগে লগে দেশত আর্বিভাৱ ঘটিছে এক নব্য মধ্যবিত্ত শ্ৰেণীৰ। বিজেপিৰ ডাবল ইঞ্জিনৰ চৰকাৰ দৰিদ্ৰ-আদিবাসী-যুৱ সমাজ-মহিলাসকলৰ চৰকাৰ বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰ কয় যে সেই কাৰণে আমাৰ চৰকাৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত কেইবাদশক ধৰি চলা হিংসাৰ অৱসান ঘটাবলৈ কাম কৰিছে। আমাৰ চৰকাৰে সৰ্বদা অসমৰ পৰিচয় আৰু সংস্কৃতিক অগ্ৰাধিকাৰ দিয়ে। প্ৰতিটো প্লেটফৰ্মত অসমীয়াৰ গৰ্বৰ প্ৰতীক উপস্থাপন কৰা হয়। আমি অতি গৌৰৱেৰে মহাবীৰ লাচিত বৰফুকনৰ ১২৫ ফুট উচ্চতাৰ প্ৰতিমূর্তি স্থাপন কৰিছোঁ। অসমৰ গৌৰৱ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদ্যাপন কৰা হৈছে। আমি অসমৰ কলা-শিল্প আৰু গামোচাক বিশ্বব্যাপী স্বীকৃতি দিছোঁ। মাত্র কিছুদিন পূৰ্বে ৰাছিয়াৰ ৰাষ্ট্ৰপতি আহিছিল। তেওঁ যেতিয়া দিল্লীত আছিল, তেতিয়া মই গৌৰৱেৰে তেওঁক অসমীয়াৰ কলা চাহ উপহাৰ দিছিলোঁ। অসমৰ মৰ্যাদা বৃদ্ধি কৰি এনেধৰণৰ প্ৰতিটো কামকে অগ্রাধিকাৰ দি আহিছোঁ। এই প্ৰসংগতে নিজ ভাষণত কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰে প্রধানমন্ত্রী মোদী। তেওঁ একপ্ৰকাৰ তীক্ষ্ণ সমালোচনাৰে থকা-সৰকা কৰে প্ৰধান বিৰোধী দলটোক। প্রধানমন্ত্রী মোদীয়ে কয় যে আমাৰ চৰকাৰে যেতিয়া ভূপেনদাক ভাৰতৰত্ন প্ৰদান কৰিছিল, তেতিয়া কংগ্ৰেছে প্রকাশ্যে তাৰ বিৰোধিতা কৰিছিল। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিয়ে কৈছিল-‘মোদীয়ে নৃত্যশিল্পী আৰু গায়কসকলক ভাৰতৰত্ন দিছে।’ এয়া ভূপেনদা-শিল্প-সংস্কৃতি-অসমৰ প্ৰতি অপমান নহয়নে? কংগ্রেছে দিনে-নিশাই এটা কামেই কৰে-অপমান। যেতিয়া আমি অসমত ছেমিকণ্ডাক্টৰ ইউনিট স্থাপন কৰিছিলোঁ, তেতিয়াও কংগ্ৰেছে তাৰ বিৰোধিতা কৰিছিল। কংগ্ৰেছ চৰকাৰে দশক দশক ধৰি চাহ জনগোষ্ঠীৰ ভাতৃ-ভগ্নীসকলক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছিল। কিন্তু বিজেপি চৰকাৰে তেওঁলোকক ভূমিৰ অধিকাৰ আৰু মৰ্যাদাপূর্ণ অধিকাৰ দিছে। মই নিজেই এজন চাহ বিক্রেতা। যদি ময়েই এইটো নকৰোঁ, তেন্তে কোনো কৰিব। কংগ্ৰেছে আজিও দেশবিৰোধী চিন্তা-ধাৰণা প্ৰচাৰ কৰে। তেওঁলোকে অসমৰ বনাঞ্চলত বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বসতি স্থাপন কৰিব বিচাৰে। যাতে তেওঁলোকৰ ভোট বেংক শক্তিশালী হয়। অসম আৰু ইয়াৰ জনগণৰ সৈতে কংগ্ৰেছৰ কোনো সম্পর্ক নাই। তেওঁলোক কেৱল ক্ষমতা আৰু চৰকাৰক লৈ আগ্রহী। সেইবাবেই কংগ্রেছে অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীসকলক পছন্দ কৰে। কংগ্ৰেছে নিজেই অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ বসতি স্থাপন কৰি দিছে তথা তেওঁলোকক সুৰক্ষা দিছে। সেয়েহে ভোটাৰ তালিকাৰ শুদ্ধিকৰণৰ বিৰোধিতা কৰে কংগ্রেছে। আমি অসমক কংগ্ৰেছৰ এই তুষ্টিকৰণ আৰু ভোট বেংকৰ বিষয়ৰ পৰা ৰক্ষা কৰিব লাগিব। মই আজি গেৰাণ্টী দিছোঁ অসমৰ পৰিচয়-সন্মান ৰক্ষাৰ বাবে বিজেপি ইস্পাতৰ দৰে আপোনালোকৰ ওচৰত থিয় হৈ আছে। উন্নত ভাৰত গঢ়াৰ ক্ষেত্ৰত পূব ভাৰত বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ ভূমিকা ক্রমাগতভাবে বৃদ্ধি হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে মই পূর্বতেই কৈছোঁ, ভাৰতৰ উন্নয়নত ইঞ্জিন হৈ উঠিব পূব ভাৰত। নামৰূপত এই নতুন প্রকল্পটো এনে পৰিৱৰ্তনৰে এক উদাহৰণ। ইয়াত উৎপাদিত সাৰ কেৱল অসমৰ মাজতেই সীমাবদ্ধ নাথাকিব। ভৱিষ্যতে উত্তৰ-পূৰ্বাঞ্চল স্ব-নিৰ্ভৰশীল ভাৰতৰ এটা প্রধান কেন্দ্র হিচাপে গঢ়ি উঠাৰেই ইংগিত দিয়ে নামৰূপৰ দৰে প্ৰকল্পসমূহে। ই যথার্থতে অষ্টলক্ষ্মীত পৰিণত হ’ব।প্ৰধানমন্ত্ৰীৰ সৈতে নামৰূপৰ সভাত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম চৰকাৰৰ মন্ত্ৰী বিমল বড়া, যোগেন মহন, প্ৰশান্ত ফুকনৰ লগতে ডিব্ৰুগড় জিলাৰ কেইবাগৰাকী বিধায়ক ।