নামেৰী ৰাষ্ট্ৰীয় উদ্যান – পাৰ্শ্ব জ্যোতি ভাগৱতী

PcTour My India

নামেৰী ৰাষ্ট্ৰীয় উদ্যান

পাৰ্শ্ব জ্যোতি ভাগৱতী

নামেৰী হৃদয়ত সেউজীয়া আঁচল,
প্ৰকৃতিৰ মাজত সপোনৰ‌‌ বঁটা।
কামেং নদীৰ সু-মধুৰ সুৰত,
বনৰীয়া জীৱই গঢ়ে জীৱনৰ কথা।
পাখিৰ গানত মগ্ন বন ,
জীৱনৰ ৰঙীন সুৰ,
চৰাইৰ শব্দ , হাতীৰ সাঁচ,
নাই প্ৰকৃতিত কেতিয়াও দূৰ ।
কামেঙ নদীৰ মিঠা সুৰধ্বনিয়ে,
জীৱনক  জীপাল কৰে।
নদীৰ বালিত, সেউজ বনত‌,
প্ৰকৃতিৰ হিয়াৰ গাথা বয়।
নামেৰীৰ বন, অসমৰ গৰ্ভিত অহং,
সেউজ পাতৰ শোভত পিন্ধে জীৱন।
আহা , হে সহযাত্ৰী, অনুভৱ কৰা,
প্ৰকৃতিৰ হৃদয়ত জ্বলি থকা চন্দন।