নামিবিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে বিভূষিত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী

নামিবিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে বিভূষিত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী

ৰঙিলী বাৰ্ত্তাসেৱা- পাঁচ দেশীয় ভ্ৰমণৰ অন্তিম দেশ হিচাপে দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰ নামিবিয়াত উপস্থিত হয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী। প্রধানমন্ত্রী হিচাপে প্রথমবাৰৰ বাবে নামিবিয়া ভ্ৰমণ কালতে দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে বিভূষিত কৰা হয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক। নামিবিয়াৰ ৰাষ্ট্ৰপতি ড° নেটুম্ব’ নন্দী-এনডাইটৱাহে দেশখনৰ সর্বোচ্চ অসামৰিক সন্মান ‘অৰ্ডাৰ অৱ দ্য ম’ষ্ট এনচিয়েন্ট বেলউইটচিয়া মিৰাবিলিজ’ অর্পণ কৰে প্রধানমন্ত্রী মোদীক। ব্রাজিলৰ পৰা বুধবাৰে পুৱা প্রধানমন্ত্রী মোদীয়ে নামিবিয়াৰ ৰাজধানী উইন্ধক’ৰ হোছিয়া কুটাকো আন্তর্জাতিক বিমানবন্দৰত অৱতৰণ কৰাৰ পাছতে দেশখনৰ আন্তর্জাতিক সম্পৰ্ক আৰু বাণিজ্য মন্ত্রী ছেলবা আছিপালা মুচাব্বিয়ে আদৰণি জনায়।  দেশখনৰ পৰম্পৰাগত নৃত্য-গীতেৰে প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনোৱাৰ সময়ত মোদীয়ে পৰম্পৰাগত ড্রাম বজাই আনন্দ-উল্লাস কৰে। ভাৰতৰ তৃতীয়গৰাকী প্রধানমন্ত্রী হিচাপে নামিবিয়া ভ্রমণ কৰা প্রধানমন্ত্রী মোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হৈ দুয়ো দেশৰ কৌশলগত, বাণিজ্য, বিকাশ, সহযোগিতাৰ ওপৰত আলোচনা কৰে। তদুপৰি প্রধানমন্ত্রী মোদীয়ে নামিবিয়াৰ সংসদসকলক সম্বোধন কৰি আফ্ৰিকাৰ সৈতে ভাৰতৰ গভীৰ সম্পর্কৰ বিষয়ে ব্যাখ্যা কৰে। দ্বিপাক্ষিক বৈঠকত দুয়ো দেশৰ সহযোগিতা, সমন্বয় উজ্জীৱিত কৰিবলৈ চাৰিখন চুক্তিও স্বাক্ষৰিত হয়। শক্তি আৰু স্বাস্থ্যসেৱাকে ধৰি চাৰিখন চুক্তি স্বাক্ষৰিত হয়। ইপিনে নামিবিয়াত অৱতৰণ কৰাৰ পাছতে আদৰণি জনোৱাৰ অন্তত প্রধানমন্ত্রী মোদীয়ে নামিবিয়াৰ প্ৰতিষ্ঠাপক তথা প্ৰথম ৰাষ্ট্ৰপতি ড° ছাম নুজমাক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। উল্লেখ্য যে পাঁচ দেশীয় ভ্ৰমণৰ সময়ত প্রধানমন্ত্রী মোদীক আটাইকেইখন দেশে সর্বোচ্চ অসামৰিক সন্মান আগবঢ়ায়।