নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্প সম্পৰ্কত কেন্দ্ৰীয় শক্তি মন্ত্ৰীৰ বক্তব্য সম্পৰ্কত আপ ৰ প্ৰতিক্ৰিয়া

নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্প সম্পৰ্কত কেন্দ্ৰীয় শক্তি মন্ত্ৰীৰ বক্তব্য সম্পৰ্কত আপ ৰ প্ৰতিক্ৰিয়া
মানুহ মৰাৰ পিছতো চৰকাৰে নদীবান্ধ বিপদজনক বুলি কৈ দায় সামৰিব নেকি ? — ৰাজীব শইকীয়া

ৰঙিলী বাৰ্ত্তাসেৱা-  গেৰুকামুখৰ প্ৰকল্প যদি বিপজ্জনক তেন্তে বিকল্প ব্যৱস্থা লোৱা নাই কিয় ? মানুহ মৰি যোৱাৰ পিছতো নামনি সোৱনশিৰি বৃহৎ নদীবান্ধ বিপদজনক আছিল বুলি চৰকাৰে দায়িত্ব সাঁমৰিব নেকি ? যদি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ ৰাইজৰ ওচৰত দায়বদ্ধ তেন্তে নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ ক্ষেত্ৰত বিশেষজ্ঞ কমিটীৰ পৰামৰ্শ মানি পুনঃনিৰ্মাণ কৰক ৷ এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আম আদমি পাৰ্টী, অসমৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ৰাজীব শইকীয়াই ৷ দেশৰ ৪৬টা বৃহৎ নদীবান্ধৰ লগতে অসমৰ গেৰুকামুখৰ নামনি সোৱনশিৰি বৃহৎ জলবিদ্যুৎ প্ৰকল্প বিপজ্জনক আৰু স্পৰ্শকাতৰ বুলি সংসদত শক্তি মন্ত্ৰী শ্ৰীপদ নায়কে কৰা ঘোষণাৰ পিছতে আপৰ ৰাজ্যিক সাধাৰণ সম্পাদকজনে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত আপৰ নেতাজনে কয়, বিশেষজ্ঞ কমিটীৰ প্ৰতিবেদন নস্যাৎ কৰি গেৰুকামুখৰ বৃহৎ নদীবান্ধৰ নিৰ্মাণ কৰা বাবেই আজি এন এইচ পি চি আৰু কেন্দ্ৰীয় চৰকাৰে নদীবান্ধটো মুকলিৰ ক্ষেত্ৰত বাৰম্বাৰ চিন্তা কৰিবলগীয়া হৈছে ৷ এই বান্ধ জনজীৱনৰ বাবে বিপজ্জনক বুলি জানিও কেন্দ্ৰীয় চৰকাৰে এন এইচ পি চি ক ইয়াৰ নিৰ্মাণৰ অনুমতি প্ৰদান কৰিলে ৷ এই প্ৰকল্পত বিদ্যুৎ উৎপাদনৰ বাবে মুকলি কৰিবলৈ সকলো কাৰিকৰী দিশ অধ্যয়ন কৰি প্ৰতিবেদন দাখিল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চ প্ৰদস্থ দল গেৰুকামুখলৈ পথোৱাৰ পিছতো এই পৰ্যন্ত প্ৰকল্পটো মুকলি কৰিবলৈ এন এইচ পি চিয়ে সেউজ সংকেট নোপোৱা বিষয়টোয়ে কি সূচাইছে বুলিও চৰকাৰক প্ৰশ্ন কৰিছে ৷ আনহাতে বৃহৎ নদীবান্ধ হ’বলৈ দিয়া নহ’ব বুলি জনমত গঠন কৰি কেন্দ্ৰ আৰু ৰাজ্যৰ ক্ষমতা দখল কৰা বিজেপি দলৰ এই সম্পৰ্কত প্ৰতিক্ৰিয়া কি তাক ৰাজহুৱাকৈ জনাবলৈ দলটোৰ অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়াক প্ৰত্যাহ্বান জনাইছে আপৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদকজনে ৷ তেওঁ কয় যে বিজেপিয়ে জনমতক উপেক্ষা কৰি গেৰুকামুখৰ বৃহৎ নদী বান্ধ নিৰ্মাণ কৰিলে ৷ গতিকে তেওঁলোকৰ বিচাৰ ৰাইজৰ কাঠগড়াত হ’ব ৷ বিজেপিৰ অসমৰ নেতৃত্ব আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰৰ ওচৰত লেও হেও বুলি মন্তব্য কৰি আপৰ নেতাজনে কয়, এনে নোহোৱা হ’লে কেন্দ্ৰীয় শক্তি মন্ত্ৰীজনে গেৰুকামুখৰ প্ৰকল্প বিপজ্জনক বুলি কোৱাৰ পিছত মুখ্যমন্ত্ৰী আৰু বিজেপিৰ নেতৃত্বই ৰাইজৰ পক্ষত থাকি বিকল্প ব্যৱস্থাৰ হকে পদক্ষেপ ল’লেহেঁতেন ৷