নামনি শোৱনশিৰি প্ৰকল্পৰ পৰিস্থিতিক লৈ উদ্বিগ্ন জাতীয় পৰিষদ

নামনি শোৱনশিৰি প্ৰকল্পৰ পৰিস্থিতিক লৈ উদ্বিগ্ন জাতীয় পৰিষদ

ৰঙিলী বাৰ্ত্তাসেৱা- বিজেপি দলৰ বিশ্বাসঘাতকতা, প্ৰতাৰণা আৰু মিথ্যাচাৰৰ পৰিণতিত নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পত শেহতীয়া উগ্বেগজনক অঘটনটো সংঘটিত হ’বলৈ পালে৷ – এই অভিযোগ অসম জাতীয় পৰিষদৰ৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই আজি এক প্ৰেছ বিজ্ঞপ্তিযোগে কয় যে বিজেপি দলে আৰম্ভণিৰে পৰা অসমত বৃহৎ নদীবান্ধ স্থাপনৰ বিৰোধিতা কৰি আহিছিল৷ বিজেপিৰ চৰকাৰ আহিলে গেৰুকামুখ প্ৰকল্পটো ভাঙি দিয়া হ’ব বুলি বিজেপিৰ সেই সময়ৰ ৰাষ্ট্ৰীয় সভাপতি ৰাজনাথ সিঙে গেৰুকামুখত উপস্থিত হৈ ঘোষণা কৰাৰ বাবেই ২০১৬ চনৰ নিৰ্বাচনত বিজেপি দলক অসমবাসী ৰাইজে ভোট দিছিল৷ কিন্তু ক্ষমতাত বহিয়ে বিজেপি ওলোটা খৰ মাৰি বৃহৎ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণত উদগণি যোগোৱাৰ লগতে প্ৰতিবাদী ৰাইজৰ কণ্ঠ ৰোধৰ ষড়যন্ত্ৰত লিপ্ত হয়৷ তাৰেই পৰিণতিত এতিয়া সোৱনশিৰিপাৰৰ ৰাইজে এনে দুৰ্দিনৰ আশংকাত দিন অতিবাহিত কৰিবলগীয়া হৈছে৷ বৃহৎ নদীবান্ধে অসমৰ মানুহ, সম্পদ আৰু সভ্যতাৰ প্ৰতি ভাৱুকি কঢ়িয়াইছে বুলি জনাৰ পিছতো বিজেপি দলে অসমবাসীক প্ৰতাৰণা কৰাটো দুৰ্ভাগ্যজনক৷উল্লেখযোগ্য যে গেৰুকামুখৰ নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পত শেহতীয়াভাৱে পাহাৰ খহি সৃষ্টি হোৱা দুৰ্যোগৰ পিছত নামনি অঞ্চলৰ ৰাইজৰ মাজত উদ্বিগ্নতা বৃদ্ধি পাইছে৷ গগৈ আৰু ভূঞাই কয় যে এফালে শুকান বতৰত বৰষুণ নোহোৱাকৈ পাহাৰ খহি প্ৰকল্পৰ ব্যাপক ক্ষতি সাধনৰ লগতে নৈৰ সুঁতিত প্ৰভাৱ পেলোৱা আৰু আনহাতে প্ৰকল্পৰ নামনিত শোৱনশিৰি নৈৰ পানী কমি তৰাং পৰিৱেশৰ সৃষ্টি কৰা দুয়োটাই মাৰাত্মকভাৱে উদ্বেগজনক৷ কিয়নো এই দুয়োটা পৰিস্থিতিৰে আশংকা ৰাইজে আৰম্ভণিৰে পৰা কৰি আছে৷ শেহতীয়া  গৰাখহনীয়াৰ ফলত নৈৰ সুঁতি বন্ধ হৈ ১২ঘন্টাতকৈ অধিক সময়ৰে পৰা শোৱনশিৰি নৈত পানী বব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিছত কাষৰীয়া অঞ্চলৰ ৰাইজ সংকটত পৰাৰ সমান্তৰালকৈ নৈৰ বুকুত থকা আপুৰুগীয়া শিহুকে ধৰি মাছ-কাছবোৰ মৰি যোৱাৰ দৰে গভীৰ দুৰ্যোগৰ সৃষ্টি হোৱাটো নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ অদূৰদৰ্শিতাৰ কুফল৷ এনে মাৰাত্মক ক্ষতিৰ দায়-দায়িত্বৰ পৰা চৰকাৰ তথা নিৰ্মাণকাৰী প্ৰতিষ্ঠান এন এইচ পি চিয়ে দায় সাৰিব নোৱাৰে৷গগৈ আৰু ভূঞাই লগতে কয় যে ঠুনুকা পাহাৰ কাটি প্ৰকল্প নিৰ্মাণ আৰু বান্ধ দি নদীৰ সুঁতি সলনিৰ পিছত নামনি অঞ্চলত জলসংকটৰ সৃষ্টিৰ আশংকা আৰম্ভণিৰে পৰা কৰি প্ৰতিবাদকাৰী ৰাইজ তথা দল-সংগঠনে চৰকাৰ তথা এন এইচ পি চিক সকীয়নি দি আহিছিল৷ আনকি বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনতো এনে কুপৰিণতিৰ আশংকা কৰা হৈছিল৷ কিন্তু কাৰো কথা নুশুনাকৈ এন এইচ পি ছিয়ে নিৰ্মাণকাৰ্য্য অব্যাহত ৰখাৰ পৰিণতিত উক্ত নেতিবাচক ছবিখন লাহে লাহে উদ্ভাসিত হ’বলৈ লৈছে৷ ভৱিষ্যতৰ দিনত পৰিস্থিতি অধিক ভয়ৱহ হৈ পৰাৰ আশংকাও নুই কৰিব নোৱাৰি৷’ডাউনষ্ট্ৰীম ইমপেক্ট ষ্টাডী’ (নামনিত হ’ব পৰা ক্ষয়-ক্ষতি অধ্যয়ন) নকৰাকৈয়ে প্ৰকল্প নিৰ্মাণৰ এয়া অৱধাৰিত পৰিণতি বুলি ভৱাৰ থল আছে বুলি মত প্ৰকাশ কৰি গগৈ আৰু ভূঞাই কয় যে বৃহৎ নদীবান্ধৰ সলনি ক্ষুদ্ৰ জলবিদ্যুত প্ৰকল্প স্থাপনৰ জৰিয়তে বিজুলী উৎপাদনক অসম জাতীয় পৰিষদে সমৰ্থন কৰে৷ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহৎ নগীবান্ধৰ সলনি ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্প স্থাপনৰ পোষকতা কৰি আহিছে৷ তেনে স্থলত বিজেপিৰ চৰকাৰে নামনি সোৱনশিৰি জলবিদ্যুত প্ৰকল্প স্থাপনক উৎসাহিত কৰাটো ৰহস্যজনক তথা দুৰ্ভাগ্যজনক৷ শেহতীয়া দুৰ্যোগৰ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি কি কাৰণত তেনে পৰিস্থিতি হ’বলৈ পালে সেয়া নিশ্চিত কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক দাবী জনাই জাতীয় পৰিষদৰ নেতাদ্বয়ে বিবৃতিটোত কয় যে ‘ডাউনষ্ট্ৰীম ইমপেক্ট ষ্টাডী’ৰ জৰিয়তে  ৰাইজৰ মনৰ আশংকা-উদ্বিগ্নতা দূৰ নকৰাকৈ প্ৰকল্প নিৰ্মাণৰ কাম এক ইঞ্চিও আগবঢ়োৱাটো উচিত নহ’ব৷ কিয়নো শেহতীয়া পৰিস্থিতিৰ পিছত ৰাইজৰ উদ্বিগ্নতা এতিয়া দুগুণে বাঢ়িছে৷ ‘ডাউনষ্ট্ৰীম ইমপেক্ট ষ্টাডী’ সম্পাদন নোহোৱালৈকে নিৰ্মাণকাৰ্য্য বন্ধ ৰখাৰ দাবী দোহাৰি জাতীয় পৰিষদৰ নেতাদ্বয়ে কয় যে বিজুলীৰ চাহিদা পূৰণতকৈ ৰাইজৰ জীৱন-জীৱিকা আৰু ৰাজ্যৰ জৈৱ বৈচিত্ৰৰ ভাৰসাম্যতা ৰক্ষা কৰাটো অধিক জৰুৰী – এই কথাটো উপলব্ধি কৰাটো চৰকাৰৰ দায়িত্ব৷ আনহাতে শেহতীয়া দুৰ্যোগে নৈৰ পানী শুকুৱাই দিয়াৰ দৰে পৰিৱেশ সৃষ্টিৰ পিছত শোৱনশিৰি নৈত থকা আপুৰুগীয়া শিহুকেইটা আৰু মাছ-কাছ আদি জীৱবোৰ কি অৱস্থাত আছে, তাৰো এক শুকীয়া অধ্যয়ন কৰি প্ৰতিবেদন শীঘ্ৰে ৰাজহুৱা কৰিবলৈ গগৈ আৰু ভূঞাই চৰকাৰৰ ওচৰত দাবী জনায়৷