নামনি মাজুলী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত মনোজ্ঞ অনুষ্ঠান

নামনি মাজুলী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত মনোজ্ঞ অনুষ্ঠান ;

বিষয় শিক্ষক নলীন হাজৰিকা আৰু অৰুণ বৰাৰ অৱসৰী বিদায় সম্বৰ্ধনা সভা ; 

 “শিক্ষকতা এক সম‌ৰ্পিত সেৱা”: লিপিকা বূঢ়াগোহাঞি:

বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলী জিলাৰ নামনি মাজুলীৰ মাধ্যমিক শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান নামনি মাজুলী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত স্নাতকোত্তৰ বিষয় শিক্ষক নলীন হাজৰিকা আৰু আৰু অৰুণ বৰাৰ অৱসৰী বিদায় সম্বৰ্ধনা সভাখন আজি বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। নামনি মাজুলী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ কতৃপক্ষ,শিক্ষক কৰ্মচাৰী সন্থা, ছাত্ৰ একতা সভাৰ উদ্যোগত আজি অনুষ্ঠিত হোৱা এক মনোজ্ঞ অনুষ্ঠানত দুয়োগৰাকী সদ্য অৱসৰপ্ৰাপ্ত শিক্ষকক আজি আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয়। উক্ত বিদায় সম্বৰ্ধনা অনুষ্ঠান উপলক্ষে আজি পুৱা দহ বজাত প্ৰথমে বিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰৰ দুয়োগৰাকী শিক্ষকক সমদল কৰি বিদ্যালয়ৰ প্ৰেক্ষাগৃহলৈ আদৰি অনা হয়।

দুপৰীয়া এঘাৰ বজাৰ পৰা বিদ্যালয়ৰ প্ৰেক্ষাগৃহত নলীন হাজৰিকা আৰু অৰুণ বৰাৰ অৱসৰী বিদায় সম্বৰ্ধনা সভাখন অনুষ্ঠিত হয়। বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কুশল হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত বিদায় সম্বৰ্ধনা সভাখনৰ আঁত ধৰে বিদ্যালয়ৰ বিষয় শিক্ষক দিগন্ত শইকীয়া আৰু অজিত ভূঞাই।  বিদ্যালয়ৰ ছাত্ৰী পাপুলি দাসৰ কন্ঠৰ বৰগীতৰে শুভাৰম্ভ হোৱা উক্ত বিদায় সম্বৰ্ধনা সভাখনত সদ্য অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক নলীন হাজৰিকা আৰু অৰুণ বৰাক বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী গোটৰ সভাপতি প্ৰশান্ত শইকীয়া আৰু সম্পাদক দিগন্ত শইকীয়াৰ নেতৃত্বত প্ৰথম সম্বৰ্ধনা জ্ঞাপন কৰে।  তাৰপিছত বিদ্যালয়ৰ পৰিচালনা সমিতি,ছাত্ৰ একতা সভা, বিদ্যালয়ৰ ন পুৰণি ছাত্ৰ-ছাত্ৰী, স্থানীয় ৰাইজ, সভাত উপস্থিত থকা বিশিষ্ট অতিথি সকলোৱে অৱসৰপ্ৰাপ্ত শিক্ষকদ্বয়ক সম্বৰ্ধনা জনায়।

উক্ত,বিদায় সম্বৰ্ধনা সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মাজুলী জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শিকা লিপিকা বূঢ়াগোহাঞিয়ে শিক্ষকতা এক সমৰ্পিত সেৱা আৰু মহান দায়িত্ব  বুলি ব্যাখ্যা কৰে আৰু অৱসৰপ্ৰাপ্ত শিক্ষকদ্বয়ক ভৱিষ্যত জীৱনলৈ শুভেচ্ছা জ্ঞাপন কৰি পুনৰ সমাজৰ লগত সংপৃক্ত হ’বলৈ আহ্বান জনায় ভাষন প্ৰদান কৰে। তেওঁ শিক্ষা অনুষ্ঠানত ছাত্ৰ, শিক্ষক আৰু অভিভাৱকৰ ভূমিকাও ব্যাখ্যা কৰে।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে নামনি মাজুলী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অনিল কুমাৰ বৰা, অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক লক্ষেশ্বৰ নেওগ, চিত্ৰ কমল শইকীয়া ,সমাজকৰ্মী ৰেণু দলে, পীতাম্বৰ দেৱ গোস্বামী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অজিত সভাপণ্ডিত , আঁহতগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক চন্দ্ৰ বৰা, নামনি মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা পীতাম্বৰ দাস, বিদ্যালয়ৰ অভিভাৱক অনিল বৰুৱা, ত্ৰৈলোক্য পেগু , অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী হেম বৰা আদিয়ে অংশগ্ৰহণ কৰি ভাষন প্ৰদান কৰে। অনুষ্ঠানত সম্বৰ্ধিত, অৱসৰপ্ৰাপ্ত শিক্ষক নলীন হাজৰিকা আৰু অৰুণ বৰাই নিজৰ কৰ্মজীৱনৰ নিৰ্মোহ বিশ্লেষণ আগবঢ়াই ভাষন প্ৰদান কৰে। অনুষ্ঠানত শলাগ জ্ঞাপন কৰে বিষয় শিক্ষক অজিত ভূঞাই।