নামনি মাজুলী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ ” ৰাষ্ট্ৰীয় সেৱা আঁচনি গোট”ৰ সজাগতা সভা সম্পন্ন
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলী শিক্ষা খণ্ডৰ অন্তৰ্গত নামনি মাজুলী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ ” ৰাষ্ট্ৰীয় সেৱা আঁচনি গোট”( এন এছ এছ’) ৰ স্বেচ্ছাসেৱকসকলে কালি মহৰিচুক জনজাতি উচ্চ মাধ্যমিক বিদ্যালয় আৰু শ্ৰীলোহিত উচ্চ মাধ্যমিক বিদ্যালয়ত দুখন সজাগতা সভা অনুষ্ঠিত কৰে। নামনি মাজুলী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ আঁচনি বিষয়া প্ৰশান্ত শইকীয়াৰ নেতৃত্বত যোৱা এন এছ এছ’ স্বেচ্ছাসেৱকসকলে বাল্য বিবাহ প্ৰতিৰোধ, শিশুৰ শিক্ষা অধিকাৰ আৰু শিশু শ্ৰমিক বন্ধ কৰাৰ ওপৰত কেইবাটাও সজাগতামূলক গুৰুত্বপূৰ্ণ কাৰ্যসূচী ৰূপায়ন কৰে। উক্ত, সজাগতা অনুষ্ঠানত নামনি মাজুলী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মদন গগৈয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বাল্য বিবাহ প্ৰতিৰোধ, শিশুৰ শিক্ষা অধিকাৰ আৰু শিশু শ্ৰমিক বন্ধ কৰাৰ ওপৰত বিভিন্ন পৰামৰ্শ প্ৰদান কৰে। এই সজাগতা অনুষ্ঠানত মহৰিচুক জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অনিল শইকীয়া, শ্ৰীলোহিত উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক বিষ্ণু মূদৈয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি সজাগতামূলক ভাষন প্ৰদান কৰে। দুয়োখন সজাগতা সভাৰ আঁত ধৰে প্ৰশান্ত শইকীয়াই। সজাগতা সভাত উপস্থিত থকা স্থানীয় ৰাইজ, শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলে নামনি মাজুলী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ এন এছ এছ’ গোটক এনে পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। উল্লেখযোগ্য যে নামনি মাজুলী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ স্বেচ্ছাসেৱকসকলে নামনি মাজুলীৰ বিভিন্ন প্ৰান্তত গৈ গাঁৱে গাঁৱে বাল্য বিবাহ প্ৰতিৰোধ, শিশুৰ শিক্ষা অধিকাৰ আৰু শিশু শ্ৰমিক বন্ধৰ বাবে সজাগতা সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।