নামনি মাজুলী জিলা পৰিষদ আসনৰ বাবে সহস্ৰাধিক সমৰ্থকক লৈ মিত্ৰজোঁটৰ প্ৰাৰ্থী জুন্টি মিলি পায়েঙৰ মনোনয়ন দাখিল

নামনি মাজুলী জিলা পৰিষদ আসনৰ বাবে সহস্ৰাধিক সমৰ্থকক লৈ মিত্ৰজোঁটৰ প্ৰাৰ্থী জুন্টি মিলি পায়েঙৰ মনোনয়ন দাখিল

বিকাশ শইকীয়া , মাজুলী ,ৰঙিলী বাৰ্ত্তাসেৱা-সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে সমগ্ৰ মাজুলীত ৰাজনৈতিক দল সমূহে ব্যাপক তৎপৰতা অৱলম্বন কৰিছে। ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ তৎপৰতাৰ সমান্তৰালকৈ বিৰোধী জাতীয় কংগ্ৰেছ দলেও ব্যাপক প্ৰস্তুতি চলাইছে । শুকুৰবাৰে নামনি মাজুলী জিলা পৰিষদৰ মিত্ৰ জোঁটৰ প্ৰাৰ্থী জুন্টি মিলি পায়েঙে সহস্ৰাধিক সমৰ্থকসহ মনোনয়ন পত্ৰ দাখিল কৰে। ভাৰতীয় জনতা পাৰ্টীৰ মাজুলী জিলাৰ মহিলা মৰ্চাৰ প্ৰাক্তন সভানেত্ৰী, মহিলা মৰ্চাৰ ৰাজ্যিক সমিতিৰ প্ৰাক্তন সদস্যা জুন্টি মিলি পায়েঙে শুকুৰবাৰে মনোনয়ন দাখিলৰ অন্তিম দিনা তেওঁৰ ২ নং বৰগঞাৰ  বাসগৃহৰ পৰা সহস্ৰাধিক সৰ্মথকৰ সৈতে  সমদল কৰি মাজুলী জিলাৰ নিৰ্বাচনী কাৰ্যালয়লৈ যায় আৰু নিৰ্বাচনী বিষয়াৰ হাতত মনোনয়ন দাখিল কৰে । উল্লেখযোগ্য যে জুন্টি মিলি পায়েঙে ২০১১ চনৰ পৰাই  ভাৰতীয় জনতা পাৰ্টিৰ তৃণমূল কৰ্মী হিচাপে দললৈ সেৱা আগবঢ়ায় আছে। ভাৰতীয় জনতা পাৰ্টিৰ মাজুলী জিলা নিৰ্বাচনী সমিতিয়ে জুন্টি মিলি পায়েঙক মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰাত মিত্ৰজোঁটৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। ইফালে নামনি মাজুলী জিলা পৰিষদ আসনখনৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী দিপালী পাটিৰেও শুকুৰবাৰে মনোনয়ন পত্ৰ দাখিল কৰিছে।