নামনি মাজুলী আঁহতগুৰি শাখা সাহিত্য সভাৰ সাধাৰণ সভা ; নতুন সমিতি গঠন
বিকাশ শইকীয়া, মাজুলী ,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলী জিলা সাহিত্য সভাৰ অন্যতম শাখা ” আঁহতগুৰি শাখা সাহিত্য সভা”ৰ সাধাৰণ সভাখন আজি আঁহতগুৰি হাইস্কুলত অনুষ্ঠিত হয়। আঁহতগুৰি হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে পৰিৱেশন কৰা সাহিত্য সভাৰ উদ্বোধনী গীতেৰে আৰম্ভ হোৱা সভাখনৰ আঁত ধৰে শাখা সাহিত্য সভাৰ সম্পাদক কুমুদ বৰাই। আঁহতগুৰি শাখা সাহিত্য সভাৰ সভাপতি বিশ্বজিত দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সাধাৰণ সভাখন তত্বগধুৰ ভাষনৰে উদ্বোধন কৰে মাজুলী জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰুৱাই। সভাত, বিগত বৰ্ষৰ কাৰ্যবিৱৰণী পাঠ কৰে সম্পাদক কুমুদ বৰাই। সম্পাদক বৰাই শাখাৰ দুবছৰীয়া কাৰ্যকালৰ খতিয়ান আৰু আয় ব্যয়ৰ প্ৰতিবেদন সভাত দাখিল কৰে। সভাত সাহিত্য সভাৰ সাংগঠনিক দিশত গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে মাজুলী জিলা সাহিত্য সভাৰ উপ- সভাপতি খগেন হাজৰিকা আৰু সাংগঠনিক সম্পাদক সত্যজিত কুম্বাঙে । উক্ত, সাধাৰণ সভাতে আঁহতগুৰি শাখা সাহিত্য সভাৰ নতুন সমিতিখন গঠন কৰা হয়। পৰ্যবেক্ষক তথা মাজুলী জিলা সাহিত্য সভাৰ উপ- সভাপতি খগেন হাজৰিকাৰ পৰ্যবেক্ষণত নতুন সমিতিখন গঠন কৰা হয়। উক্ত, নতুন সমিতিত চন্দ্ৰকান্ত বৰাক সভাপতি, বিষ্ণুপ্ৰসাদ শইকীয়াক উপ সভাপতি, অনিল বৰুৱাক সম্পাদক, বলীন বৰাক সহকাৰী সম্পাদক হিচাপে লৈ ৩১ জনীয়া নতুন শাখা সাহিত্য সভাৰ সমিতিখন গঠন কৰা হয়। উক্ত, সভাত নৱ নিৰ্বাচিত সভাপতি চন্দ্ৰ কান্ত বৰুৱা আৰু সম্পাদক অনিল বৰুৱা সমজুৱাৰ ফালৰপৰা শ্ৰীধৰ বৰা, আনন্দ ওজা আদিয়ে বক্তব্য প্ৰদান কৰে।