নামনি মাজুলীৰ ” মণিকাঞ্চন গোষ্ঠী” ৰ উদ্যোগত জিলা ভিত্তিত দিহানাম প্ৰতিযোগিতা সম্পন্ন : বনগাঁৱৰ জয়া দিহানামৰ দল শ্ৰেষ্ঠ ; মহিলাৰ দ্বাৰা ” শকুনিৰ প্ৰতিশোধ” ভাওনা প্ৰদৰ্শন:
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- নামনি মাজুলীৰ অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান ” মণিকাঞ্চন গোষ্ঠীৰ উদ্যোগত, নামনি মাজুলীৰ ৰাইজৰ সহযোগত আজি মাজুলী জিলা ভিত্তিত মহিলাৰ দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হয়। নামনি মাজুলীৰ বালিচাপৰি মিলিত কৃষ্টি সংঘৰ প্ৰেক্ষাগৃহত আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা উক্ত দিহানাম প্ৰতিযোগিতাত মাজুলীৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচিত কুৰিটা মহিলাৰ দিহানাম দলে অংশগ্ৰহণ কৰে। উক্ত, জিলা ভিত্তিত দিহানাম প্ৰতিযোগিতা উপলক্ষে আজি পুৱা পৰিৱেশ নিকাকৰণৰ পাছত গছপুলি ৰোপণ কৰে ৬৫ নং বালিচাপৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মণিকুমাৰ পামেগামে । গোষ্ঠীৰ পতাকা উত্তোলন কৰে মণিকাঞ্চন গোষ্ঠীৰ সভাপতি পংকজ মহন্তই । তাৰপিছত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব মণিকাঞ্চন গোষ্ঠীৰ সাংস্কৃতিক সম্পাদিকা পূৰ্ণিমা বৰাই। ছাত্ৰ নেতা ৰংগৰস মহন্তই আঁত ধৰা উক্ত দিহানাম প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত প্ৰতিযোগিতাৰ মঞ্চ মুকলি কৰি দিহানাম পৰিৱেশন কৰে মণিকাঞ্চন গোষ্ঠীৰ দিহানাম দলে । প্ৰতিযোগিতাখন উদ্বোধন কৰে মাজুলী জিলা দিহানাম গৱেষণা আৰু সংৰক্ষণ পৰিষদৰ উপ সভাপতি লক্ষ্য গায়নে।

উক্ত প্ৰতিযোগিতাখন সঞ্চালনা কৰে মাজুলী জিলা দিহানাম গৱেষণা আৰু সংৰক্ষণ পৰিষদৰ সম্পাদক গোলাপ বৰুৱাই । প্ৰতিযোগিতাত বিচাৰক হিচাপে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক যতীন শইকীয়া, দিনাৰাম বৰা, অজিত গায়ন, ৰঞ্জিত হাজৰিকাই অংশগ্ৰহণ কৰে। উক্ত, জিলা ভিত্তিত মহিলাৰ দিহানাম প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে বনগাঁও পুখুৰীপৰীয়া জয়া দিহানামৰ দল, দ্বিতীয় স্থান লাভ কৰে পূৱ মাজুলীৰ সন্মিলিত দিহানামৰ দল, তৃতীয় স্থান লাভ কৰে বিৰিণাবাৰীৰ মনোৰমা দিহা নামৰ দলে। উদগনি বঁটা লাভ কৰে কমলাবাৰী পুষ্পাঞ্জলি দিহানাম দল, বিচাৰকৰ বিশেষ বঁটা লাভ কৰে লখিমপুৰ জিলাৰ ভক্তিপ্ৰাণ দিহানাম দলে। শ্ৰেষ্ঠ নামতিৰ বঁটা লাভ কৰে কমাৰগাঁৱৰ শঙ্কৰ জ্যোতি দিহানাম দলৰ জোনালী কলিতাই। সন্ধিয়া ৬.০০ বজাত মিলিত কৃষ্টি সংঘৰ সভাপতি প্ৰকাশ প্ৰসাদৰ সভাপতিত্বত বঁটা বিতৰণী সভাখন অনুষ্ঠিত হয়। সন্ধিয়া আঠ বজাৰ পৰা মণিকাঞ্চন গোষ্ঠীৰ মহিলা শিল্পীসকলে ” শকুনিৰ প্ৰতিশোধ”ভাওনা প্ৰদৰ্শন কৰে। উক্ত, ভাওনা উদ্বোধন কৰে মাজুলী মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক তুলসী ৰাজখোৱাই । উক্ত, ভাওনাখনত মহিলা শিল্পীসকলে অতি উন্নত মানৰ নিখুঁত অভিনয় কৰি দৰ্শকক আপ্লুত কৰে।
