নামনি মাজুলীৰ বালিচাপৰি আৰু চিলাকলা সমল কেন্দ্ৰৰ উদ্যোগত শিক্ষণ শিকণ সামগ্ৰীৰ প্ৰদৰ্শন আৰু প্ৰতিযোগিতা ; ১৯ খন বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰীয়ে প্ৰদৰ্শন কৰিলে সুন্দৰ শৈক্ষিক সমলঃ
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- নামনি মাজুলীৰ খাৰজানপাৰ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ বাকৰিত আজি শিক্ষন শিকণ সামগ্ৰীৰ প্ৰদৰ্শনৰে মুখৰিত হৈ পৰিল। মাজুলী শিক্ষা খণ্ডৰ অন্তৰ্গত নামনি মাজুলীৰ বালিচাপৰি আৰু চিলাকলা সমল কেন্দ্ৰৰ উদ্যোগত মণ্ডল পৰ্যায়ৰ শিক্ষণ আৰু শিকণ সামগ্ৰীৰ প্ৰদৰ্শন আৰু প্ৰতিযোগিতা অনুষ্ঠিত হয়। বালিচাপৰি আৰু চিলাকলা মণ্ডলৰ ১৯ খন বিদ্যালয়ৰ শিক্ষক – শিক্ষয়িত্ৰীসকলে অংশগ্ৰহণ কৰা এই শিক্ষন শিকণ সামগ্ৰী প্ৰদৰ্শন আৰু প্ৰতিযোগিতাত বিদ্যালয়সমূহৰ শিক্ষক, শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলে সৃজনীশীল প্ৰতিভাৰে নিৰ্মাণ কৰা শ শ শিক্ষণ শিকণ সামগ্ৰী প্ৰদৰ্শন কৰা হয়। এই প্ৰদৰ্শন আৰু প্ৰতিযোগিতাত দুয়োটা সমল কেন্দ্ৰৰ অধীনস্থ ১৯খন বিদ্যালয়ৰ শিক্ষক – শিক্ষয়িত্ৰীসকলে যোগদান কৰে। চিলাকলা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক ৰূপজ্যোতি শইকীয়াই আঁত ধৰা শিক্ষন আৰু শিকণ সামগ্ৰীৰ প্ৰদৰ্শন আৰু প্ৰতিযোগিতা উদ্বোধন কৰে গড়মূৰ পীতাম্বৰ দেৱ গোস্বামী মহাবিদ্যালয়ৰ প্ৰৱক্তা যদু কলিতাই।
অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে শৈক্ষিক শিক্ষণ সামগ্ৰীৰ আৱশ্যকতা সন্দৰ্ভত তত্বগধুৰ ভাষণ প্ৰদান কৰে মাজুলীৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া পদ্মেশ্বৰ বৰাই। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে খাৰজানপাৰ জনজাতি হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰবীণ সৰকাৰ, বালিজান আৰু গোৱালগাঁও শৈক্ষিক মণ্ডল সমন্বয়ক সপোন দত্তই ভাষণ প্ৰদান কৰে । প্ৰদৰ্শন আৰু প্ৰতিযোগিতাৰ বিচাৰক হিচাপে মাজুলী শৈক্ষিক খণ্ডৰ সমল শিক্ষক বসন্ত বৰা আৰু গিৰীশ তামুলীয়ে অংশগ্ৰহণ কৰে। এই শিক্ষন আৰু শিকণ সামগ্ৰীৰ প্ৰতিযোগিতাত বালিচাপৰি মণ্ডলৰ পৰা পুৰণা চাপৰি প্ৰাথমিক বিদ্যালয় , ১৪৯ নং নতুন চাপৰি প্ৰা:বি: , খকণগুৰি প্ৰা:বি: , হয় ২১ নং চিলাকলা কৈৱৰ্ত প্ৰা:বি: , ফিচাৰিআটী প্ৰা: বি: , ৬৫ নং বালিচাপৰি প্ৰা: বি : , পহুমৰা কৈৱৰ্ত প্ৰা:বি: , ৮১ নং পাৱনা পহুমৰা প্ৰা:বি: , শংকৰ দেৱ মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক – শিক্ষয়িত্ৰীসকলে যোগদান কৰে। প্ৰতিযোগিতাত চিলাকলা মণ্ডলৰ পৰা যোগদান কৰা বিদ্যালয় সমূহ হৈছে চিতাদাৰ বোকোৰা প্ৰা:বি: , মালিৰাম কামান প্ৰা: বি: , ১ নং বৰুণচুক প্ৰা: বি: ২ নং বৰুণচুক প্ৰা: বি: , ১ নং বালিগাঁও প্ৰা :বি: , ১ নং বৰগঞা প্ৰা: বি: , ৮২ নং বৰগঞা প্ৰা: বি: , ২২ নং কাকৰিকটা প্ৰা: বি: , আউনীআটী বিষ্ণুদেৱ মধ্য ইংৰাজী বিদ্যালয় আৰু বৰুণ চিতাদাৰ বৰলুইত জনজাতি মধ্য ইংৰাজী বিদ্যালয় ।
শৈক্ষিক শিকণ সামগ্ৰীৰ প্ৰতিযোগিতাত বালিচাপৰি মণ্ডলৰ ৮১ নং পাৱনা পহুমৰা প্ৰাথমিক বিদ্যালয়ে প্ৰথম স্থান, ৬৫ নং বালিচাপৰি প্ৰাথমিক বিদ্যালয়ে দ্বিতীয় আৰু পহুমৰা কৈৱৰ্ত প্ৰাথমিক বিদ্যালয়ে তৃতীয় স্থান দখল কৰে। প্ৰতিযোগিতাত চিলাকলা মণ্ডলৰ ২ নং বৰুণচুক প্ৰাথমিক বিদ্যালয়ে প্ৰথম স্থান , ২২ নং কাকৰিকটা প্ৰা: বি: দ্বিতীয় স্থান আৰু মালিৰাম কমান প্ৰাথমিক বিদ্যালয়ে তৃতীয় স্থান দখল কৰে। অনুষ্ঠানত স্থান প্ৰাপ্ত প্ৰতিযোগী , বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক পুৰস্কাৰ প্ৰদান কৰা হয়। শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা সমবেত সংগীতৰে শুভাৰম্ভ হোৱা সভাখনত নিভাৰাণী ভঁৰালীয়ে পৰিৱেশন কৰা আধুনিক নৃত্যয়ে সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। অনুষ্ঠানত শলাগ জ্ঞাপন কৰে সমল ব্যক্তি ৰূপজ্যোতি শইকীয়াই।