নামনি মাজুলীৰ চিৰামপুৰীয়াৰ প:ৰাগ উৎসৱত লোকে- লোকাৰণ্য
উদুলি মুদুলি সমগ্ৰ কৰতিপাৰ অঞ্চল ; স্মৃতি গ্ৰন্থ “প:ৰাগ ” উন্মোচন

বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলী জিলাৰ নামনি মাজুলীৰ কৰতিপাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত চিৰাম পুৰীয়া গাঁৱৰ প:ৰাগ উৎসৱৰ দ্বিতীয় দিনা আজি লোকে লোকাৰণ্য হৈ পৰে। বিস্তৃত কাৰ্যসূচীৰে কালিৰ পৰা পাঁচ দিনীয়াকৈ আৰম্ভ হোৱা উক্ত প:ৰাগ উৎসৱত আজি আমন্ত্ৰিত কৃষ্টি দলৰ সাংস্কৃতিক অনুষ্ঠানে প:ৰাগ উৎসৱ থলী আজি মুখৰিত হৈ পৰিছে।

প:ৰাগ উৎসৱৰ আজি দ্বিতীয় দিনা উৎসৱ থলীত পৰিৱেশ নিকাকৰণৰ পাছত এগ মান্নাম আৰু গুমৰাগ নৃত্য প্ৰদৰ্শন কৰা হয়। তাৰপিছত গাঁৱৰ জী- জোঁৱাই -সকলৰ সেৱা গ্ৰহণৰ পিছত প:ৰাগ উৎসৱৰ স্মৃতি গ্ৰন্থ উন্মোচন কৰে ৰঙাচাহী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ দুৰ্লভ পেগুয়ে । উক্ত , উন্মোচনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক আনন্দ টায়ুং, লক্ষীন্দৰ দলে, হৰেন বৰুৱা, খগেন হাজৰিকা, দেৱৰাম দলে, বুদ্বিন পেগু , সাংবাদিক যদু কলিতাই অংশগ্ৰহণ কৰে।

বিয়লি দুই বজাৰ পৰা প:ৰাগ উৎসৱলৈ আমন্ত্ৰণ জনোৱা কৃষ্টি দল ওখল চুক আৰু মহৰিচুক কৃষ্টি দলে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে । আমন্ত্ৰিত কৃষ্টি দলক বিদায় জনোৱাৰ পিছত সন্ধিয়া বৰ্ণাঢ্য সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হয়। উক্ত সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে পূৱ ডিক্ৰং মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক কমল মিলিয়ে । উক্ত, সাংস্কৃতিক সন্ধিয়াত শিল্পী ৰিয়ান ৰাজ আৰু অৱনী মিলিয়ে গীত পৰিৱেশন কৰে। হেজাৰ হেজাৰ লোকে উক্ত সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰে।

প:ৰাগ উৎসৱৰ কাইলৈ ১৩ মাৰ্চত পুৱা এগ মান্নাম আৰু গাঁৱৰ জীয়ৰী আৰু জোঁৱাই -সকলৰ অনুষ্ঠান, কৃষ্টি দলৰ সাংস্কৃতিক অনুষ্ঠান, মিনম অ:পেক বিদায় অনুষ্ঠান আৰু সন্ধিয়ালৈ স্থানীয় শিল্পীসকলে সাংস্কৃতিক অনুষ্ঠান ৰূপায়ন কৰিব। ১৪ মাৰ্চত পুৱা এগ মান্নাম আৰু গাঁৱৰ বোৱাৰীসকলৰ অনুষ্ঠান, গাঁৱৰ বয়োজ্যেষ্ঠসকলৰ লগত প্ৰীতি ভোজ আৰু সন্ধিয়া স্থানীয় শিল্পীসকলে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব।

১৫’ মাৰ্চত এগ মান্নাম আৰু ৰজাঘৰীয়া বিষয়ববীয়াসকলৰ প্ৰীতি ভোজ আৰু ৰজাঘৰীয়া বিষয়ববীয়াসকলৰ বিদায় পৰ্ব অনুষ্ঠিত হ’ব। সেইদিনা সন্ধিয়া সামূহিক বন্তি প্ৰজ্বলনেৰে পাঁচ দিনীয়া প:ৰাগ উৎসৱৰ সামৰণী পৰিব। উক্ত,প:ৰাগ উৎসৱৰ সুদৃশ্য মূল আদৰণী তোৰণ, মুৰং ঘৰ আদিয়ে সকলোকে মুগ্ধ কৰিছে। সমগ্ৰ কৰিতিপাৰ অঞ্চলটো উক্ত প:ৰাগ উৎসৱৰ বাবে উৎসৱ মুখৰ হৈ পৰিছে।
