নামনি মাজুলীত অঘটন ; ব্ৰহ্মপুত্ৰৰ সুঁতি পাৰ হওতেই নাওৰ পৰা পৰি মৃত্যু জাতীয় বিদ্যালয়ৰ শিক্ষক উৎপল শইকীয়া

নামনি মাজুলীত অঘটন ; ব্ৰহ্মপুত্ৰৰ সুঁতি পাৰ হওতেই নাওৰ পৰা পৰি মৃত্যু জাতীয় বিদ্যালয়ৰ শিক্ষক উৎপল শইকীয়া ;

ঘটনাস্থলীত দুই ঘন্টা পলমকৈ উপস্থিত হোৱা এছ ডি আৰ এফৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ প্ৰকাশঃ মৃতদেহ উদ্ধাৰঃ

বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলীৰ গড়মূৰ আৰক্ষী থানাৰ অন্তৰ্গত নামনি মাজুলীৰ কৰদৈগুৰিত  এক শোকাবহ নাও দুৰ্ঘটনা সংঘটিত হয়। নাওৰ পৰা পৰি নামনি মাজুলী জাতীয় বিদ্যালয়ৰ শিক্ষক তথা ভালুকমৰা গাঁৱৰ সৰবৰহী, অমায়িক যুৱক উৎপল শইকীয়া ওৰফে গোবিন শইকীয়া ( জান) ৰ’ সলিল সমাধি ঘটে।  পুৱা ৫ .৩০ বজাতে উক্ত মৰ্মান্তিক দুৰ্ঘটনাটো সংঘটিত হয়। ঘটনাৰ তথ্যমতে আজি পুৱা পাঁচ বজাতে উৎপল শইকীয়াই তেওঁৰ ভিনিহিয়েক , মধ্য মাজুলীৰ গেৰেকী পোহাৰদিয়া গাঁৱৰ বিচিত্ৰ বৰাৰ লগত কৰদৈগুৰি চাপৰিৰ পৰা এহাল ডমৰা গৰু আনিবলৈ গৈছিল। উৎপল শইকীয়া নিজৰ ঘৰত কালি আহি ভিনিহিয়েক বিচিত্ৰ বৰাই ৰাতি আছিল। উৎপলৰ ভিনিহিয়েক বিচিত্ৰ বৰাই কৰদৈগুৰিৰ নিবাসী হাঁহিৰাম বৰাৰ পৰা ব্যৱসায়সুত্ৰে এহাল ডমৰা গৰু ক্ৰয় কৰিছিল।  হিৰাম বৰাৰ গৰু খুটি আছিল কৰদৈগুৰিৰ চাপৰিত ।  পুৱাতে উৎপল, হাঁহিৰাম বৰা আৰু বিচিত্ৰ বৰাই এখন সৰু নাও লৈ কৰদৈগুৰিৰ চাপৰিলৈ গৈছিল। কৰদৈগুৰিৰ সন্মুখত থকা ব্ৰহ্মপুত্ৰ নদীৰ সুঁতি নাওত পাৰ হৈ কৰদৈগুৰিৰ চাপৰিৰ পৰা হাহিৰাম বৰাৰ ডমৰা গৰু হাল লৈ আনিছিল। ব্ৰক্ষ্মপুত্ৰৰ সুঁতিত গৰু হালৰ ৰছীত ধৰি তিনিওজন সৰু নাও খনৰে আহি আছিল। নদীখনৰ কৰদৈগুৰিৰ দিশে বিশ মিটাৰ মান থাকোঁতেই গৰু হালে আমনি কৰাত হাঁহিৰাম বৰা আৰু ভিনিহিয়েক বিচিত্ৰ বৰাই ৰছী টানি ধৰাত সৰু নাওখন হেলনীয়া হৈ পৰে। নাওৰ গুৰিত বহি নাও বাই অহা উৎপল হঠাৎ নাওৰ পৰা চিটিকি নদীত পৰি যায়। নদীৰ প্ৰৱল সোঁতে উৎপলক তৎক্ষণাৎ বহু দূৰলৈ উটুৱাই লৈ যায় আৰু উৎপল পানীত ডুব যায়। উৎপলৰ ভিনিহিয়েক বিচিত্ৰ বৰা আৰু গৰুৰ গিৰিহঁত হাঁহিৰাম বৰা নাওখন লৈ যেনেতেনে কৰদৈগুৰিৰ পাৰত উপস্থিত হয়। দুয়োজন অৰ্ধ অচেতন অৱস্থাত পাৰত ধৰফৰাই থাকে। ঘটনা সংঘটিত হোৱা অঞ্চলত ৰাইজ সমবেত হৈ দুয়োজনক গড়মূৰ জিলা চিকিৎসালয়লৈ লৈ যায়।আনহাতে, উৎপলক বিচাৰি কৰদৈগুৰি, ভালুকমৰা, কাৰ্গিল, পমুৱা, মহৰিচুকৰ ৰাইজে নদী চলাথ কৰে। নদীখনৰ পানীৰ গভীৰতা আৰু সোঁতৰ গতি তীব্ৰ হোৱাত ৰাইজে উৎপলৰ কোনো উৱাদিহ উলিয়াব নোৱাৰিলে। কিন্তু, উৎপল নদীৰ পানীত পৰি যোৱা মূহুৰ্ততে স্থানীয় ৰাইজে মাজুলীৰ অগ্নি নিৰ্বাপক আৰু আপতকালীন বিভাগক খবৰ দিয়ে। আপতকালীন বিভাগৰ তৰফৰ পৰা এছ ডি আৰ এফ গৈ আছে বুলি স্থানীয় ৰাইজক বিভাগটোৰ তৰফৰ পৰা জানিবলৈ দিয়ে। ৰাইজে এছ ডি আৰ এফ বাহিনী অহালৈ গভীৰ আশাৰে বাট চাই আছিল। কিন্তু, প্ৰায় দুই ঘন্টাৰ পাছত এখন সৰু নাও গাড়ীত তুলি এছ ডি আৰ এফ কৰদৈগুৰিৰ দুৰ্ঘটনা স্থলীত উপস্থিত হয়। ৰাইজে খং, ক্ষোভ,বেজাৰত অতিষ্ঠ হৈ এছ ডি আৰ এফ বাহিনীক আগুৰি ধৰি জবাবদিহি কৰে। কেইজনমান শোকত ম্ৰিয়মান যুৱকে এছ ডি আৰ এফলৈ চোচা লৈ আৰু এছ ডি আৰ এফ বাহিনীক কৰ্কথনা কৰে । ঘটনাস্থলীত মাজুলীৰ আৰক্ষী প্ৰশাসন, বালিচাপৰি আৰক্ষী আউত পোষ্টৰ আৰক্ষী আৰু গড়মূৰ সদৰ আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ নিয়ন্ত্ৰণ কৰে। তাৰপিছত এছ ডি আৰ এফ বাহিনীৰ ডুবাৰুয়ে ঘটনাস্থলীত উৎপলৰ মৃতদেহৰ অনুসন্ধান কৰে । এছ ডি আৰ এফ বাহিনীৰ ডুবাৰুয়ে সমগ্ৰ অঞ্চলটোত পানীত বুৰ মাৰি অশেষ কষ্ট কৰি দীৰ্ঘ সময় উৎপলৰ মৃতদেহৰ অনুসন্ধান কৰে। বাহিনীটোয়ে বহুত সময় অনুসন্ধান কৰাৰ পিছত বিয়লি চাৰিমান বজাত ঘটনাস্থলীৰ পৰা অলপ নামনিৰ দ পানীত উৎপলৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উৎপলৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগেই সমগ্ৰ অঞ্চলটোৰ ৰাইজে দুখ বেজাৰত কান্দি উঠে। পাছত উৎপলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গড়মূৰ জিলা চিকিৎসালয়লৈ লৈ যায়। মৰণোত্তৰ পৰীক্ষাৰ পাছত সন্ধিয়া সাত বজাত উৎপলৰ মৃতদেহ ভালুকমৰাৰ নিজা গৃহলৈ অনা হয় আৰু ৰাইজে চকুলো টুকি টুকি উৎপলৰ মৃতদেহ সৎকাৰ কৰে । উল্লেখযোগ্য যে উৎপল শইকীয়া নামনি মাজুলী জাতীয় বিদ্যালয়ত হিন্দী শিক্ষক আছিল। হিন্দী বিষয়ত তেওঁ বিদ্যালয়খনত প্ৰায় ন বছৰ শিক্ষকতা কৰিছিল। চলিত বৰ্ষত উৎপলে বিবাহ পাশত আৱদ্ধ হ’বলৈও যো জা চলাইছিল বুলি জানিব পৰা গৈছে। সমগ্ৰ অঞ্চলটোৰ এজন অমায়িক, নিৰ্জু , নম্ৰ, বিনয়ী যুৱক তথা শিক্ষক উৎপল শইকীয়াৰ মৃত্যুত নামনি মাজুলীত গভীৰ শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত তেওঁ তিনিজন জ্যেষ্ঠ ভাতৃ,নবৌয়েক আৰু কেইবাজনো ভতিজাক ইহ সংসাৰত এৰি থৈ গৈছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৩৫ বছৰ। মাজুলী মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ উৎপলৰ অকাল মৃত্যুত আজি মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দেৱজিত শইকীয়াৰ লগতে মহাবিদ্যালয় কতৃপক্ষ, নামনি মাজুলী জাতীয় বিদ্যালয় , স্থানীয় বিভিন্ন ব্যক্তি, অনুষ্ঠান- প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে।