নামনি অসমৰ কাঁশিডবাত বঙাইগাঁও জিলা শাখাৰ উদ্যোগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ তম সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ

নামনি অসমৰ কাঁশিডবাত বঙাইগাঁও জিলা শাখাৰ উদ্যোগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ তম সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ

ৰঙিলী বাৰ্ত্তাসেৱা- জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ নিৰ্দিষ্ট দিনটোত নামনী অসমৰ প্ৰতিটো জিলা ক্ৰমে বঙাইগাঁও, বৰপেটা, নলবাৰী,বাক্সা,চিৰাং, কোকৰাঝাৰ, ধুবুৰী,দক্ষিণ শালমাৰা আৰু গোৱালপাৰা জিলা সমূহত থকা প্ৰতিটো নামঘৰ -সত্ৰ, মঠ-মন্দিৰ আদিত বিভিন্ন কাৰ্যসূচীৰে বিশেষ উলহ মালহ ভাবে পালন কৰাৰ পিছত নামনি অসমৰ মাতৃ জিলা তথা উত্তৰ পূব ভাৰতৰ অন্যতম সৰ্ববৃহৎ ধৰ্মীয়,সামাজিক,সাংস্কৃতিক, শৈক্ষিক আৰু জাতীয় সংগঠন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ উদ্যোগত জগত গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যাক আবিৰ্ভাৱ মহোৎসৱ আৰু জিলা শিশু ,যুৱ আৰু আই -মাতৃ সমাৰোহ ভাগি আজিৰ পৰা তিনিদিনীয়াকৈ বিভিন্ন কাৰ্য্যসূচীৰে পালন কৰাৰ আৰম্ভ কৰিছে।প্ৰাপ্ত তথ্য মতে বঙাইগাঁও জিলা শাখাৰ নামঘৰ আৰু কাৰ্য্যালয় কাশীডবা আজি ৰাতিপুৱা সেৱা বাহিনীৰ পৰিৱেশ নিকাকৰণ ,প্ৰাতঃ প্ৰসংগ ,মূল তোৰণ উন্মোচন ,মূল মঞ্চ উন্মোচন ,সমূহীয়া নাম প্ৰসংগ বৃক্ষৰোপণ ,চিকিৎসা শিবিৰ আৰু জিলা শিশু আই মাতৃ কল্যান সমিতি এওঁ জিলা সেৱা বাহিনী সাধাৰণ পৰিষদৰ সভাখন অনুষ্ঠিত হয়।সন্ধিয়া নাম প্ৰসংগৰে দিনটোৰ কাৰ্য্যসূচী সামৰণি পৰে।অহা কাইলৈ ১৬ অক্টোবৰত ৰাতিপুৱা প্ৰাতঃ প্ৰসংগ ,পৰিৱেশ নিকাকৰণৰ পিছতেই জিলা সভাপতি অতুল চন্দ্ৰ দাস বাপে সংঘৰ ধৰ্মধ্বজা উত্তোলন কৰিব।আৰু ৰাতিপুৱা ১০.০০বজাত ভাগৱত শোভাযাত্ৰা আৰু দিনৰ ১১.০০বজাত জিলা সভাপতি অতুল চন্দ্ৰ দাস বাপৰ সঞ্চালনাত অনুষ্ঠিত হবলগীয়া ধৰ্মলোচনী সভা উদ্বোধন কৰিব থ্ৰীপছ কঁপাৰেটিভ চচাঁইটি লিমিটেড ৰ বঙাইগাঁও শাখাৰ সভাপতি ডাঃ প্ৰতাপ চন্দ্ৰ মেধি বাপ আৰু উক্ত সভাত উপস্থিত থাকিব সাংসদ ফণীভূষণ চৌধুৰী বাপ,ভাগৱত বাখ্যাকাৰ ৰনতু শইকীয়া বাপ,কেন্দ্ৰীয় সাহিত্য শাখাৰ সভাপতি ডাঃ জগত চন্দ্ৰ কলিতা বাপ,কে এ চি ৰ মুখ্য কাৰ্য্যবাহী সদস্য জীবেশ ৰায় বাপ,কৃষ্ণ কিংকৰ খতিয়ানাৰ বাপ ,কে এ চি সদস্য অতুল ৰায় বাপ ,হৰিচন্দ্ৰ ৰায় বাপ,কামিনি বৰ্মন আই ,অখিল ৰায় বাপ,নিৰেন চন্দ্ৰ ৰায় বাপ আদিয়ে। পিছদিনা ১৭ অক্টোবৰত সাহিত্য শাখাৰ আৰু সংস্কৃতি শাখাৰ প্ৰতিযোগিতা অনুষ্ঠিত হব। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানত অভিনেত্ৰী নৰ্মদা দাসৰ অংশগ্ৰহণত গীত নৃত্য আদি পৰিবেশন কৰিব।