নামঘোষাৰ বিষয়ে চমুকৈ
মুন শৰ্মা, লখিমপুৰ
নামঘোষা,, মহাপুৰুষ মাধৱদেৱৰ সৃষ্টি এই অনুপম গ্ৰন্থ খনৰ নাম নুশুনা মানুহ সম্ভৱ নোলাব।কিন্তু নামঘোষা নামৰ গ্ৰন্থ খনত নো কি আছে বা ইয়াৰ দ্বাৰা মানৱ জাতিৰ জানি,বুজি,শিকি কি উপকাৰ হয় সেইটো খুব কম সংখ্যক মানুহেহে জানে। সেয়ে আহক চোন আজি “নামঘোষা”বিষয়ে অকণমান কিছু কথা সাধাৰণ ভাবে আৰু চমুকৈ জানিব চেষ্টা কৰো।প্ৰথমেই উল্লেখ কৰিব লাগিব যে নামঘোষা এনে এখন গ্ৰন্থ য’ত মানৱতা, আধ্যাত্মিকতা, ঐক্য শিল্প,কলা,কৃষ্টি,প্ৰেম,নৈতিকতা , সাহিত্য, সভ্যতা, সংস্কৃতি, বিজ্ঞান, দৰ্শন, আদিৰে উপচি থকা এক অপূৰ্ব সমাহাৰ। ইয়াত ভাগৱত গীতা, বিভিন্ন পুৰাণ, নাৰদ সংহিতা আদিকে ধৰি বিভিন্ন শাস্ত্ৰৰ কথা উল্লেখিত হৈ আছে। আকৌ এই গ্ৰন্থ খনৰ যোগেদিয়েই মাধৱদেৱে এক ঈশ্বৰ ভক্তি বাদ প্ৰতিষ্ঠা কৰিছে। অন্যহাতে মহাপুৰুষ জনে অজ্ঞান আন্ধাৰত বুৰ গৈ থকা মানৱ জাতিক পোহৰৰ বাট দেখুৱাই বিশ্বৰ মানৱ জাতিৰ কল্যাণৰ বাবে বিজ্ঞানেৰে আলোকিত কৰাৰ চেষ্টা কৰিছে। ইয়াৰ উপৰিও মানুহৰ মোহ, ক্ৰোধ, অহংকাৰ আদিক জ্ঞানবোধ বিবেকেৰে নিয়ন্ত্ৰণ কৰিব যে পৰা যায় তাক বাট দেখুৱাই নামঘোষাৰ জৰিয়তে প্ৰেৰণা যোগাই।নামঘোষা এনে এখন গ্ৰন্থ যাক আধ্যাত্মিক বিজ্ঞান পুথি বুলিও ক’ব পৰা যায়,কিয়নো গ্ৰন্থ খনৰ পাতে পাতে খোদিত হৈ আছে মানৱ জীৱনৰ বাবে প্ৰয়োজনীয় আধ্যাত্মিকতা আৰু নৈতিকতাৰ পাঠ।এই নামঘোষা ফলতেই মাধৱদেৱক চিহ্নিত কৰিব পাৰি যে তেখেত কিমান বিজ্ঞান সচেতন ব্যক্তি আছিল আৰু বৈজ্ঞানিক চিন্তা কৰ্মৰ ধাৰক- বাহক আছিল।তেখেতৰ উৎকৃষ্ট চিন্তাৰ প্ৰতিফলনেই হ’ল নামঘোষাৰ মূল।এয়াই সাধাৰণ অৰ্থত নামঘোষা যাৰ বিষয়ে এটা সৰু লেখাত সকলো সামৰি লিখাতো অসম্ভৱ।জুকীয়াই যদি আমি গৈ থাকোঁ বা ভাবি গৈ থাকোঁ তেন্তে ইয়াৰ ব্যাখ্যা অন্ত নহৈ বহল হৈ গৈ থাকে। ইয়াৰ আছে এটাবিশ্বজনীন আবেদন। অসম অসমীয়াই নহয় পৃথিৱীৰ জাতি বৰ্ণ, ধৰ্ম নিৰ্বিশেষে উপযোগী, আদৰৰ অতুলনীয়, শাস্ত্ৰ শাৰীত ৰাখিব পৰা এখন মহান গ্ৰন্থ হ’ল নামঘোষা।