নানা ৰঙী ফাগুন-কবিতা শৰ্মা

নানা ৰঙী ফাগুন

উৰুঙা পথাৰখনৰ মাজৰ ধূলিয়ৰি বাটটোৰে লাহে লাহে খোজ দি আগবাঢ়িছিল ষোড়শী গাভৰু জনী হঠাতে ক’ৰ পৰানো বাউলী বতাহ জাক আহি খহালে তাইৰ বুকুৰ আচল ! দীঘল চুলিকোচাও কৰি তুলিলে খেলিমেলি ! লাজত ৰঙা পৰি ইফালে সিফালে চালে তাই । ফাগুনৰ পছোৱা বতাহ জাকে গুপুতে গুপুতে ছটিয়াই গ’ল মৰম ভালপোৱাৰ ৰংবোৰ …বুজিও নুবুজা এক অবুজ অনুভবৰ গুঞ্জন …যেন মিচিকিয়ালে যৌৱনৰ ভৰুণ আভৰণ ……

পলাশ শিমলু মদাৰৰ এক মধুৰ আচ্ছাদন .. চৰাইৰ কিচিৰ মিচিৰত সাৰ পাই উঠা কনমানি জনীয়ে অবাক চকুৰে চাই ৰ’ল তল সৰি পৰা পলাশ শিমলু মদাৰ ফুলৰ ৰঙা দলিছা … অবোধ শিশুটিয়ে তাইৰ চুটি চুলি কোচাতে এটি এটি কৈ ফুলবোৰ গুজি ললে। হঠাতে খিলখিল হাঁহিৰে তাই পদূলিমুখলৈ লৰ মাৰিলে । চুলিৰ পৰা এটি এটি সৰু ফুল বাগৰি আহিল । ফুলবোৰ তাতেই পৰি ৰ’ল। বতাহত বিয়পি থাকিল ফুলৰ সৌৰভ ….নিশা হঠাতে পছোৱা বতাহ জাকে বাট হেৰুৱাই বাউলী হ’ল …কৰবাত ঠেকেচি ভাঙিলে নিশাৰ নির্জনতা বালি উৰুৱাই মসৃণ কৰিলে নিজান নদীৰ ঘাট … হু হু ধুমুহাৰ শব্দত টোপনি ভাঙিল । পুৱা দেখো বিৰিণাবনবোৰ হাউলী পৰিছে ৷ মূধচৰ টিং কেইছটা উৰুৱাই পদূলি মুখ পোৱাইছে। বেৰত ওলোমাই ৰখা ফটোখন চূর্ণ-বিচূর্ণ হৈ মাটিত পৰি আছে …

এয়া ফাগুনৰ কিছু ডুখৰীয়া ছবি …. এয়াই ফাগুন … নিলাজ ফাগুন, ৰঙা ফাগুন, বলিয়া ফাগুন, উৰুঙা ফাগুন, উন্মনা ফাগুন, গুণগুণ ফাগুন … ফাগুনৰ সংজ্ঞা কোনে দিব পাৰে ? নানা ৰঙী ফাগুনৰ সংজ্ঞা দিয়া জানো সম্ভব? ফাগুনকতো কোনো সংজ্ঞাৰে সীমাবদ্ধ কৰিব নোৱাৰি । কত কি যে নাম ফাগুনৰ !

এফালে ফাগুন মানেই পচোৱাৰ সৈতে ৰাঙলী হৈ উঠা পলাশ যদাৰ শিমলু,আনফালে ফাগুন মানে তৰাং নদীৰ উচুপি উঠা দুটি পাৰ এফালে ফাগুন মানে উদাস উদং ৰিক্ত ধুলিয়ৰি আকাশৰ কৰুণতা, আনফালে ফাগুন মানেই তেজ ৰঙা আবেলি …. এফালে ফাগুন যদি ৰঙা ফুলৰ দলিছা, তেন্তে আনফালে ফাগুন লঠঙা ডালৰ কৰুণ বিননি … সৰাপাতৰ নিৰ্মম উচুপনি … ফাগুনে যেন যায়া জানে … মায়াবী ফাগুনক শব্দৰ মায়াজালেৰে ধৰি ৰখাতো খুবেই কঠিন । স্ব মহিমাৰে মহিমা মণ্ডিত ফাগুন ! তথাপিও ফাগুন যেন সকলোৰে প্ৰিয় সকলোৱে নিজস্ব ভাবেৰে উপভোগ কৰিব খোজে ফাগুনক ।

শীতৰ সেমেকা পুৱাৰ কুৱঁলী বোৰ আঁতৰাই ধৰাত ভুমুকি মাৰে ফাগুনে। নীৰৱ নিৰ্জন দুপৰীয়াবোৰ, নিয়ৰ সনা নিশা বোৰে ক্ৰমশঃ বিদায় লয় ফাগুনৰ আগমনত। নাথাকে আঘোনৰ সোণালী ধাননি, নাথাকে তুষাৰময় শীতলতা। থাকে মাথো মনপৰশা শীতল বতাহ জাকৰ সৈতে দুবাহু প্ৰসাৰি ঠিয় হৈ থকা গছৰ শাৰীবোৰ । শীতৰ লঠঙা গছবোৰো হঠাৎ মেঘৰ পৰা সৰি পৰা কিনকিনিয়া বৰষুণ জাকত জীপাল হৈ পৰে ৷ পুৱাৰ কোমল ৰ’দজাকে কোমল ৰহণ সানি নীলাভ কৰে ফাগুনীয়া আকাশ। ফাগুনে দি যায় শুণ্যতাৰ বুকুতো ৰং! ফাগুন মানেই যেন ৰঙৰ এক অপূৰ্ব সম্ভাৰ ৷ পলাশ, যদাৰ, শিমলুৰ ৰঙা শিখাই আকাশ বতাহ ছানি ধৰা ৰং । যি ৰং মাথো ফাগুনৰ । জুইৰ শিখা যেন — গন্ধবিহীন অথচ তীব্ৰ ! সেই ৰঙে সকলোৰে মন প্ৰাণ উতলা কৰে, জগাই তোলে শিহৰণ । ফাগুনে ৰঙাই তোলে ৰিক্ত হৃদয়, উদাস আকাশ ।
ফাগুন আহে প্ৰকৃতিৰ নিয়মত । কিন্তু এনে লাগে যেন ফাগুন আহে হৃদয়ৰ বাবে। যেন হৃদয়ৰ নিভৃততম কোণৰ পৰা বাধা নাযানি ওলাই আহে ফাগুন । ফাগুনে যদি কেতিয়াবা মন উৰুঙা কৰে, কেতিয়াবা মন বেদনাৰে ভৰাই তোলে। ফাগুনৰ বা লাগি আকৌ কেতিয়াবা যন হৈ উঠে চঞ্চল … ফাগুনক লৈ কবি, গীতিকাৰ, সুৰকাৰ সকলৰো আছে অবুজ দুর্বলতা। যেন ফাগুনতে ডুব যায় তেওঁলোকৰ অনাবিল অনুভৱ । সেই অনুভৱৰ তেওঁলোকৰ অনাবিল অনুভৱ। সেই অনুভৱৰ পৰাই জন্ম হয় কত বিখ্যাত কবিতা, কত সুমধুৰ গীত … আৰু কত অমৰ সৃষ্টি …

ধুলিৰে দুচকু ঢাকি / অচিনাকী বান্ধবীৰ প্ৰথম দেখাৰ মুহুৰ্ততো খেলিমেলি কৰি দিয়া মোৰ জঘন্য অভ্যাস … ( নবকান্ত বৰুৱা )

ফাগুনে যায়া জানে /ৰাতি হলে শুকান ডালে ডালে /জোন জ্বলি উঠে /হিয়া ভাঙি অমাতৰ মাত যাতে কৰুণ কেতেকীয়ে (হীৰেণ ভট্টাচাৰ্য )

অ’ ফাগুনৰে উতলা বা গুচি যা নজগাবি ফুলকলি উতলা তোৰ পাখি মেলি… (সলীল চৌধুৰী )

সৰা পাতে পাতে ফাগুন নামে পলাশৰে ৰঙ ৰাঙলী (কাজল শৰ্মা)

স্বকীয়াতৰে ভৰপূৰ হলেও ফাগুনৰো কিন্তু আছে বহুত বদনাম । উৰুঙা ফাগুন, ৰিঙা ৰিঙা উদাস ফাগুন, উন্মাদ ফাগুন, বিষন্ন কলিজাৰ বোবা বেদনাৰ আন এক নাম ফাগুন… ৰিক্ততাৰে ভাৰাক্ৰান্ত বুলি বদনামী হলেও ফাগুনে কিন্তু সকলো কাঢ়ি নিনিয়ে। বৰঞ্চ দি যায় আশাৰ বতৰা — সমাগত বসন্তৰ ! ফাগুনৰ সেউজীয়া পাতৰ আলিঙ্গন শুণ্য শুকান ডাল বোৰত উলমি থকা নীৰবতা বোৰতো যেন লুকাই থাকে বাঙ্ময়তা ! কাৰণ সেই নীৰবতাৰ বুকুতে সিঞ্চিত হয় নব সৃষ্টিৰ নতুন অঙ্কুৰ … সৃষ্টিৰ মহাবীজ ….. ফাগুন মানেইতো কেবল চিৰাল ফটা ৰ’দ নহয় । ৰঙা ফাগুনেই তো লৈ আহে সেউজীয়া বসন্তৰ প্রতিশ্রুতি। ফাগুন মানেই যেন এক সৰল বাট, জীৱনৰ বলুকাৰ পৰা বসন্তৰ সেউজ উপত্যকালৈ… আমে মলিয়াব, কঠালে মুচিয়াব, লঠঙা ডালে কুঁহীপাত মেলিব ! তাৰেইতো বতৰা দিয়ে আকাশ ৰঙা কৰি ফুলি উঠা ফাগুনে । ফাগুনৰ লগে লগে হাঁহি ধেমালি আৰু আধ্যাত্মিকতাৰ বীজ সিঁচি আহে ৰঙৰ উৎসব ফাকুৱা … ফাগুন মাহৰ পবিত্ৰ পুৰ্ণিমা তিথিত এই উৎসৱ পালন কৰা হয়। অসমৰ বিভিন্ন সত্ৰত বিশেষকৈ বৰপেটাৰ কীৰ্ত্তন ঘৰৰ প্রাঙ্গণত এই দৌল উৎসৱ অতি উলহমালহেৰে উদ্যাপন কৰা হয়। এই উৎসব অসমৰ বিভিন্ন জাতি – জনগোষ্ঠী, বিশেষকৈ চাহ জনগোষ্ঠীয় সকলে ঘৰেঘৰে বাহীৰ মুখত ফু দি কৃষ্ণবন্দনাৰে কাঠী নৃত্য প্ৰদৰ্শন কৰি গৃহস্থৰ মঙ্গল কামনা কৰে ।

ফাগুন মানেই ৰূপান্তৰ । ফাগুনৰ নাই কোনো স্বজন প্রীতি। হিয়া উজাৰি দুহাত মেলি মাথো দি যায় সকলোকে। মিচিং জনগোষ্ঠীয় সকলেও সেয়েহে প্রতি পহিলা ফাগুনৰ দিনা আলি আই লুগাঙেৰে ফাল্গুনক সম্ভাষন জনাই পদুলি মুখলৈ লৈ আনে। ডেকা – গাভৰুৰ পৰা বুঢ়া-বুঢ়ী লৈকে কাৰো গাত তৰণি নোহোৱা হয়। বেলি লহিয়ালে ফাগুনৰ সতে এবুকু আশা আৰু পাৰ ভঙা উছাহ লৈ নৈৰ দাঁতিত সকলোৱে একেলগে নাচে… গুমৰাগ ঐনিতম। ৰাতি ঐনিতমৰ সুৰবোৰ নৈৰ পৰাত ঠেকা খাই যেন ৰিণিকি ৰিণিকি বাজি উঠে। গীতৰ ভাষাৰেই সেয়েহে কও .. ফাগুন তোমাক জনালোঁ নিমন্ত্রণ তুমি আহিবা আৰু আনিবা অলেখ তোমাৰ ৰং আৰু ৰঙাবা তাৰ বোল ….

বসন্ত নামি অহা ফাল্গুন নামৰ সেই পথটোক জনালোঁ চিৰ স্বাগতম ….

কবিতা শৰ্মা
দিল্লী