নান্দনিক সমাহাৰে ভৰপুৰ ভোগালী
দুলুমণি দেৱী,মাকুম
প্রকৃতিৰ সৈতে সৈতে নিবিড় সম্পর্ক থকা ভোগালী বিহুটি অহাৰ লগে লগে কৃষিজীৱি অসমীয়াৰ দেহ মনত আনন্দৰ জোৱাৰ উঠে ৷ শিৰাই উপসিৰাই জাগ্রত হয় একতা ,ভাতৃত্ববোধ আৰু সম্প্রীতিৰ ভাৱধাৰা ৷ ভোগালীক আদৰিবলৈ সকলো ব্যস্ত হৈ পৰে ৷ বহাগ আহিলে যেনেকৈ ন’কুঁহিপাতে জাতিস্কাৰ হৈ সেউজী হৈ পৰে ধৰণীখন ঠিক তেনেকৈ মাঘ বিহুটি আহিলেও ন ধানেৰে উপচি পৰে ভঁৰালটি,জহা ,বৰা ,শালি লাহী ইত্যাদি ধানেৰে ভৰা ভঁৰালটোত বছৰটোৰ বাবে সাঁচি ৰখা হয় বিহুৰ বাবে বৰা ধানৰ চুঙা চাউল ,মালভোগ ধানৰ চিৰা ইত্যাদি বনাৱলৈ আগতীয়াকৈ উলিয়াই থয় ,কিয়নো বহুতে মাঘত ভঁৰালত হাত নলগায় ,পুনৰ ফাগুনত ধান উলিয়ায় ,কঠীয়া লয় তেতিয়াহে ভঁৰালত হাত লগায় ৷
আধুনিকতাই প্রভাৱ যদিও সমাজত পৰিছে তথাপি আমাৰ বিহুৰ যি পৰম্পৰা ,বিহুৰ যি মাদকতা সেয়া আজিও অটুট আছে আৰু থাকিবই ৷ ভোগালী বিহুৰ উৰুকাৰ দিনা যি ভোজভাত খোৱাৰ পর্ব সেয়াই যুগমীয়া কৰি ৰাখে মৰম স্নেহৰ বন্ধন৷ বিহুৰ আগদিনা গাঁৱৰ ৰাইজে পুখুৰী সিঁচি মাছ ধৰে ,সাধাৰণতে প্রায় মানুহৰ ঘৰতে পুখুৰী থাকে যদিও লগে ভাগে মাছ ধৰাৰ যি আনন্দ সেইয়া সঁচাই অনন্য ৷ ডাঙৰ পুখুৰী হলে দুদিনমান আগৰেপৰা গোটেই ৰাতি মেচিন লগাই পানী সিঁচি পিছদিনা মাছ ধৰে ,আৰু সেই মাছেৰে উৰুকাৰ ভোজভাত খায় ৷ ভোজ ভাত খায় উৰুকাৰ ৰাতি দীঘল মেজি জ্বলোৱা হয় ৷ বর্তমান এই মেজিটো কোনো কোনো ঠাইতহে দেখা যায় কিয়নো আজিকালি ওখ ওখ ঘৰ ,টাৱাৰ ইত্যাদি গঢ় লৈ উঠাৰ বাবে এই দীঘল মেজিটো তুলিবলৈ কিছু অসুবিধা হয় ৷সেয়েহে য’ত মুকলি ঠাই থাকে খেৰ ,শুকান কলপাত ,নৰা ইত্যাদি ব্যৱহাৰ কৰি তাতহে বনোৱা হয়৷ গধুলি সময়ত মেজিটো জ্বলোৱা হয় ,৷ তাত চিঞৰ বাখৰ ,কিৰীলি ,হাঁহি ফুর্তি কৰা হয় তাৰ মাদকতাই সুকীয়া ৷ দীঘল মেজিটোৱে যেতিয়া চৌদিশ পোহৰাই তুলে সকলোৰে মুখত পোহৰে ঢৌ খেলি যায় ৷ঠিক তেনেকৈ বিহুৰ দিনা বাহ, কাঠৰে যি মেজি বনোৱা হয় সেয়াই দাঙি ধৰে আত্মিক সম্পর্ক মেজিৰ কাষত বহি একেলগে চাহ ,জলপান খোৱাৰ উপৰিও কাঠআলু ,মিঠাআলু বইল কৰি খোৱা হয় ,লগতে পিঠা পনা থাকেই , সৰুৱে ডাঙৰক সেৱা কৰে মেজিৰ কাষতে বহি নানা ধৰণৰ ৰং ৰহইচৰ মাজৰে সময়খিনি কটায় ৷বর্তমান সময়ত দেখা পোৱা ভোগালী মেলাসমুহে বিহুৰ গুৰুত্ব তথা প্রসাৰতা বৃদ্ধি কৰাহে দৃষ্টিগোচৰ হয় ৷ কিয়নো অসমৰ বাহিৰেও বেলেগ ৰাজ্যৰ মানুহে ভোগালী মেলা চাবলৈ আহে আৰু ভোগৰ সামগ্রীবিলাক ক্রয় কৰি জুতি লোৱাৰ এক সুন্দৰ সুযোগ মিলে ,বিভিন্ন ধৰণৰ পিঠা পনা জা জলপান ৰ সোৱাদ লোৱাৰ সুবিধাই অসমীয়া সংস্কৃতি চহকী কৰাতো সহায় কৰে। যি কি নহওক প্রকৃতিৰ লগত সম্পর্ক থকা বিহুৰ সৌন্দর্য সঁচাই অতুলনীয়৷
