নাট্যযোদ্ধা ৰতন থিয়ামৰ বিয়োগত শোকপ্ৰকাশ অসম জাতীয় পৰিষদৰ

নাট্যযোদ্ধা ৰতন থিয়ামৰ বিয়োগত শোকপ্ৰকাশ অসম জাতীয় পৰিষদৰ
‘নাট্যশিল্পৰ মাজেৰে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰান্তীয় পৰিচয়ক সমৃদ্ধ কৰিছিল ৰতন থিয়ামে: অজাপ’

ৰঙিলী বাৰ্ত্তাসেৱা-   ভাৰতৰ কিংবদন্তী নাট্যকাৰ-পৰিচালক ৰতন থিয়ামৰ বিয়োগত শোকপ্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে। এক প্ৰেছবাৰ্তাত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, ‘‘ৰতন থিয়াম ভাৰতীয় নাট্যক্ষেত্ৰৰ উজ্জ্বল নক্ষত্ৰ আৰু মণিপুৰৰ বাবে অমূল্য সম্পদ আছিল। নাট্যশিল্পৰ প্ৰতি থকা তেওঁৰ প্ৰেম, নিষ্ঠা আৰু মণিপুৰী শিল্পৰ প্ৰতি থকা আৱেগে কেৱল বিশ্বৰ নাট্য ঐতিহ্যকেই সমৃদ্ধ কৰাই নহয়, সামগ্ৰিকভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰান্তীয় পৰিচয়কো সমৃদ্ধ কৰিছিল।’’গগৈ আৰু ভূঞাই লগতে কয়, ‘‘বিশ্ব প্ৰেক্ষাপটত ভাৰতীয় নাট্য ঐতিহ্যক স্বকীয় পৰিচয়েৰে উজলাই তুলিছিল বৰেণ্য নাট্য-ব্যক্তিত্ব ৰতন থিয়ামে। ‘পদ্মশ্ৰী’ ৰতন থিয়ামৰ বিয়োগ দেশৰ অভিনয় জগতৰ বাবে বৃহৎ ক্ষতি। ভাৰতৰ নাট্য আন্দোলনৰ প্ৰবাদ-পুৰুষ ৰতন থিয়ামৰ অবৰ্তমানে পূৰাব নোৱৰা শূন্যতাৰ সৃষ্টি কৰিলে৷ ভাৰতীয় থিয়েটাৰৰ এক সোণালী অধ্যায়ৰ স্ৰষ্টা-দ্ৰষ্টা ৰতন থিয়ামলৈ আমি শ্ৰদ্ধাঞ্জলি নিবেদন কৰি শোকাকুল পৰিয়ালবৰ্গ আৰু গুণমুগ্ধসকললৈ সমবেদনা জনাইছোঁ।’’